অসম

assam

Assam flood updates : বানত আক্ৰান্ত ৰাজ্যৰ চাৰি লক্ষাধিক জনতা

By

Published : May 18, 2022, 11:58 AM IST

Updated : May 19, 2022, 9:33 AM IST

death-toll-goes-up-to-8-amit-shah-assures-help-from-centre
বানত মৃত্যু হোৱা লোকৰ সংখ্যা 8 গৰাকীলৈ বৃদ্ধি: ৪.০৩ লাখ লােক ক্ষতিগ্রস্ত

ৰাজ্যত ক্ৰমাৎ অধিক জটিল হৈ পৰিছে বান পৰিস্থিতি(Assam floods 2022) । কপিলীৰ বাঢ়নী পানীয়ে মধ্য অসমৰ বহু অঞ্চলৰ ৰাইজৰ বিপদ বঢ়াইছে । ইফালে বিচ্ছিন্ন দ্বীপত পৰিণত হৈছে ডিমা হাছাও জিলা । ত্ৰিপুৰা, মিজোৰাম, মণিপুৰৰ সৈতে বিচ্ছিন্ন ৰেল যোগাযোগ(Landslides Disrupt Rail connectivity) ৷

গুৱাহাটী, 18 মে’: অসমৰ সম্প্ৰতি বান পৰিস্থিতিত কেন্দ্ৰৰ পৰা সম্ভৱপৰ সকলো সহায়ৰ আশ্বাস দিয়ে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে (Union Home Minister Amit Shah assures Assam of help) ৷ কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে মঙলবাৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ লগত ফোনযোগে অসমৰ সামগ্ৰিক বান পৰিস্থিতিৰ বিষয়ে আলোচনা কৰে । শ্বাহে মুখ্যমন্ত্ৰীগৰাকীৰ লগতে আলোচনা কৰি সকলো সহায় কৰাৰ আশ্বাস দিয়ে ৷

গৃহমন্ত্ৰীয়ে ইংৰাজী আৰু অসমীয়া ভাষাত পৃথকে পৃথকে টুইট কৰি কয় যে অসমৰ কিছু অংশত হোৱা ধাৰাসাৰ বৰষুণৰ পৰিপ্ৰেক্ষিতত সৃষ্টি হোৱা সম্প্ৰতিক পৰিস্থিতিক লৈ চিন্তিত । তেওঁ অসমৰ পৰিস্থিতিৰ বুজ ল'বলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে কথা পাতে ৷ তেওঁ টুইটটোত ইতিমধ্যে এন ডি আৰ এফ দল মোতায়েন কৰাৰ কথা ব্যক্ত কৰি কেন্দ্ৰীয় চৰকাৰৰ পৰা সম্ভৱপৰ সকলো সহায়ৰ আশ্বাস দিয়ে(Amit Shah assures help from Centre in wake of floods) ।

প্ৰতিৰক্ষা মুখপাত্ৰ লেফটেনেণ্ট কৰ্ণেল আংগোম ববিন সিঙে মঙলবাৰে নিশা কাছাৰৰ উপায়ুক্ত কীৰ্তি জল্লিৰ পৰা জৰুৰী অনুৰোধ লাভ কৰাৰ পিছতেই সেনা আৰু মছিমপুৰ গেৰিছনৰ অসম ৰাইফলছৰ জোৱানৰ দুটা দলক জিলাখনৰ বিভিন্ন প্ৰান্তত উদ্ধাৰ অভিযানৰ বাবে প্ৰেৰণ কৰা কথা জানিবলৈ দিয়ে । তেওঁ বানৰ কৱলৰ পৰা জীৱন উদ্ধাৰৰ বাবে দুয়োটা দলে দ্ৰুত আৰু সমন্বিত পদক্ষেপ গ্ৰহণ কৰাৰ কথা জানিবলৈ দিয়ে ৷

অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে সদৰি মঙলবাৰে ওদালগুৰি জিলাত এজন লোকৰ মৃত্যু হৈছে আৰু নগাঁৱত এজন সন্ধানহীন হৈ আছে । ইয়াৰ লগতে ৰাজ্যত বান আৰু ভূমিস্খলনত মৃত্যু হোৱা লোকৰ সংখ্যা 8 গৰাকীলৈ বৃদ্ধি পাইছে । আনহাতে 26 খন জিলাৰ প্ৰায় 4,03,352 লাখ লোকক আৰু 32944.52 হেক্টৰ কৃষিভূমি বানৰ ফলত ক্ষতিগ্ৰস্ত হৈছে ৷

অসমৰ বিভিন্ন জিলাত বানত গৃহহাৰা হোৱা লোকৰ সাহায্যাৰ্থে প্ৰশাসনৰ তৰফৰ পৰা প্ৰায় 89 টা আশ্ৰয় শিবিৰ স্থাপন কৰা হৈছে ৷ এই আশ্ৰয় শিবিৰত 3,749 টা শিশুকে ধৰি প্ৰায় 39,558 লোকে আশ্ৰয় গ্ৰহণ কৰিছে ৷ কপিলীৰ বাঢ়নী পানীয়ে মধ্য অসমৰ বহু অঞ্চলৰ ৰাইজৰ বিপদ বঢ়াইছে । মঙলদৈৰ বৰ আঠিয়াবাৰীত শাকতোলা নদীৰ বাওঁফালৰ মথাউৰিৰ প্ৰায় ১২ মিটাৰ নদীৰ ধলে খহাই নিয়াত অঞ্চলটোৰ বিস্তৃত অঞ্চল বানৰ কৱলত পৰিছে ।

আনহাতে বিচ্ছিন্ন দ্বীপত পৰিণত হৈছে ডিমা হাছাও জিলা । বোকাই পুতি পেলাইছে জিলাখনৰ মাইবাঙৰ এক কিলোমিটাৰ দৈৰ্ঘৰ টানেল । উত্তৰ-পূব সীমান্ত ৰেলৱে জনোৱা অনুসৰি, লামডিং-বদৰপুৰ শাখাৰ ৫০টা স্থানত ভূমিস্খলন হোৱাৰ বাবে দক্ষিণ অসমৰ উপৰি ত্ৰিপুৰা, মিজোৰাম, মণিপুৰৰ সৈতে ৰেল যোগাযোগ বিচ্ছিন্ন হৈ আছে(Landslides Disrupt Rail connectivity) । অৱশ্যে আৱদ্ধ হৈ থকা 2,400গৰাকী ৰেল যাত্ৰীক উদ্ধাৰ কৰা হৈছে ।

লগতে পঢ়ক :বান পৰিস্থিতি ক্ৰমাৎ উন্নত হ’লেও শোণিতপুৰত এতিয়াও পানীৰ তলত বহু অঞ্চল

Last Updated :May 19, 2022, 9:33 AM IST

ABOUT THE AUTHOR

...view details