অসম

assam

Abdur Rashid Mandal: বিজেপিক প্ৰতিৰোধ কৰিবলৈ হ’লে মুছলিম সাম্প্ৰদায়িকতাবাদ ত্যাগ কৰিব লাগিব; কিয় ক’লে কংগ্ৰেছ বিধায়কে ?

By

Published : May 4, 2023, 4:12 PM IST

‘‘বিজেপিয়ে এআইইউডিএফৰ অক্সিজেন লৈ অসমত জীয়াই আছে ৷ কাৰণ এআইইউডিএফৰ দৰে মুছলিম সাম্প্ৰদায়িকতাবাদে মুছলিমৰ বিৰুদ্ধে আৰএছএছ, বিশ্ব হিন্দু পৰিষদ, বজৰং দল আদি সংগঠনক বেছি সাম্প্ৰদায়িকভাৱে উৎসাহ জোগায় ৷” ইটিভি ভাৰতৰ সৈতে হোৱা এক সাক্ষাৎকাৰত বিজেপিক তীব্ৰ কটাক্ষ কৰি এই মন্তব্য কংগ্ৰেছ বিধায়ক আব্দুৰ ৰচিদ মণ্ডলৰ (MLA Abdur Rashid Mandal) ৷

Etv Bharat
Etv Bharat

11 বিৰোধী মঞ্চক লৈ তাৎপৰ্যপূৰ্ণ মন্তব্য বিধায়ক আব্দুৰ ৰচিদ মণ্ডলৰ

গুৱাহাটী, ৩ মে’: ২০২৫ ত বিজেপিক গতিৰুদ্ধ কৰাৰ উদ্দেশ্যেৰে অসম প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বত গঠন হোৱা ১১ বিৰোধী দলৰ যৌথ মঞ্চক লৈ সমালোচনাত ব্যস্ত হৈ পৰিছে বিজেপিৰ একাংশ নেতা-মন্ত্ৰী ৷ শাসকীয় বিজেপি আৰু বিজেপিৰ মিত্ৰজোঁটৰ দলসমূহে প্ৰশ্ন তুলিছে যে কংগ্ৰেছৰ লগ লগা বাকী ১০ টা ৰাজনৈতিক দলৰ কিমান গণভিত্তি আছে ? AIUDF অবিহনে বিজেপিৰ বিৰুদ্ধে যুঁজ দিবলৈ কিমান সক্ষম বিৰোধীৰ যৌথ মঞ্চ ? বিজেপিৰ মন্ত্ৰী-নেতাই ১১ বিৰোধীৰ মঞ্চক ক্লাৱ ঘৰৰ মিলনৰ লগত তুলনা কৰিছে (Assam congress alliance) ৷

তাৰ মাজতে বিজেপিক উভতি ধৰিছে কংগ্ৰেছৰ নেতা-কৰ্মীয়ে ৷ এই লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা কেইবাবাৰৰ বিধায়ক আব্দুৰ ৰচিদ মণ্ডলে ৷ কৰিলে একাধিক গুৰুত্বপূৰ্ণ মন্তব্য ৷ মণ্ডলৰ মন্তব্য, ‘‘বিৰোধী একত্ৰিত হোৱা দেখি বিজেপিয়ে সাংঘাতিক ভয় খাইছে ৷ যদি ক্লাৱ ঘৰেই হয় তেন্তে ক্লাৱ ঘৰক লৈ ব্যস্ত কিয় হৈছে বিজেপি (Abdur Rashid Mandal slams BJP) ?”

আনহাতে, বিৰোধীৰ ১০ ৰাজনৈতিক শক্তিক গণ ভিত্তিহীন বুলি বিজেপিয়ে কৰা সমালোচনাৰ (BJP on Congress alliance) প্ৰত্যুত্তৰত কংগ্ৰেছী বিধায়ক মণ্ডলে লগতে কয়, “জনপ্ৰতিনিধি হ’লেই নেতা নহয় ৷ বিধান সভাত ১২৬ গৰাকী বিধায়ক আছে তাৰে সকলো নেতা নহয় ৷ গণ ভিত্তি কাৰ নাই ? অখিল গগৈৰ কি গণভিত্তি নাই ? আছুক নেতৃত্ব দিয়া লুৰীণজ্যোতি গগৈৰ কি গণভিত্তি নাই ? চিপিএমৰ নেতা মনোৰঞ্জন তালুকদাৰৰ কি গণভিত্তি নাই ? ”

আনহাতে, এ আই ইউ ডি এফ অবিহনে কংগ্ৰেছ আৰু ১০ ৰাজনৈতিক শক্তি সফল হ’ব পাৰিবনে বুলি ইটিভি ভাৰতে (ETV Bharat Assam) সোধা প্ৰশ্নৰ উত্তৰত কংগ্ৰেছৰ বিধায়কজনে মন্তব্য কৰে যে, আচলতে বিজেপিয়ে এআইইউডিএফৰ অক্সিজেন লৈ অসমত জীয়াই আছে (AIUDF communal politics) ৷ কাৰণ এআইইউডিএফৰ দৰে মুছলিম সাম্প্ৰদায়িকতাবাদে মুছলিমৰ বিৰুদ্ধে আৰএছএছ, বিশ্ব হিন্দু পৰিষদ, বজৰং দল আদি সংগঠনক বেছি সাম্প্ৰদায়িকভাৱে উৎসাহ জোগায়, জাগ্ৰত কৰে ৷ সেয়ে বিজেপিক প্ৰতিৰোধ কৰিবলৈ হ’লে মুছলিম সাম্প্ৰদায়িকতাবাদ বাদ দিব লাগিব (Lok Sabha election 2024) ৷

লগতে পঢ়ক:Congress AIUDF alliance: কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ কাজিয়াক মাটি-বাৰীৰ কাজিয়াৰ লগত তুলনা পীযুষ হাজৰীকাৰ

ABOUT THE AUTHOR

...view details