ETV Bharat / state

Congress AIUDF alliance: কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ কাজিয়াক মাটি-বাৰীৰ কাজিয়াৰ লগত তুলনা পীযুষ হাজৰীকাৰ

author img

By

Published : May 3, 2023, 11:02 PM IST

"ককাই-ভাইৰ মাটিৰ কাজিয়াৰ দৰে কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ মিত্ৰতাক লৈ কাজিয়া ৷ আজি লাগিছে কাইলৈ ভাল হৈ যাব ৷” কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ মিত্ৰতাৰ সন্দৰ্ভত এই মন্তব্য প্ৰকাশ কৰে মন্ত্ৰী পীযুষ হাজৰীকাই (Minister Pijush hazarika commented on congress)৷

Piyush hazarika commented on congress AIUDF alliance
কংগ্ৰেছ-এ আই ইউ ডি এফৰ কাজিয়াক মাটি বাৰীৰ কাজিয়াৰ লগত তুলনা মন্ত্ৰী পীযুষ হাজৰীকাৰ

কংগ্ৰেছ-এ আই ইউ ডি এফৰ কাজিয়াক মাটি বাৰীৰ কাজিয়াৰ লগত তুলনা মন্ত্ৰী পীযুষ হাজৰীকাৰ

গুৱাহাটী, ৩মে’ : “কংগ্ৰেছ আৰু এ আই ইউ ডি এফ ভাই ভাই ৷ ককাই-ভাইৰ মাটিৰ কাজিয়াৰ দৰে কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ মিত্ৰতাক লৈ কাজিয়া ৷ আজি লাগিছে কাইলৈ ভাল হৈ যাব ৷” ২০২৪ ৰ লোকসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছৰ ১১ দলীয় যৌথ মঞ্চক লৈ তীব্ৰ আক্ৰমণ অব্যাহত আছে বিজেপিৰ (Congress AIUDF alliance)।

কংগ্ৰেছৰ বিৰুদ্ধে বুধবাৰে মন্তব্য প্ৰদান কৰি মন্ত্ৰী পীযুষ হাজৰীকাই কয় যে, এই দলবোৰৰ কোনো অস্তিত্ব নাই (Minister Pijush hazarika commented on congress)৷ কংগ্ৰেছে যাৰ যাৰ লগত মিত্ৰতা কৰিছে তেওঁলোকৰ কিবা অস্তিত্ব আছে নেকি ? কংগ্ৰেছ-এ আই ইউ ডি এফ ভাই ভাই আছিল আৰু ভৱিষ্যতেও থাকিব ৷ কংগ্ৰেছ-এ আই ইউ ডি এফে মাটি-বাৰীৰ কাজিয়া কৰি আছে কিছুদিনৰ পৰা ৷ মাক-দেউতাকে ক’লেই যিদৰে কাজিয়া বন্ধ কৰি মিল হৈ যায়, সেইদৰে যদি দিল্লীৰ পৰা নিৰ্দেশ আহি যায় ভূপেন বৰা ডাঙৰীয়াই ক’ব- ‘‘মোৰ অভিভাৱকে কৈছে যেতিয়া মিত্ৰতা হ’বই ৷ মুঠতে কংগ্ৰেছ এ আই ইউ ডি এফ কংগ্ৰেছ ভাই ভাই । কোনটো সমষ্টি কোনে ৰাখিব তাকে লৈ কাজিয়া দুয়োটা দলৰ ৷”

ইতিপূৰ্বে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কংগ্ৰেছৰ সৈতে আলোচনাত বহা ৰাজনৈতিক দলসমূহক ক্লাৱ আখ্যা দিয়াৰ পিছত এইবাৰ সৰৱ হৈ পৰিছে মন্ত্ৰী পীয়ুষ হাজৰিকা । বৰাক উপত্যকাৰ কৰিমগঞ্জত নিৰ্মীয়মান মথাউৰি চাবলৈ গৈ কংগ্ৰেছক সমালোচনা কৰি এই মন্তব্য কৰে মন্ত্ৰী হাজৰীকাই ৷

ইফালে আজি এ আই ইউ ডি এফৰ সভাপতি সাংসদ বদৰুদ্দিন আজমলে শেহতীয়াকৈ কংগ্ৰেছক লৈ কৰা তীৰ্যক মন্তব্য সন্দৰ্ভত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, আজমলৰ দৰে ব্যক্তি নেতা হ'লে অশালীন তথা শিষ্টাচাৰহীন শব্দবিলাক শুনাটো অস্বাভাৱিক নহয় (APCC president bhupen bora reaction) । আজমলে অসমীয়া ভাষা, সাহিত্য, সংস্কৃতিৰ প্ৰতি তুচ্ছ-তাচ্ছিল্য কৰি অহাৰ মূলতে হৈছে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ উদগনি (Badaruddin Ajmal comment against oppositions)।

লগতে পঢ়ক: Bhupen Bora on Lok Sabha election: লোকসভা নিৰ্বাচনত বিজেপিৰ নেতা হ'ব পাৰে কংগ্ৰেছৰ প্ৰাৰ্থী; ভূপেন বৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.