অসম

assam

দিছপুৰ ছুপাৰ মাৰ্কেটৰ উৰণীয়া সেঁতু মুকলি কৰিলে মুখ্যমন্ত্রীয়ে

By

Published : Nov 4, 2021, 5:29 PM IST

নিৰ্ধাৰিত ৩৬ মাহৰ বিপৰীতে মাত্ৰ ২২ মাহৰ ভিতৰতে নিৰ্মাণকাৰ্য সম্পূৰ্ণ হ'ল গুৱাহাটীৰ জি এছ ৰোডৰ ছুপাৰ মাৰ্কেটৰ উৰণীয়া সেঁতুৰ । ছুপাৰ মাৰ্কেটৰ উৰণীয়া সেঁতুখন উদ্বোধন কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।

CM Himanta Biswa Sarma inaugurated supermarket flyover
ছুপাৰ মাৰ্কেটৰ উৰণীয়া সেঁতু মুকলি কৰিলে মুখ্যমন্ত্রীয়ে

গুৱাহাটী, ৪ নৱেম্বৰ: ৰাজধানী চহৰ গুৱাহাটী মহানগৰীত সংযোজন হ'ল আন এখন নতুন উৰণীয়া সেঁতু । বৃহস্পতিবাৰৰ পৰা আনুষ্ঠানিকভাৱে ৰাইজৰ বাবে মুকলি কৰা হ'ল জি এছ ৰোডৰ ছুপাৰ মাৰ্কেটৰ উৰণীয়া সেঁতু । মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই আজি আনুষ্ঠানিকভাৱে উৰণীয়া সেঁতুখন ৰাইজৰ বাবে উৎসৰ্গিত কৰে । এই উপলক্ষে আয়োজন কৰা এক অনুষ্ঠানত মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যবাসীক দীপান্বিতাৰ শুভেচ্ছা জনাই উৎসৱটোৰ আধ্যাত্মিক তাৎপৰ্য উল্লেখ কৰে।

ছুপাৰ মাৰ্কেটৰ উৰণীয়া সেঁতু মুকলি কৰিলে মুখ্যমন্ত্রীয়ে
দক্ষিণ-পূৱ এছিয়াৰ দুৱাৰমুখ গুৱাহাটী মহানগৰীৰ উন্নয়নৰ বাবে চৰকাৰে গ্ৰহণ কৰা বিভিন্ন আঁচনিৰ বিষয়ে উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কয় যে, গুৱাহাটীৰ সম্প্ৰসাৰণ মূল লক্ষ্য । নিৰ্ধাৰিত সময়তকৈ বহু পূৰ্বে উৰণীয়া সেঁতুখন নিৰ্মাণ কৰি উলিওৱাৰ বাবে মুখ্যমন্ত্রীয়ে ঠিকাদাৰ অনিল দাসৰ লগতে বিভাগীয় বিষয়াসকলক শুভেচ্ছা জ্ঞাপন কৰে । আনহাতে, গুৱাহাটী আৰু উত্তৰ-গুৱাহাটী সংযোগী ব্ৰহ্মপুত্রৰ দলংখনৰ কাম দ্ৰুতগতিত কৰা হৈছে বুলি মুখ্যমন্ত্রীয়ে ভাষণত উল্লেখ কৰে । সেইদৰে চাংসাৰিত নিৰ্মাণকাৰ্য চলি থকা এইমছ চলিত বিত্তীয় বৰ্ষৰ ভিতৰত মুকলি কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে ।

মুখ্যমন্ত্রীয়ে লগতে কয় যে, গুৱাহাটীৰ ছেৰাভাটি আৰু মালিগাঁৱত নিৰ্মাণকাৰ্য চলি থকা উৰণীয়া সেঁতু দুখনৰ কাম ইতিমধ্যে ক্ৰমে ২০ শতাংশ আৰু ৩৫ শতাংশ সম্পূৰ্ণ হৈছে । ২০২৩ চনত উৰণীয়া সেঁতু দুখন মুকলি কৰা হ'ব । গুৱাহাটীৰ আৰ জি বৰুৱা ৰোডৰ গীতানগৰত আৰু এখন উৰণীয়া সেঁতু হ'ব আৰু দুমাহৰ ভিতৰত ইয়াৰ কাম আৰম্ভ হৈ ডেৰ বছৰৰ ভিতৰত সম্পূৰ্ণ হ'ব বুলি মুখ্যমন্ত্রীয়ে আজি ঘোষণা কৰে ।

ছুপাৰ মাৰ্কেটৰ উৰণীয়া সেঁতু মুকলি কৰিলে মুখ্যমন্ত্রীয়ে

সেইদৰে ভাৰতমালাৰ অধীনত ৰাষ্ট্ৰীয় ঘাইপথৰ প্ৰতিটো জংছনত ছয় লেনযুক্ত ৰিং ৰোড হ'ব । আনহাতে, পলাশবাৰী আৰু শুৱালকুছিৰ মাজত আৰু এখন দলং হ'ব । গুৱাহাটীৰ বামুণীমৈদামতো এখন সেঁতু হ'ব । মুখ্যমন্ত্রীয়ে কয় যে, গুৱাহাটীত পানী যোগান প্ৰকল্পৰ কাম দ্ৰুত গতিত চলি আছে ।

সেইদৰে ব্ৰহ্মপুত্রৰ পাৰতো নদীৰ সৌন্দৰ্য উপভোগ কৰাৰ বাবে ডিচেম্বৰৰ ভিতৰত মুকলি কৰি দিয়া হ'ব । গুৱাহাটীৰ চানমাৰিত ১২ বিঘা ভূমিত এখন বিশাল উদ্যান গঢ় দিয়া হ'ব । গুৱাহাটীখনকলৈ চৰকাৰখনে গ্ৰহণ কৰা বিভিন্ন আঁচনিৰ বিষয়ে মুখ্যমন্ত্রীগৰাকীয়ে উল্লেখ কৰে । ইফালে, চৰকাৰী বিভিন্ন কামৰ ক্ষেত্রত থকা দালালৰাজৰ অৱসান ঘটোৱাৰ বাবে চৰকাৰে বিভিন্ন সংস্কাৰমূলক পদক্ষেপ গ্ৰহণ কৰিছে । ডিচেম্বৰ মাহৰ প্ৰথম সপ্তাহৰ পৰা ট্ৰেড লাইচেন্স অনলাইন যোগে লাভ কৰাৰ ব্যৱস্থা কাৰ্যকৰী কৰা হ'ব বুলি মুখ্যমন্ত্রীয়ে ঘোষণা কৰে ।

ছুপাৰ মাৰ্কেটৰ উৰণীয়া সেঁতু মুকলি কৰিলে মুখ্যমন্ত্রীয়ে

১৮ নৱেম্বৰৰ পৰা প্ৰজেক্ট সদ্ভাৱনাৰ যোগেদি জনতা ভৱনৰ ফাইলৰ কাম কৰা হ'ব । দালালৰ যোগেদি কোনো কাম কৰিবলগীয়া নহ'ব । অহা বছৰৰ ১০ মে'ত চৰকাৰখনৰ এবছৰ সম্পূৰ্ণ হ'ব আৰু ইয়াৰ পূৰ্বে ২ লাখ ফাইলৰ কাম সম্পূৰ্ণ কৰা হ'ব । লগতে মিছন বসুন্ধৰাৰ যোগেদি মাটি-বাৰী সম্পৰ্কীয় সকলো বিবাদ নিষ্পত্তি কৰা হ'ব ।

মুখ্যমন্ত্রীয়ে থানাৰ ভাৰপ্ৰাপ্ত বিষয়াসকলক সকিয়াই দি কয়- 'এজাহাৰ লিখাৰ বাবে থানাৰ বাহিৰত থকা লোকসকলক ভাৰপ্ৰাপ্ত বিষয়াসকলে দহ দিনৰ ভিতৰত গ্ৰেপ্তাৰ নকৰিলে মই নিজে কৰিম । এজাহাৰ লিখা কামটো থানাৰ উপ পৰিদৰ্শকজনৰ । প্ৰতিটো ক্ষেত্রতে দলাল তথা দুৰ্নীতি নাইকিয়া কৰিব লাগিব । গোটেই বজাৰ বন্ধ হ'ব লাগিব ।'

ছুপাৰ মাৰ্কেটৰ উৰণীয়া সেঁতু মুকলি কৰিলে মুখ্যমন্ত্রীয়ে

মুখ্যমন্ত্রীগৰাকীয়ে লগতে কয় যে, মন্ত্রীসকলে কষ্ট কৰিব লাগিব । মন্ত্রীসকলে কষ্ট কৰিলে বিধায়ক আৰু বিষয়াসকলে কষ্ট কৰিব । মুখ্যমন্ত্রীয়ে উৰণীয়া সেঁতুখনৰ পৰিষ্কাৰ কৰি ৰখাৰ বাবে ৰাইজৰ প্ৰতি আহ্বান জনাই কয় যে, উৰণীয়া সেঁতুখনক সজাই তোলা শিল্পীসকলৰ সৃষ্টিশীলতাক সকলোৱে সন্মান জনোৱা উচিত ।

সভ্যতাই জাতিটোক আকৰ্ষণীয় কৰে বুলি মুখ্যমন্ত্রীয়ে ভাষণত উল্লেখ কৰে । ইফালে অনুষ্ঠানত ভাষণ দি দিছপুৰ সমষ্টিৰ বিধায়ক অতুল বৰাই কয়, 'পিক পেলাব নালাগে । তামোল নাখাব বুলি নকও । কিন্তু গুটখাত নিষেধাজ্ঞা আৰোপ কৰিব লাগে । মানুহে নিজে সলনি হ'ব লাগিব' ।

ছুপাৰ মাৰ্কেটৰ উৰণীয়া সেঁতু মুকলি কৰিলে মুখ্যমন্ত্রীয়ে

তেওঁ লগতে কয়, 'কোনোৱাই পিক পেলোৱা দেখুৱাই দিব পাৰিলে মই মোৰ ফালৰ পৰা ৫ হাজাৰ টকা দিম' । পিক পেলোৱা মানুহক ধৰি দিলে ৫ হাজাৰ টকা দিম, লাগিলে মোৰ লোকচানেই হওক ।' অনুষ্ঠানত মন্ত্রী অশোক সিংঘালে কয়- 'আত্মনিৰ্ভৰশীল অসমৰ ছবি এইখন সেঁতু । তামোল খোৱাৰ অভ্যাস থাকিলেও পিক পেলাই সেঁতুখন নষ্ট নকৰিব' ।

অনুষ্ঠানত সাংসদ কুইন ওজা, অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিত দৈমাৰীকে ধৰি কেইবাগৰাকী মন্ত্রী-বিধায়ক আৰু লোক নিৰ্মাণ বিভাগৰ বিষয়াসকল উপস্থিত থাকে । উল্লেখ্য যে, নিৰ্ধাৰিত সময়তকৈ ১৪ মাহ পূৰ্বেই নির্মাণকাৰ্য সম্পূৰ্ণ কৰি আজি ৰাইজৰ বাবে দুই লেনযুক্ত সেঁতুখন মুকলি কৰা হ'ল । উৰণীয়া সেঁতুখনৰ নিৰ্মাণকাৰ্য নিৰ্ধাৰিত ৩৬ মাহৰ বিপৰীতে মাত্ৰ ২২ মাহৰ ভিতৰতে সম্পূৰ্ণ কৰা হয় ।

২০১৯ চনৰ ৮ ডিচেম্বৰত সেঁতুখনৰ আধাৰশিলা স্থাপন কৰা হৈছিল । ৰাজ্য চৰকাৰৰ স্ব-অগ্ৰাধিকাৰ উন্নয়ন পুঁজিৰ ২০১৯-২০ বৰ্ষৰ অধীনত ১২৭.২০ কোটি টকা ব্যয় সাপেক্ষে সেঁতুখন নিৰ্মাণ কৰা হৈছে । সেঁতুখনৰ মুঠ দৈৰ্ঘ্য ১২০৫ মিটাৰ ।

গণেশগুৰিৰ পৰা ছুপাৰ মাৰ্কেট সংযোগী জি এছ ৰোডৰ অংশখিনিৰ দৈৰ্ঘ্য ৮২৫ মিটাৰ । তেনেদৰে ছুপাৰ মাৰ্কেট পৰা লাষ্টগেটলৈ অংশটোৰ দৈৰ্ঘ্য ৩৯৪ মিটাৰ । মুঠ ২৫ টা স্পান থকা উৰণীয়া সেঁতুখনত অসমৰ চহকী কলা-সংস্কৃতিৰ লগতে দেশৰ বিভিন্ন ৰাজ্যৰ বিশেষত্বক চিত্রৰ মাজেৰে উপস্থাপন কৰা হৈছে ।

লগতে পঢ়ক:বিগত 24 ঘণ্টাত ৰাজ্যত কৰ’ণাত আক্ৰান্ত 276 গৰাকী

ABOUT THE AUTHOR

...view details