অসম

assam

Brahmaputra river bank development : গুৱাহাটীত ব্ৰহ্মপুত্ৰৰ পাৰ উন্নয়নৰ কাম আৰম্ভ

By

Published : Jul 30, 2022, 6:35 PM IST

স্মাৰ্ট চিটি প্ৰকল্পৰ অধীনত গুৱাহাটী আৰু ব্ৰহ্মপুত্ৰৰ পাৰৰ উন্নয়নৰ কাম আৰম্ভ (Brahmaputra river bank development work start)। দায়িত্বত থকা প্ৰতিষ্ঠানে ইতিমধ্যে ভূমি জৰীপ কৰিছে । উজান বজাৰৰ নতুন উপায়ুক্তৰ বাসভৱনৰ পৰা কাছাৰীঘাটলৈ ব্ৰহ্মপুত্ৰ পাৰৰ উন্নয়ন কৰা হ'ব । পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু কৰি তোলা হ'ব ব্ৰহ্মপুত্ৰৰ পাৰ ।

Brahmaputra river bank development
গুৱাহাটীত ব্ৰহ্মপুত্ৰৰ পাৰ উন্নয়নৰ কাম আৰম্ভ

গুৱাহাটী,৩০ জুলাই : নতুন ৰূপ দিয়া হ'ব গুৱাহাটী মহানগৰীক । এতিয়াৰে পৰা আপুনিও এক বিশেষ পৰিৱেশত ব্ৰহ্মপুত্ৰ নৈৰ নৈসৰ্গিক সৌন্দৰ্য উপভোগ কৰিব পাৰিব (Beautification of Guwahati City)। ব্ৰহ্মপুত্ৰৰ পাৰৰ সৌন্দৰ্যবৰ্ধনৰ কাম ইতিমধ্যে আৰম্ভ হৈছে ।

গুৱাহাটীত ব্ৰহ্মপুত্ৰৰ পাৰ উন্নয়নৰ কাম আৰম্ভ

ব্ৰহ্মপুত্ৰৰ পাৰক পৰ্যটন ক্ষেত্ৰ হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে ডঃ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে এক অভিলাষী আঁচনিৰ ঘোষণা কৰিছিল । ইফালে মহানগৰীৰ ৰাজভৱনৰ পৰা কামাখ্যা পাহাৰলৈ প্ৰায় ৬ কিলোমিটাৰ স্থানত ব্ৰহ্মপুত্ৰৰ পাৰৰ উন্নয়নৰ লগতে সৌন্দৰ্যবৰ্ধনৰ কথা স্মাৰ্ট চিটি ৱেবচাইটতো উল্লেখ কৰা হৈছে । এই অভিলাষী আঁচনিৰ অধীনতে ইতিমধ্যে কাম আৰম্ভ হৈছে (Brahmaputra river bank development work start)। প্ৰায় ৩২৭.৩১ কোটি টকা বাজেটেৰে ২০২৫ চনৰ মাৰ্চ মাহৰ ভিতৰত এই প্ৰকল্পৰ কাম সম্পূৰ্ণ কৰাৰ লক্ষ্য আগত ৰখা হৈছে ।

উজান বজাৰৰ নতুন উপায়ুক্তৰ বাসভৱনৰ পৰা কাছাৰীঘাটলৈ ব্ৰহ্মপুত্ৰ পাৰ উন্নয়নৰ কাম আৰম্ভ কৰা বুলি স্মাৰ্ট চিটি গুৱাহাটীৰ এক সূত্ৰই প্ৰকাশ কৰিছে । স্মাৰ্ট চিটি গুৱাহাটীৰ সূত্ৰটোৱে প্ৰকাশ কৰা মতে, MS ITD cementation India Ltd নামৰ কোম্পানীটোক এই প্ৰকল্পৰ কাম দিয়া হৈছে । তেওঁলোকে ইতিমধ্যে ভূমিৰ জৰীপ সম্পূৰ্ণ কৰিছে ।

এই আঁচনিৰ অধীনত উজান বজাৰৰ সতী ৰাধিকা উদ্যান, উজান বজাৰ মাছৰ বজাৰ, উজান বজাৰ ঘাট আদি পুনৰ মেৰামতি কৰা হ'ব । উজান বজাৰৰ মাছৰ বজাৰত দুমহলীয়া বজাৰ গৃহৰ লগতে গাড়ী পাৰ্কিং আৰু শৌচালয় আৰু প্ৰস্ৰাৱগাৰৰ ব্যৱস্থা থাকিব । আনহাতে উজান বজাৰ ঘাটত উৎসৱ পালন কৰিব পৰাকৈ বিশেষ ব্যৱস্থা কৰা হ'ব ।

উজান বজাৰৰ নতুন উপায়ুক্তৰ বাসভৱনৰ পৰা কাছাৰীঘাটলৈ সৰু সৰু ৪ টা ঘৰ থাকিব । য'ত প্ৰাথমিক চিকিৎসাৰ সুবিধা, খোৱাপানীৰ সুবিধা, শৌচালয়-প্ৰস্ৰাৱগাৰ থকাৰ লগতে চাহ কফিৰ বিপনীও থাকিব । ব্ৰহ্মপুত্ৰৰ পাৰে পাৰে খোজ কাঢ়িব পৰাকৈ সুকীয়া পথৰ ব্যৱস্থা থাকিব ৷ লগতে ব্ৰহ্মপুত্ৰৰ পাৰ বিভিন্ন আলোক সজ্জাৰে সজোৱা হ'ব । তদুপৰি ব্ৰহ্মপুত্ৰৰ পাৰ উন্নয়ন আৰু সৌন্দৰ্যবৰ্ধনৰ নামত কোনো গছ কটা নহ'ব আৰু পানী পৰিশোধন প্ৰকল্পও স্থাপন কৰা হ'ব ।

লগতে পঢ়ক :Drinking Water Crisis: এটুপি বিশুদ্ধ খোৱা পানীৰ বাবে হাহাকাৰ কৰিছে পালবস্তিবাসীয়ে

ABOUT THE AUTHOR

...view details