Drinking Water Crisis: এটুপি বিশুদ্ধ খোৱা পানীৰ বাবে হাহাকাৰ কৰিছে পালবস্তিবাসীয়ে

By

Published : Jul 30, 2022, 2:30 PM IST

Updated : Feb 3, 2023, 8:25 PM IST

thumbnail

দেশজুৰি যো-জা চলাইছে আজাদি কা অমৃত মহোৎসৱৰ ৷ ইফালে ৰাজ্যত উন্নয়নৰ বিপৰীত ছবি ৷ ৰঙিয়াৰ পালবস্তিত এটুপি বিশুদ্ধ খোৱা পানীৰ বাবে হাহাকাৰ কৰিছে শ শ জনতাই (Drinking Water Crisis at Rangia )। জল জীৱন মিছনে (Jal jivan mission)ঢুকি নাপালে ৰঙিয়াৰ পালবস্তীৰ ৰাইজক । দিৰ্ঘদিন ধৰি গাঁওবাসীয়ে আইৰণযুক্ত পানী সেৱন কৰি আক্ৰান্ত হৈছে বিভিন্ন ৰোগত ৷ গাঁওখনত 12 বছৰ পূৰ্বে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ (Public Health Department) পানী যোগান আঁচনি নিৰ্মাণ কৰা হৈছিল যদিও যোগান ধৰিব নোৱাৰিলে বিশুদ্ধ পানী । তাৰ পিছত কেন্দ্ৰীয় চৰকাৰৰ অভিলাষী আঁচনি জল জীৱন মিছনৰ অধীনত বিশুদ্ধ পানী লাভ কৰিব বুলি আশা কৰিছিল গাঁওবাসীয়ে ৷ কিন্তু এইবাৰো আশাত পৰিল চেঁচাপানী ৷ পিছপৰা অঞ্চলটোত সকলোৰে ঘৰত নাই দমকল । দূৰণিৰ পৰা একাংশ লোকে পানী সংগ্ৰহ কৰি লৈ আহিব লগা হয় । অচিৰেই পালবস্তি অঞ্চলটোত জল জীৱন মিছনৰ জৰিয়তে বিশুদ্ধ খোৱা পানী যোগান ধৰাৰ বাবে দাবী জনাইছে গাঁওবাসীয়ে ৷

Last Updated : Feb 3, 2023, 8:25 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.