অসম

assam

বাজেট অধিবেশনতে বিধায়কৰূপে শপত ল'ব ভূৱন গামে

By

Published : Mar 12, 2022, 9:58 PM IST

বিৰোধীৰ ঐক্যবদ্ধ প্ৰচেষ্টাক ধূলিসাৎ কৰি মাজুলীত বিজয়ৰ নিচান উৰুৱা ভূৱন গামে বাজেট অধিবেশনতে বিধায়কৰূপে শপত গ্ৰহণ কৰিব(Bhuvan Gam to be sworn in as Majuli MLA) । সংবাদমাধ্যমযোগে এই কথা প্ৰকাশ কৰিলে বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে ।

bhuvan-gam-to-be-sworn-in-as-majuli-mla-at-budget-session
বাজেট অধিবেশনতে বিধায়কৰূপে শপত ল'ব ভূৱন গামে

গুৱাহাটী, ১২ মাৰ্চ : অসম বিধানসভাৰ আসন্ন বাজেট অধিবেশনতে মাজুলীৰ উপ-নিৰ্বাচনত জয়ী হৈ অহা বিজেপিৰ ভূৱন গামে বিধায়কৰূপে শপত গ্ৰহণ কৰিব(Bhuvan Gam to be sworn at Budget Session) । শনিবাৰে সংবাদমাধ্যমযোগে এই কথা প্ৰকাশ কৰিলে বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে(Assembly Speaker Biswajit Daimary) ।

বাজেট অধিবেশনতে বিধায়কৰূপে শপত ল'ব ভূৱন গামে

উল্লেখযোগ্য যে, ১৪ মাৰ্চ অৰ্থাৎ সোমবাৰৰ পৰা আৰম্ভ হ'ব অসম বিধানসভাৰ বাজেট অধিবেশন(Budget Session of Assam Assembly) । অধ্যক্ষগৰাকীয়ে শনিবেৰ এই বুলিও প্ৰকাশ কৰে যে, অধিবেশনৰ প্ৰথম দিনা সদনৰ কাৰ্যক্ৰমণিকা আৰম্ভ হ'ব ৰাজ্যপালৰ ভাষণেৰে ।

লগতে ৯ৰ পৰা ১২ এপ্ৰিললৈ অসমত কমনৱেলথ পাৰ্লিয়ামেন্টৰ কাৰ্যনিৰ্বাহক বৈঠকৰ লগতে ৰাষ্ট্ৰীয় পৰ্যায়ৰো বৈঠক অনুষ্ঠিত হ'ব । যি বৈঠকত ভাগ ল'বলৈ অসমলৈ আহিব কমনৱেলথ কমিটিৰ বিষয়ববীয়া সকলৰ উপৰিও দেশৰ প্ৰতিখন ৰাজ্যৰ বিধানসভাৰ অধ্যক্ষ সকল । এই বৃহৎ কাৰ্যসূচীৰ বাবেই এইবাৰ বিধানসভাৰ অধিবেশনত "স্পীকাৰ্চ ইনিচিয়েটিভ" শীৰ্ষক কাৰ্যসূচী নাথাকিব বুলিও তেওঁ জানিবলৈ দিয়ে ।

মনকৰিবলগীয়া যে, বিধানসভাৰ এইবাৰৰ বাজেট অধিৱেশন ১৪ মাৰ্চৰ পৰা ১ এপ্ৰিললৈ চলিব । আপাত দৃষ্টিত দীঘলীয়া কাৰ্যসূচী যেন লাগিলেও অধিবেশনৰ কৰ্মদিন হব মাত্ৰ ১১ দিনহে । অৰ্থাৎ অধিবেশন অনুষ্ঠিত হবলগীয়া দিনকেইটা হ'ল ১৪, ১৫, ১৬, ১৭, ২১, ২২, ২৮, ২৯, ৩০, ৩১ মাৰ্চ আৰু ১ এপ্ৰিল । ইয়াৰে অধিবেশনৰ তৃতীয় দিনা অৰ্থাৎ ১৬ মাৰ্চত বিত্ত মন্ত্ৰী অজন্তা নেওগে ২০২২-২৩ বৰ্ষৰ বাজেট দাখিল কৰিব ।

স্মৰ্তব্য যে, এই বাজেট অধিবেশনতে পূৰ্বতে সদনত গৃহিত হোৱা গো সুৰক্ষা বিধেয়কখনৰ কেতবোৰ নতুন সংশোধনী চৰকাৰে উত্থাপন কৰাৰ সম্ভাৱনা আছে । ইয়াৰোপৰি আন কেইবাখনো নতুন বিধেয়কো এই অধিবেশনতে উত্থাপণ কৰা হ'ব ।

লগতে পঢ়ক :Rajya Sabha Election 2022 : ৰাজ্যসভা নিৰ্বাচনৰ আসনকলৈ দেৱব্ৰত শইকীয়াৰ প্ৰতিক্ৰিয়া

ABOUT THE AUTHOR

...view details