অসম

assam

নিযুক্তি প্ৰক্ৰিয়াত ধনৰ লেন-দেনৰ অভিযোগকাৰী ভিক্টৰ দাসক মাৰাথান জেৰা

By

Published : Sep 9, 2022, 4:56 PM IST

তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰিত ধনৰ লেনদেনৰ চাঞ্চল্যকৰ অভিযোগ উত্থাপন কৰা ভিক্টৰ দাসক মাৰাথান জেৰা আৰক্ষীৰ (Scam allegation in Assam direct recruitment)। অভিযোগকাৰীগৰাকীৰ মোবাইল ফোনৰ লগতে সকলো তথ্য-পাতি তন্ন তন্নকৈ পৰীক্ষা কৰিছে আৰক্ষীয়ে ৷

ভিক্টৰ দাসক মাৰাথান জেৰা
ভিক্টৰ দাসক মাৰাথান জেৰা

গুৱাহাটী, ৯ ছেপ্টেম্বৰ: কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজেৰে বাছনি পৰীক্ষা অনুষ্ঠিত কৰা তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰিত ধনৰ লেনদেনৰ চাঞ্চল্যকৰ অভিযোগ উত্থাপন কৰা ভিক্টৰ দাসক মাৰাথান জেৰা আৰক্ষীৰ (Victor Das interrogated by police)। ভিক্টৰ দাসে সংবাদ মাধ্যমৰ আগত কয় যে ‘‘মই ভাগৰা নাই কেতিয়াও নাভাগৰোঁ ৷ মোৰ হাতত যি তথ্য প্ৰমাণ আৰক্ষী প্ৰশাসনক দিম’’ ।

আনহাতে আৰক্ষীয়ে সংবাদ মাধ্যৰ আগত কয় যে, তেওঁ অনা অভিযোগৰ তথ্য প্ৰমাণ দিছে । সেই তথ্য প্ৰমাণসমূহ পৰীক্ষা নিৰীক্ষা কৰা হ’ব । উল্লেখ্য যে, শেহতীয়াভাৱে ৰাজ্য চৰকাৰে বিভিন্ন বিভাগত নিযুক্তি দিয়াৰ বাবে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদৰ প্ৰাৰ্থীৰ বাছনি পৰীক্ষা অনুষ্ঠিত কৰিছিল । কটকটীয়া নিৰাপত্তাৰ মাজতে পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল নহ’বলৈ ম’বাইল ইন্টাৰনেট কৰ্তন কৰা হৈছিল ।

ভিক্টৰ দাসক মাৰাথান জেৰা

চৰকাৰে নিযুক্তি পৰীক্ষা নিকা হোৱা বুলি দাবী কৰিছিল । কিন্তু এই দাবীৰ মাজতে ভিক্টৰ দাস নামৰ লোকজনে এই নিযুক্তি প্ৰক্ৰিয়াত ধনৰ লেনদেন হোৱা বুলি টুইটাৰত অভিযোগ উত্থাপন কৰে (Victor das tweet on Assam recruitment) । প্ৰতিটো পদৰ বাবে ৩ লাখ টকাৰ পৰা ৮ লাখ টকালৈ ধনৰ লেনদেন চলিছে বুলি অভিযোগ উত্থাপন কৰে লোকজনে (Scam allegation in Assam direct recruitment)।

চাকৰি কিনা-বেচা প্ৰক্ৰিয়াৰ আঁৰত প্ৰাক্তন বিধায়ক থকা বুলিও অভিযোগ কৰে ভিক্টৰ দাসে । মুখ্যমন্ত্ৰী, আৰক্ষী সঞ্চালক প্ৰধান, বিশেষ সঞ্চালক প্ৰধানক উদ্দেশ্যি ভিক্টৰ দাসে টুইট কৰিছিল । এই টুইটক কেন্দ্ৰ কৰি সামাজিক মাধ্যমত তীব্ৰ প্ৰতিক্ৰিয়া হৈছিল ।

আনহাতে টুইটৰ পিছতে বিশেষ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে (Special DGP GP Singh) ইয়াৰ উত্তৰত অভিযোগৰ তথ্য প্ৰমাণ বিচাৰে । সামাজিক মাধ্যমৰ জৰিয়তে উত্থাপিত এই অভিযোগৰ পাছতে ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

লগতে পঢ়ক:এইবাৰ উৎকোচ লৈ হাতে-লোটে ধৰা পৰিল বন বিভাগৰ কৰ্মচাৰী

ABOUT THE AUTHOR

...view details