অসম

assam

Village Wine Shop; এতিয়াৰ পৰা গ্ৰাম্যাঞ্চল ৰঙীণ হ’ব বিলাতী সুৰাৰ বটলেৰে !

By

Published : Nov 14, 2021, 6:32 PM IST

assam-government-decides-to-open-rural-wine-shop-for-revenue-generation
এতিয়াৰে পৰা সুৰাপায়ীয়ে বিলাতী সুৰাৰ ৰাগি বিচাৰি যাব নালাগে চহৰলৈ ()

যিখন চৰকাৰে এফালে ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই অসমৰ নতুন প্ৰজন্মক, সমাজ জীৱনক উদ্ধাৰৰ বাবে নামি পৰিছে, সেইখন চৰকাৰেই আকৌ গাঁৱে গাঁৱে সুৰাৰ বিপনী খুলিবলৈ সিদ্ধান্ত লৈছে ৷ বিতং কৈ জানিবলৈ পঢ়ক এই বিশেষ প্ৰতিবেদন ৷

গুৱাহাটী, ১৪ নৱেম্বৰ : শুৱনি আমাৰ গাঁওখনি অতি শুৱনি গছেৰে ভৰা... । তাহানিতে প্ৰাথমিক বিদ্যালয় গৰকিয়েই আওৰাবলৈ শিকা এই মনোৰম পদ্যটো এতিয়াও মনত নৰখাকৈ থকা লোক হয়তো খুব কমেইহে ওলাব । পিছে এতিয়া সময় সলনি হ'ল , এই পৰিৱৰ্তিত সময়ৰ লগে লগে যেন হৃদয় চুই যোৱা এই পদ্যটিও পুৰণি হ'ল ৷ আজিৰ সময়ত হয়তো পদ্যটোৰ কেইটামান শাৰী ইফাল সিফাল কৰিলেহে সময়ৰ সৈতে খাপ খাব । এতিয়া আৰু " শুৱনি আমাৰ গাঁওখনি অতি শুৱনি গছেৰে ভৰা... " বুলি আওৰোৱাতকৈ " শুৱনি আমাৰ গাঁওখনি অতি ৱাইন শ্বপৰে ভৰা " বুলি আওৰালেহে শুৱাব !

কিয়নো, অৰ তৰ পৰা ধাৰ লৈ লৈ কঁকাল বেঁকা হৈ পৰা ছমহীয়া ড৹ হিমন্তবিশ্ব শৰ্মাৰ চৰকাৰখনে নিজা ৰাজহ বৃদ্ধিৰে বিত্তীয় নাটনি দূৰ কৰিব খুজিছে । ইয়াৰ বাবে শেহতীয়াকৈ চৰকাৰখনে উদ্ভাৱন কৰিছে এক অভিনৱ উপায় । এই নতুন সিদ্ধান্ত অনুযায়ী অসমৰ গ্ৰাম্যাঞ্চলতো বিলাতী সুৰাৰ বিপনীৰ অনুজ্ঞাপত্ৰ দিবলৈ সিদ্ধান্ত লৈছে চৰকাৰে ।

ইতিমধ্যে, আৱকাৰী বিভাগে হাতে কামে কাম আৰম্ভ কৰিছেই । সকলো গাঁৱৰে যিকোনো লোকে গাঁও পঞ্চায়তৰ পৰা এখন এন অ' চি লৈ আৰু তাৰ লগতে আৱকাৰী বিভাগে বান্ধি দিয়া কেইটামান তেনেই সহজ চৰ্ত পূৰণ কৰি এনে " ৱাইন শ্বপ "ৰ বাবে আবেদন কৰিলেই হ'ল । অৱশ্যে ইয়াক এইবাৰ ৱাইন শ্বপ নুবুলি চৰকাৰে নাম দিছে " অন শ্বপ " ।

এনে অন শ্বপত গ্ৰাহকে কেৱল বিলাতী সুৰা কিনাই নহয়, পানো কৰিব পাৰিব । একপ্ৰকাৰৰ বাৰ । ইতিমধ্যে প্ৰায় সকলো জিলাৰে উপায়ুক্তৰ কাৰ্যালয়ত এনে অন শ্বপৰ অনুজ্ঞাপত্ৰ বিচাৰি হাজাৰ হাজাৰ আবেদন গোট খাইছে । প্ৰাপ্ত তথ্য অনুসৰি জিলা উপায়ুক্ত সকলে লাভ কৰা এনে আবেদন সমূহ ইতিমধ্যে আৱকাৰী আয়ুক্তলৈ অনুমোদনৰ বাবে পঠিওৱা হৈছে ।

ৰাজহ বৃদ্ধিৰ বাবে চৰকাৰে লোৱা এই নতুন সিদ্ধান্ত সমাজৰ বাবে কিমান হঠকাৰী হ’ব পাৰে তাক নতুনকৈ কোৱাৰ প্ৰয়োজন নাই । ১৯৯৬ চনত দিছপুৰত যেতিয়া প্ৰফুল্ল কুমাৰ মহন্তৰ চৰকাৰখন দ্বিতীয়বাৰৰ বাবে শাসনত বহিছিল, তেতিয়াও অগপ চৰকাৰে অসমৰ অলিয়ে গলিয়ে বিলাতী সুৰাৰ দোকান বহুওৱাৰ অনুজ্ঞাপত্ৰ প্ৰদান কৰিছিল ।

যাৰ কুফল আজিও ভোগ কৰি আছে অসমৰ সমাজ জীৱনে । মহন্তৰ চৰকাৰৰ দিনতে অসমত প্ৰথমবাৰলৈ প্ৰৱৰ্তন হৈছিল কোৱাটাৰ চাইজৰ মদৰ বটল । পিছে এইবাৰ যিখন চৰকাৰে এফালে ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই অসমৰ নতুন প্ৰজন্মক, সমাজ জীৱনক উদ্ধাৰৰ বাবে নামি পৰিছে, সেইখন চৰকাৰেই আকৌ গাঁৱে গাঁৱে সুৰাৰ বিপনী খুলিবলৈ সিদ্ধান্ত লোৱাটো পৰস্পৰবিৰোধী নহয়নে বুলিও উত্থাপিত হৈছে অভিযোগ ৷

লগতে পঢ়ক :Assam's Methanol Project : অসমে দখল কৰিব ভূটান, নেপাল আৰু বাংলাদেশৰ বজাৰ

ABOUT THE AUTHOR

...view details