অসম

assam

নিমাতীঘাটৰ ট্ৰেজেডি : অসম জাতীয় বিদ্যালয়তো শোকাকুল পৰিৱেশ

By

Published : Sep 9, 2021, 9:52 PM IST

অসম জাতীয় বিদ্যালয় পৰা 2010 বৰ্ষত মেট্ৰিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈছিল মেধাৱী পৰিমিতাই । শৈক্ষিক দিশত ব্যুৎপত্তি থকাৰ উপৰিও পৰিমিতা দাস আছিল এগৰাকী ভাল সত্ৰীয়া নৃত্য শিল্পী ।

ASSAM FERRY ACCIDENT TRIBUTE TO PARIMITA DAS
নিমাতীঘাটৰ ট্ৰেজেডি : অসম জাতীয় বিদ্যালয়তো শোকাকুল পৰিবেশ

গুৱাহাটী, ৯ ছেপ্টেম্বৰ:এটা সপোনৰ যেন সমাধি ঘটিল । অশ্ৰু আৰু বিষাদৰ মাজত ভাঁহি আহিল এটা শব্দ, পৰিমিতা আৰু নাই। আঠখেলীয়া নামঘৰত শৰাই দি মাজুলিলৈ উভতাৰ সময়ত নিমাতীঘাটৰ অভিশপ্ত ফেৰীখনত উঠিছিল এগৰাকী মেধাৱী ছাত্ৰী তথা সুযোগ্য শিক্ষয়িত্ৰী পৰিমিতা দাস ।

কিছুসময় আগলৈ মাতৃৰ সৈতে হাঁহি মাতি থকা পৰিমিতাই হয়তো ভৱা নাছিল মৃত্যুয়ে হয়তো অপেক্ষা কৰি আছে তেওঁৰ বাবে । মাত্ৰ কেইটামান সময়ৰ ব্যৱধান । তাৰ পিছত সকলো শেষ । পাৰলৈ তুলি অনা হ'ল এটা নিষ্প্ৰাণ শৰীৰ । চিৰদিনৰ বাবে শেষ হৈ গ'ল এটা পৰিয়ালৰ আশা-প্ৰত্যাশা ।

নিমাতীঘাটৰ ট্ৰেজেডি : অসম জাতীয় বিদ্যালয়তো শোকাকুল পৰিবেশ

নিমাতীঘাটতৰ ফেৰী দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা ৰঙাচাহী মহাবিদ্যালয়ত অসমীয়া বিভাগৰ সহকাৰী অধ্যাপিকা হিচাপে চলিত বর্ষত নিযুক্তি লাভ কৰা পৰিমিতা দাসে । মহানগৰীৰ কাহিলীপাৰাৰ পৰিমিতা আছিল অত্যন্ত অমায়িক-সৰলমনা । নুনমাটিস্থিত অসম জাতীয় বিদ্যালয়ৰ এসময়ৰ ছাত্ৰী আছিল পৰিমিতা ।

লগতে পঢ়ক:কৰ্তব্যত গাফিলতি কৰি তাচ পাত খেলে IWT ৰ বিষয়াই : শংকৰ জ্যোতি বৰুৱা

এই কথা পোহৰলৈ অহাৰ পিছত বিদ্যালয়খনত অধ্যয়ন কৰা একালৰ সতীৰ্থই পৰিমিতাক হেৰুৱাৰ বেদনাত এতিয়া শোকত ভাগি পৰিছে । আনকি পৰিমিতা দাসৰ মৃত্যৰ খবৰ বিয়পি পৰাৰ পিছত এক শোকাকুল পৰিবেশে বিৰাজ কৰিছে অসম জাতীয় বিদ্যালয়ৰ চৌহদতো ।

জানিব পৰা মতে মেধাসম্পন্ন যুৱতী গৰাকী নুনমাটিস্থিত অসম জাতীয় বিদ্যালয় পৰা 2010 বৰ্ষত মেট্ৰিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈছিল । শৈক্ষিক দিশত ব্যুৎপত্তি থকাৰ উপৰিও পৰিমিতা দাস আছিল এগৰাকী ভাল সত্ৰীয়া নৃত্য শিল্পী ।

লগতে পঢ়ক: নিমাতীঘাটৰ ট্ৰেজেডি : সহযাত্ৰীৰ প্ৰাণ বচাবলৈ গৈ সন্ধানহীন ইন্দ্ৰেশ্বৰ বৰা

মহানগৰীৰ কাহিলীপাৰাৰ পৰা আহি নুনমাটিৰ অসম জাতীয় বিদ্যালয়ত অধ্যয়ন কৰা পৰিমিতা দাসৰ এনে আকস্মিক মৃত্যুৰ খবৰে স্বাভাৱিকতে ব্যথিত কৰি তুলিছে বিদ্যালয় খনৰ প্ৰতিগৰাকী শিক্ষক-শিক্ষয়ত্ৰীৰ লগতে ছাত্ৰ-ছাত্ৰী সকলক । অসম জাতীয় বিদ্যালয়ত পৰিমতাৰ লগতে তেওঁৰ সহপাঠীৰ( 2010 বৰ্ষৰ) ফটো চাই এতিয়া বিদ্যালয়খনৰ প্ৰতিজন শিক্ষক-কৰ্মচাৰীয়ে পৰিমিতাৰ স্কুলীয়া জীৱনৰ সকলো পুৰণি স্মৃতি মনত পেলাই এতিয়া কেৱল চকুলো টুকিছে ।

উল্লেখ্য যে, মৃত্যুৰ পূৰ্বে পৰিমিতা দাসে কলেজৰ তেওঁৰ কেইবাজনো সহপাঠীক মোবাইল ফোনত দিছিল কিছু মেছেজ তথা আঠখেলীয়া নামঘৰত উঠা কিছু নিজৰ ফটো ।

লগতে পঢ়ক:কাহিলীপাৰালৈ অনা হ'ল পৰিমিতাৰ নশ্বৰদেহ

ABOUT THE AUTHOR

...view details