অসম

assam

Himachal Flood: হিমাচল প্ৰদেশ চৰকাৰলৈ অসম চৰকাৰৰ 10 কোটি টকাৰ বান সাহায্য

By ETV Bharat Assamese Team

Published : Sep 27, 2023, 9:32 PM IST

বান বিধস্ত হিমাচল প্ৰদেশৰ কাষত থিয় দিছে অসম চৰকাৰে ৷ বানপানী আৰু ভূমিস্খলনৰ ফলত ক্ষতিগ্ৰস্ত হোৱা ৰাজ্যখনলৈ অসম চৰকাৰে আগবঢ়ালে আৰ্থিক সাহায্য ৷

Himachal Flood
Himachal Flood

নিউজ ডেস্ক, 27 ছেপ্টেম্বৰ: প্ৰকৃতিৰ ৰোষত পৰি এক প্ৰকাৰৰ ধ্বংস স্তূপত পৰিণত হ’ল হিমাচল প্ৰদেশৰ বিভিন্ন অঞ্চল ৷ চলিত বৰ্ষত হোৱা বান আৰু ভূমিস্খলনৰ ফলত ৰাজ্যখনৰ বিস্তৰ ক্ষতি সাধন হ’ল ৷ ব্যক্তিগত সম্পত্তিৰ লগতে ৰাজহুৱা সম্পত্তিৰো ক্ষতি হ’ল ৰাজ্যখনত ৷ লগতে প্ৰাণ গ’ল বহু লোকৰ ৷

এনে পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ ৰাজ্যখনক প্ৰয়োজন হৈছে সাহায্যৰ ৷ ইয়াৰ প্ৰতি লক্ষ্য ৰাখি অসম চৰকাৰে হিমাচল প্ৰদেশ চৰকাৰক আগবঢ়াইছে সহায়ৰ হাত ৷ বুধবাৰে হিমাচল প্ৰদেশৰ কংগ্ৰেছ চৰকাৰৰ মুখ্যমন্ত্ৰী সুখবিন্দৰ সিং সুখুক প্ৰদান কৰিলে 10 কোটি টকাৰ আৰ্থিক সাহায্য ৷

অসম চৰকাৰৰ বন আৰু পৰিৱেশ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰীগৰাকীৰ হাতত অৰ্পণ কৰিলে 10 কোটি টকাৰ এখন চেক ৷ এই সন্দৰ্ভত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই X যোগে কয়, ‘‘এই বছৰৰ আৰম্ভণিতে হোৱা প্ৰলয়ংকৰী বানপানীৰ পিছত অসম হিমাচল প্ৰদেশৰ সৈতে থিয় দিছে ৷ আজি মাননীয় মন্ত্ৰী শ্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে হিমাচল প্ৰদেশৰ মাননীয় মুখ্যমন্ত্ৰীক অসমৰ জনসাধাৰণৰ পৰা 10 কোটি টকাৰ বৰঙণি আগবঢ়ায় ৷’’

ইফালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী সুখবিন্দৰ সিং সুখুলৈ প্ৰেৰণ কৰা এখন পত্ৰত উল্লেখ কৰে যে আমি হিমাচল প্ৰদেশৰ জনসাধাৰণৰ প্ৰতি সম্পূৰ্ণ সহানুভূতিশীল ৷ অসমো প্ৰতি বছৰে বানপানীৰ দ্বাৰা গুৰুতৰভাৱে ক্ষতিগ্ৰস্ত হয় । এই কঠিন সময়ত হিমাচল প্ৰদেশৰ জনসাধাৰণৰ সৈতে আমি একাত্মতা প্ৰকাশ কৰিছো ৷

লগতে উল্লেখ কৰে যে অসম চৰকাৰে বিনম্ৰতাৰে হিমাচল চৰকাৰে মুকলি কৰা ‘দুৰ্যোগ প্ৰশমন কোষ-2023’ লৈ 10 কোটি টকাৰ বৰঙণি আগবঢ়াইছে ৷ এই সাহায্য বানপানীৰ দ্বাৰা ক্ষতিগ্ৰস্ত লোকসকলৰ পুনঃসংস্থাপনৰ ক্ষেত্ৰত সহায়ক হ’ব ৷ উল্লেখ্য যে চিমলালৈ গৈ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে হিমাচলৰ মুখ্যমন্ত্ৰী সুখবিন্দৰ সিং সুখুক প্ৰদান কৰে চেকখন ৷

ইয়াৰ পাছতেই হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰীগৰাকীয়ে X যোগে কয়, ‘‘১০ কোটি টকাৰ উদাৰ অনুদানৰ বাবে মই অসম চৰকাৰলৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছো আৰু মুখ্যমন্ত্ৰীৰ সমৰ্থনক মই গভীৰভাৱে প্ৰশংসা কৰিছো । হিমাচল প্ৰদেশৰ শেহতীয়া বান দুৰ্যোগত ক্ষতিগ্ৰস্ত লোকসকলক সহায় কৰাৰ বাবে আমাৰ নিৰন্তৰ প্ৰচেষ্টাত ‘আপদা ৰাহাত কোষ-২০২৩লৈ’ এই গুৰুত্বপূৰ্ণ অৱদান অমূল্য ।’’

লগতে পঢ়ক:Sanatan Dharma row : সনাতন ধৰ্ম বিতৰ্ক; উদয়ানিধি ষ্টেলিনৰ বিৰুদ্ধে এজাহাৰৰ শুনানিৰ বাবে সন্মত ছুপ্ৰিম কোৰ্ট

ABOUT THE AUTHOR

...view details