অসম

assam

Assam assembly winter session: ২০ ডিচেম্বৰৰ পৰা অসম বিধানসভাৰ শীতকালীন অধিবেশন

By

Published : Dec 13, 2022, 7:12 AM IST

পঞ্চদশ অসম বিধানসভাৰ ২০২২ বৰ্ষৰ শীতকালীন অধিবেশনখন অহা ২০ ডিচেম্বৰৰ পৰা পাঁচদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব (Assam assembly winter session)। বিধানসভা সচিবালয়ে ইতিমধ্যে পাঁচোটা দিনৰে কাৰ্যসূচী প্ৰকাশ কৰিছে ৷

Assam assembly winter session
Assam assembly winter session

গুৱাহাটী, 13 ডিচেম্বৰ: অসম বিধান সভাৰ অধিসূচনা অনুসৰি পঞ্চদশ অসম বিধানসভাৰ (15th Assam assembly) ২০২২ বৰ্ষৰ শীতকালীন অধিবেশনখন অহা ২০ ডিচেম্বৰৰ পৰা পাঁচদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব (Assam assembly winter session)। বিধানসভা সচিবালয়ে সোমবাৰে ঘোষণা কৰা কাৰ্যসূচী অনুসৰি ২০ ডিচেম্বৰ, ২০২২ তাৰিখ মঙলবাৰে চৰকাৰী কাৰ্যসূচীত আছে মৃত্যু প্রসংগ, প্ৰশ্নোত্তৰ শিতানৰ লগতে অধ্যক্ষই অসম বিধানসভাৰ ২০২২ চনৰ শীতকালীন অধিবেশনৰ কাৰ্যসূচী স্থিৰ কৰি কাৰ্য উপদেষ্টা সমিতিৰ প্রতিবেদন ঘোষণা কৰিব ৷

অধ্যক্ষই অসম বিধানসভাৰ প্ৰক্ৰিয়া আৰু কাৰ্য পৰিচালনাৰ নিয়মাৱলীৰ ৯ (১) নিয়মৰ অধীনত সদন পৰিচালনাৰ বাবে মনোনীত সভাপতিৰ নাম ঘোষণা কৰিব ৷ লগতে অধ্যাদেশ দাখিল, প্রতিবেদন, নিয়মাৱলী ইত্যাদি দাখিল, বিধানসভাৰ বিভিন্ন সমিতিৰ প্ৰতিবেদন উপস্থাপন, চৰকাৰৰ বিভিন্ন সমিতি, পৰিষদ আদিলৈ সদস্য নির্বাচনৰ প্ৰস্তাৱ, ২০২২-২৩ চনৰ পৰিপূৰক দাবী আৰু পৰিপূৰক বিনিয়োজন তালিকা উপস্থাপন আৰু চৰকাৰী বিধেয়কসমূহ উপস্থাপন কৰা হ’ব (Assam assembly winter session 2022)।

২১ ডিচেম্বৰ, বুধবাৰে চৰকাৰী কাৰ্যসূচীত আছে প্ৰশ্নোত্তৰ শিতান আৰু চৰকাৰী বিধেয়কসমূহ উপস্থাপন । ২২ ডিচেম্বৰ, বৃহস্পতিবাৰৰ কাৰ্যসূচী অনুসৰি প্ৰশ্নোত্তৰ শিতান, ২০২২-২৩ চনৰ মঞ্জুৰীৰ বাবে পৰিপূৰক দাবী আৰু বিনিয়োজনসমূহৰ ওপৰত ভোটদান আৰু ২০২২ চনৰ অসম বিনিয়োজন বিধেয়কখন উপস্থাপন, বিবেচনা আৰু পাৰ্টিকৰণ ।

২৩ ডিচেম্বৰ, শুকুৰবাৰে আছে প্ৰশ্নোত্তৰ শিতান আৰু বে-চৰকাৰী সদস্যৰ কাৰ্যসূচী যেনে বিধেয়ক, সংকল্প প্ৰস্তাৱ, বিশেষ প্ৰস্তাৱ আদি । ২৪ ডিচেম্বৰ শনিবাৰে অন্তিম দিনাৰ কাৰ্যসূচী অনুসৰি প্ৰশ্নোত্তৰ শিতান, চৰকাৰী বিধেয়কসমূহ বিবেচনা আৰু পাৰ্টিকৰণ, যিকোনো অসমাপ্ত চৰকাৰী কাৰ্যসূচী আৰু অনিৰ্দিষ্ট কালৰ বাবে সদন স্থগিত ঘোষণা কৰা হ’ব ৷

লগতে পঢ়ক:Protest in Guwahati : উচ্ছেদ বন্ধৰ দাবীত গুৱাহাটী ক্লাৱত পথ ব্যৱসায়ীৰ প্ৰতিবাদ

ABOUT THE AUTHOR

...view details