অসম

assam

অসমত ৰাহুল গান্ধী কন্টেইনাৰতে থাকিব; অপূৰ্ব ভট্টাচাৰ্যক বেছি বোজা দিব খোজা নাই ভূপেন বৰাই

By ETV Bharat Assamese Team

Published : Jan 8, 2024, 7:04 PM IST

APCC President Bhupen Bora: অসমত ভাৰত ন্যায় জোড়ো যাত্ৰাৰ সময়ত কন্টেইনাৰতে নিশা কটাব ৰাহুল গান্ধীসহ এ আই চি চিৰ দলটোৱে ৷ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই জনাইছে এই কথা ৷

Rahul Gandhi rally
ভাৰত ন্যায় জোড়ো যাত্ৰা

অপূৰ্ব ভট্টাচাৰ্যক বেছি বোজা দিব খোজা নাই ভূপেন বৰাই

গুৱাহাটী, ৮ জানুৱাৰী: লোকসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত অসমত কংগ্ৰেছ দলৰ নেতাৰ মাজত সৃষ্টি হৈছে বিষোদ্গাৰ । অসম প্ৰদেশ কংগ্ৰেছৰ নিৰ্বাচনী কমিটী গঠনকলৈ এই বিষোদ্গাৰ কৰিছে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা অপূৰ্ব কুমাৰ ভট্টাচাৰ্যই । লোকসভা নিৰ্বাচনক কেন্দ্ৰ কৰি কংগ্ৰেছৰ হাইকমাণ্ডৰ অনুমতি সাপেক্ষে গঠন কৰা অসম প্ৰদেশ কংগ্ৰেছৰ নিৰ্বাচনী কমিটীত কংগ্ৰেছৰ জ্যেষ্ঠ নেতা অপূৰ্ব কুমাৰ ভট্টাচাৰ্যৰ নাম নথকাৰ বাবেই অপূৰ্ব কুমাৰ ভট্টাচাৰ্যই জনপ্ৰিয় সামাজিক মাধ্যম X ৰ জৰিয়তে বিষোদ্গাৰ কৰিছে ।

তেওঁ X ত অসম প্ৰদেশ কংগ্ৰেছৰ নিৰ্বাচনী কমিটীখনৰ ফটো দি কয়, ‘‘তালিকাখন চাই মই মোৰ সকলো কাম-কাজ বন্ধ কৰিছো । মই সকলো সামৰি যাবৰ বাবে সাজু হৈছো ।"

এই সন্দৰ্ভত সোমবাৰে গুৱাহাটীত সাংবাদিকৰ আগত অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই কয়, ‘‘এই তালিকাক লৈ কোনো বিতৰ্কৰ প্ৰশ্ন নাই । অপূৰ্ব ভট্টাচাৰ্য ভাল বক্তা । তেওঁ নিৰ্বাচনত বক্তা হিচাপে থাকিব । সেইবাবে তেওঁক অসম প্ৰদেশ কংগ্ৰেছৰ নিৰ্বাচনী কমিটীত ৰাখি অতিৰিক্ত বোজা দিয়া নাই ।’’

ইফালে অসমত অহা 17 জানুৱাৰীৰ পৰা অনুষ্ঠিত হ’বলগীয়া ৰাহুল গান্ধীৰ ভাৰত ন্য়ায় জোড়ো যাত্ৰা সন্দৰ্ভতো মত প্ৰকাশ কৰে ভূপেন বৰাই ৷ মাজুলীলৈ যোৱাৰ ক্ষেত্ৰত ফেৰী নিশ্চিত হোৱা নাই বুলি উল্লেখ কৰি তেওঁ কয় যে সেই সময়তে বিজেপি দলেও মাজুলীত বৃহৎ অনুষ্ঠানৰ আয়োজন কৰা হেতুকে সা-সুবিধাৰ ক্ষেত্ৰত সমস্যা আহি পৰিছে ৷

ইফালে এইবাৰ সমদলৰ সময়ত অসমৰ কোনো হোটেল আদিত আশ্ৰয় নলয় কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ লগতে তেওঁৰ সৈতে অহা এ আই চি চিৰ দলটোৱে ৷ দিল্লীৰ পৰা অনা 50 খন কন্টেইনাৰতে থকা-খোৱাৰ সকলো ব্যৱস্থা কৰা হ’ব বুলি জানিবলৈ দিয়ে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ৷

লগতে পঢ়ক:অগপৰ ইতিহাসৰ পাত লুটিয়াই মঞ্চতে উচুপনি ফণীভূষণ চৌধুৰীৰ

ABOUT THE AUTHOR

...view details