ETV Bharat / state

অগপৰ ইতিহাসৰ পাত লুটিয়াই মঞ্চতে উচুপনি ফণীভূষণ চৌধুৰীৰ

author img

By ETV Bharat Assamese Team

Published : Jan 8, 2024, 5:37 PM IST

AGP booth conference: নলবাৰীত অগপৰ বুথ কৰ্মী সন্মিলনত হুকহুকাই কান্দি উঠিল ফণীভূষণ চৌধুৰী । দলটোৰ কৰ্মৰাজিৰ বিষয়ে বিশ্লেষণ আগবঢ়াই হুকহুকাই কান্দি উঠিল জ্যেষ্ঠ বিধায়কগৰাকী ।

Lok sabha polls 2024
AGP booth conference

অগপৰ বুথ কৰ্মী সন্মিলন

নলবাৰী, ৮ জানুৱাৰী: লোকসভা নিৰ্বাচন সমাগত ৷ ইতিমধ্যে ৰাজনৈতিক দলসমূহে কুচকাৱাজ আৰম্ভ কৰিছে ৷ বিজেপিৰ সৈতে মিত্ৰতাত থকা অসম গণ পৰিষদ দলৰ আসন এতিয়াও নিশ্চিত হোৱা নাই যদিও তেওঁলোকে সমষ্টিয়ে সমষ্টিয়ে সভা-সমিতি অনুষ্ঠিত কৰি দলটোৰ ভেটি শক্তিশালী কৰাৰ প্ৰচেষ্টা চলাই গৈছে ৷ সোমবাৰে নলবাৰী জিলাত অগপই অনুষ্ঠিত কৰে বুথ সন্মিলন ৷

বৰপেটা লোকসভা সমষ্টিৰ অন্তৰ্গত নলবাৰীৰ ছহিদ মুকুন্দ কাকতি বাছ আস্থানৰ চৌহদত অগপই বজালে ৰণশিঙা ৷ বৰপেটা লোকসভা সমষ্টিৰ অন্তৰ্গত প্ৰায় আঢ়ৈ হাজাৰ বুথৰ কৰ্মীসকলৰ উপস্থিতিত অনুষ্ঠিত হয় এই সন্মিলন৷ অগপৰ সভাপতি অতুল বৰা, কাৰ্যকৰী সভাপতি কেশৱ মহন্ত, বিধায়ক ফণীভূষণ চৌধুৰী, ৰমেন্দ্ৰ নাৰায়ণ কলিতা, জ্যেষ্ঠ নেতা ভূপেন ৰয়কে আদি কৰি কেইবাগৰাকীও শীৰ্ষ নেতা উপস্থিত থাকে ৷

উক্ত সভাত ভাষণ প্ৰদান কৰি থকা অৱস্থাত মঞ্চতে হুকহুকাই কান্দিলে বিধায়ক তথা দলটোৰ জ্যেষ্ঠ নেতা ফণীভূষণ চৌধুৰীয়ে ৷ ঐতিহাসিক অসম আন্দোলনৰ ভেটিত গঢ়ি উঠা আঞ্চলিক দলটোৰ 48 বছৰীয়া ইতিহাসৰ পাত লুটিয়াই আবেগিক হৈ পৰা দেখা গ’ল বিধায়কগৰাকীক ৷

ইফালে সন্মিলনত অংশগ্ৰহণ কৰি সাংবাদিকৰ আগত দলটোৰ সভাপতি তথা অসম চৰকাৰৰ মন্ত্ৰী অতুল বৰাই কয় যে বৰপেটা লোকসভা সমষ্টিত এইবাৰ কংগ্ৰেছৰ বেলি মাৰ যাব ৷ বৰ্তমানৰ সাংসদগৰাকী সমাজৰ সৈতে জড়িত এগৰাকী সাংবাদিক আছিল ৷ গতিকে তেওঁ যি ধৰণে কাম কৰিব লাগিছিল বাস্তৱত সেয়া নকৰিলে ৷ গতিকে এইবাৰ তেওঁৰ পৰাজয় নিশ্চিত ৷

আনহাতে, আসনৰ ভাগ-বাটোৱাৰা সন্দৰ্ভত মন্ত্ৰী বৰাই কয় যে সেয়া এতিয়াও নিশ্চিত হোৱা নাই ৷ দলে তৃণমূল পৰ্যায়ত জৰীপ চলাই থকা বুলি উল্লেখ কৰি তেওঁ কয় যে সম্ভাৱনা প্ৰবল সমষ্টি সমূহত পৰিকল্পনা মতেই তেওঁলোক আগবাঢ়িছে ৷ ইফালে অগপই আসনৰ বাবে বিজেপিৰ সৈতে আপোচ কৰিব নেকি বুলি সাংবাদিকে সোধাত জাঙুৰ খাই উঠে সভাপতিগৰাকী ৷ তেওঁ কয় যে এন ডি এত যিহেতু অগপ অংশ হৈ আছে, গতিকে এয়া আপোচ বুলি নকয় ৷ ইয়াক সামঞ্জস্য স্থাপন কৰা বুলিহে কয় ৷ মুঠতে যিকোনো প্ৰকাৰে এইবাৰ এগৰাকী হ’লে সদস্য লোকসভালৈ পঠিয়াব বুলি আশাবাদী হৈ আছে অগপ ৷

লগতে পঢ়ক: ছাত্ৰীৰ মুখত লিপষ্টিক, মেকআপ দেখি খঙত অগ্নিশৰ্মা সাংসদ আজমল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.