অসম

assam

ভোটৰ লালসাত আমাক আৰু ধৰুৱা নকৰিব : অপূৰ্ব ভট্টাচাৰ্য

By

Published : Jul 3, 2022, 3:53 PM IST

বিজেপি চৰকাৰে উপাৰ্জনৰ উৎস হিচাপে কেৱল কৰ-কাটলৰ হাৰ বৃদ্ধিৰে পৰিস্থিতিৰ জোৰা মাৰিব বিচাৰিছে । বেংকৰ পৰা ঋণ লৈ জন্মদিন পতাৰ দৰে ৰাজ্যৰ উন্নয়ণ কৰিব বিচাৰিছে বিজেপি চৰকাৰে ৷ এই মন্তব্য প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক অপূৰ্ব কুমাৰ ভট্টাচাৰ্যৰ (APCC general secretary Apurba Bhattacharjee)৷

APCC general secretary Apurba Bhattacharjee
ভোটৰ লালসাত আমাক আৰু ধৰুৱা নকৰিব : অপূৰ্ব ভট্টাচাৰ্য

গুৱাহাটী, ৩ জুলাই : মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি মিত্ৰজোঁটৰ চৰকাৰে অসমবাসীৰ মূৰৰ ওপৰত ধাৰৰ বোজা জাপি দি কি বিকাশ কৰিছে ? এই প্ৰশ্ন প্ৰদেশ কংগ্ৰেছৰ । এইক্ষেত্ৰত মুখ্যমন্ত্ৰীক স্থিতি স্পষ্ট কৰিবলৈ দাবী জনাইছে প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক অপূৰ্ব কুমাৰ ভট্টাচাৰ্যই (APCC general secretary Apurba Bhattacharjee)।

বানাক্ৰান্ত ৰাইজক সাহায্য প্ৰদানৰ বাবে ধনৰ অভাৱ নাই বুলি দম্ভালি মৰা ৰাজ্য চৰকাৰে পুনৰ ১০০০ কোটি টকাৰ ঋণ বিচাৰিব লগীয়া কিয় হৈছে বুলিও তেওঁ প্ৰশ্ন কৰে (Assam seeks Rs 1000 cr from centre as flood relief)। ভট্টাচাৰ্যই কয় যে, ৫ জুলাইত ৰিজাৰ্ভ বেংকে যদি অতিৰিক্ত ১০০০ কোটি টকা ঋণ দিয়ে তেনেহলে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ ১লাখ ১০ হেজাৰ কোটি টকাৰ ধৰুৱা হ'ব ।

ৰাজ্য চৰকাৰে পুনৰ ঋণ লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকে ধৰি শীৰ্ষ নেতৃত্বক সন্তুষ্ট কৰাৰ সলনি প্ৰলয়ংকৰী বানত হোৱা ক্ষয়-ক্ষতিৰ বাবে সাহায্য নিবিচাৰে কিয় বুলি প্ৰশ্ন কৰে প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদকগৰাকীয়ে ।

ভোটৰ লালসাত আমাক আৰু ধৰুৱা নকৰিব : অপূৰ্ব ভট্টাচাৰ্য

একমাত্ৰ নিৰ্বাচনত ভোট লাভ কৰাৰ লক্ষ্যৰে অপৰিকল্পিতভাৱে হিতাধিকাৰী সৃষ্টিৰ প্ৰয়োজন কি বুলি প্ৰশ্ন উত্থাপন কৰি তেওঁ কয় যে, ইতিমধ্যে আন্তঃৰাষ্ট্ৰীয় বজাৰত ডলাৰৰ তুলনাত ভাৰতীয় টকাৰ মূল্য দৈনিক কমিবলৈ ধৰিছে । চৰকাৰে মুখত বিকাশৰ কথা কয় যদিও কাৰ্যত জনসাধাৰণক কৰ্মহীন, এলেহুৱা কৰি পেলাইছে বুলি মন্তব্য কৰে অপূৰ্ব কুমাৰ ভট্টাচাৰ্যই ।

এই নীতিয়ে এখন ৰাজ্যৰ প্ৰগতিৰ বাট মুকলি নকৰে বুলি উল্লেখ কৰি তেওঁ কয় যে বিজেপি চৰকাৰে উপাৰ্জনৰ উৎস হিচাপে কেৱল কৰ-কাটলৰ হাৰ বৃদ্ধিৰে পৰিস্থিতিৰ জোৰা মাৰিব বিচাৰিছে । এনে নীতি মুঠেও সমৰ্থন যোগ্য নহয় । বেংকৰ পৰা ঋণ লৈ জন্মদিন পতাৰ লেখীয়া কাৰ্যই ৰাজ্যৰ প্ৰগতি কেনেকৈ সাধিব বুলি তেওঁ প্ৰশ্ন কৰি এইক্ষেত্ৰত ৰাজ্যবাসীয়ে সমগ্ৰ বিষয়টো যুক্তিৰে ফহিয়াই চাবলৈ আহ্বান জনায় ।

লগতে পঢ়ক:বানাক্ৰান্তক খবৰ ল'বলৈ আহি বিজেপিক তুলাধূনা সাংসদ গৌৰৱ গগৈৰ

ABOUT THE AUTHOR

...view details