ETV Bharat / state

বানাক্ৰান্তক খবৰ ল'বলৈ আহি বিজেপিক তুলাধূনা সাংসদ গৌৰৱ গগৈৰ

author img

By

Published : Jul 3, 2022, 2:18 PM IST

Updated : Jul 3, 2022, 8:53 PM IST

বিজেপি ধনী মানুহৰ দল ৷ বানাক্ৰান্তক খবৰ ল'বলৈ আহি বিজেপিক তুলাধূনা সাংসদ গৌৰৱ গগৈৰ (MP Gaurav Gogoi visited flooded area at Borghuli)৷

MP Gaurav Gogoi visited
বিজেপিক তুলাধূনা সাংসদ গৌৰৱ গগৈৰ

কলিয়াবৰ, 3 জুলাই : ৰাজ্যজুৰি অব্যাহত আছে বানৰ সংহাৰ (Assam flood 2022) ৷ ৰাজ্যৰ আন প্ৰান্তৰ লগতে কলিয়াবৰৰ বৰঘূলীত বানে জুৰুলা কৰিছে ৰাইজক ৷ দেওবাৰে কলিয়াবৰৰ বৰঘূলীত বানাক্ৰান্তৰ খবৰ ল'বলৈ আহি মৰ্মাহত হৈ পৰে সাংসদ গৌৰৱ গগৈ (MP Gaurav Gogoi visited flooded area) ৷ ইয়াৰ লগতে দলৰ হৈ নিজাববীয়াকৈ বানাক্ৰান্তৰ মাজত সাহাৰ্য বিতৰণ কৰে সাংসদগৰাকীয়ে ৷

বানাক্ৰান্তসকলৰ মাজলৈ অহা পলম হ'ল বুলি স্বীকাৰ কৰি সাংসদ গগৈয়ে কয় যে দলীয় কামৰ সংক্ৰান্তত তেওঁ দিল্লীত থাকিবলগীয়া হৈছিল ৷ দিল্লীৰপৰাই স্থানীয় নেতাৰ পৰা বানাক্ৰান্তৰ সকল বিষয়ে খবৰ লৈ আছিল বুলি জানিবলৈ দিয়ে সাংসদগৰাকীয়ে ৷ মন কৰিবলগীয়া যে যোৱ 10 দিনৰ পূৰ্বেহে অঞ্চলটোত বান সাহাৰ্য প্ৰদানক লৈ ক্ষোভ প্ৰকাশ কৰে সাংসদগৰাকীয়ে ৷

ইয়াৰোপৰি সাংসদগৰাকীয়ে বিজেপিক উদ্দেশ্যি কয় যে (Gaurav Gogoi slams BJP)এই বৰ্ষত অত্যাধিক মাত্ৰাত বৰষুণ হ'ব বুলি সংশ্লিষ্ট পক্ষই সাৱধান কৰি দিয়াৰ পিছতো ৰাজ্যত ভয়ানক বানৰ সৈতে মোকাবিলা কৰিবলৈ ৰাজ্য চৰকাৰে আগতীয়াকৈ পৰ্যাপ্ত ব্যৱস্থা কৰা নাছিল ৷ এই বানত ৰাজ্য চৰকাৰে যিদৰে সাহাৰ্য আগবঢ়াব লাগিছিল সেই ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে অসম চৰকাৰক সহায় কৰা নাই ৷ যোৱা সময়ছোৱাত তামিলনাডুত হোৱা বানৰ সময়ত প্ৰধান মন্ত্ৰী নিজেই বানপীড়িতৰ খবৰ লৈ কোটি টকীয়া পেকেজ ঘোষণা কৰিছিল কিন্তু এইবাৰ অসমলৈ আহিবলৈ প্ৰধানমন্ত্ৰীৰ সময় নোলাল ৷

বিজেপিক তুলাধূনা সাংসদ গৌৰৱ গগৈৰ

দেশত পুনৰ 'জিএছটি'ৰ ব্যৱৱস্থাৰ সংশোধন কৰি সৰ্বসাধাৰণ ৰাইজে ব্যৱহাৰ কৰা সামগ্ৰীত জিএছটি আৰোপ কৰা কাৰ্যৰ তীব্ৰ সমালোচনা কৰে সাংসদগৰাকীয়ে৷ কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে (Congress leader Rahul Gandhi) 'গব্বৰ সিং টেক্স' বুলি কোৱা কথাষাৰ এতিয়া দেশৰ জনগণে উপলব্ধি কৰিছে । বিজেপি ধনী মানুহৰ দল ৷ জিএছটিৰ দ্বাৰা ধনী ব্যৱসায়ীসকলহে উপকৃত হৈছে ৷ দৰিদ্ৰ লোকসকলৰ ওপৰত জিএছটিয়ে মাধমাৰ সোধাইছে ৷

ইয়াৰ সমান্তৰালকে সাংসদগৰাকীয়ে মহাৰাষ্ট্ৰৰ বিসম্বাদী বিধায়কসকল অসমত বাহৰ পতাৰ সন্দৰ্ভত কয় - "আমি সকলোৱে দেখা পাইছো যে বিজেপিক কেৱল ক্ষমতা লাগে৷ বিজেপিয়ে মহাৰাষ্ট্ৰৰ পৰা মানুহ মাতি আনিছে, লাখ লাখ টকাৰ খাদ্য খুৱাব৷ এইবোৰ কৰিবলৈ তেওঁলোকৰ হাতত পইচা আছে ৷ অসমৰ আৰ্থিক অৱস্থা ইমানেই বেয়া নেকি যে হোটেলৰ ৰুমৰ ভাড়াৰ পৰা বানাক্ৰান্ত লোকক সাহাৰ্য দিব লগা হৈছে ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তামিলনাডুৰ কাৰণে কোটিটকীয়া পেকেজ দিয়ে কিন্তু অসমৰ কাৰণে জিএছটি ৷ বিজেপিৰ ওচৰত ক্ষমতা আছে কিন্তু এই ক্ষমতা লৈ অহংকাৰী হ'ব নালাগে ৷ অহংকাৰী ৰজাৰ দিন সদায় ভাল হৈ নাথাকে ৷"

লগতে পঢ়ক : Erosion at Kalgachia: চকুৰ সন্মুখতে নৈৰ বুকুত জাহ গ'ল 21 টা পৰিয়ালৰ বাসগৃহ

Last Updated : Jul 3, 2022, 8:53 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.