অসম

assam

Anti Terrorism Day 2022: অসম সচিবালয়ত সন্ত্ৰাসবাদ বিৰোধী সংকল্প গ্ৰহণ

By

Published : May 21, 2022, 3:45 PM IST

১৯৯১ চনৰ আজিৰ দিনটোতে তামিলনাডুত সন্ত্ৰাসবাদীৰ আত্মঘাটী বোমা বিস্ফোৰণৰ ফলত ভূতপূৰ্ব প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীয়ে প্ৰাণ বিসৰ্জন দিবলগীয়া হৈছিল । এই দিনটোৰ লগত সংগতি ৰাখি সন্ত্ৰাসবাদ বিৰোধী দিৱস হিচাপে সমগ্ৰ ৰাষ্ট্ৰতে পালন কৰি অহা হৈছে (Anti Terrorism Day)।

Anti Terrorism Day 2022
অসম সচিবালয়ত সন্ত্ৰাসবাদ বিৰোধী সংকল্প গ্ৰহণ

গুৱাহাটী, ২১ মে’: সন্ত্ৰাসবাদ বিৰোধী দিৱস উপলক্ষে শনিবাৰে অসম চৰকাৰৰ অন্যান্য কাৰ্যালয়ৰ লগতে অসম সচিবালয়তো সন্ত্ৰাসবাদ বিৰোধী শপত গ্ৰহণ কৰা হয় (Anti Terrorism Day)। অতিৰিক্ত মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰে সচিবালয়ৰ বিষয়া-কৰ্মচাৰীসকলক এই শপত বাক্য পাঠ কৰোৱায় । এই অনুষ্ঠানত ভাৰতীয় পৰম্পৰা অহিংসা আৰু সহিষ্ণুতাৰ প্ৰতি অটল বিশ্বাস অক্ষুণ্ণ ৰাখি সমস্ত শক্তিৰে সকলোধৰণৰ সন্ত্ৰাস আৰু হিংসা প্ৰতিৰোধ কৰাৰ অংগীকাৰ গ্ৰহণ কৰা হয় (Anti terrorism day observes at Assam Secretariat)।

অসম সচিবালয়ত সন্ত্ৰাসবাদ বিৰোধী সংকল্প গ্ৰহণ

তদুপৰি সকলোৰে মাজত শান্তি, সামাজিক সমন্বয় আৰু বুজাবুজি ৰক্ষা কৰি মানৱ জীৱন আৰু মানৱীয় প্ৰমূল্যৰাজিৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰা বিভেদকামী শক্তিসমূহৰ বিৰুদ্ধে যুঁজিবৰ বাবেও সংকল্প লোৱা হয় । উল্লেখ্য যে, ১৯৯১ চনৰ আজিৰ দিনটোতে তামিলনাডুত সন্ত্ৰাসবাদীৰ আত্মঘাটী বোমা বিস্ফোৰণৰ ফলত ভূতপূৰ্ব প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীয়ে প্ৰাণ বিসৰ্জন দিবলগীয়া হৈছিল (Rajiv Gandhi Death Anniversary)।

ইয়াৰ পাছৰ পৰাই সন্ত্ৰাসবাদৰ ভয়াবহতা আৰু বিৰূপ প্ৰভাৱৰ প্ৰতি সকলোকে সজাগ কৰাৰ অৰ্থে ভূতপূৰ্ব প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ মৃত্যুৰ দিনটো সন্ত্ৰাসবাদ বিৰোধী দিৱস হিচাপে সমগ্ৰ ৰাষ্ট্ৰতে পালন কৰি অহা হৈছে ।

লগতে পঢ়ক:প্ৰাক্তন স্বাস্থ্যমন্ত্ৰীৰ অসুস্থতাৰ খবৰ ল’লে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰীয়ে

ABOUT THE AUTHOR

...view details