ETV Bharat / bharat

প্ৰাক্তন স্বাস্থ্যমন্ত্ৰীৰ অসুস্থতাৰ খবৰ ল’লে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰীয়ে

author img

By

Published : May 21, 2022, 9:55 AM IST

ত্ৰিপুৰাৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী ড৹ মানিক সাহাই শুকুৰবাৰে পৰিদৰ্শন কৰে ত্ৰিপুৰা চিকিৎসা মহাবিদ্যালয় হাস্পতাল(TMCH) ৷ চিকিৎসালয়খনত ভৰ্তি হৈ থকা প্ৰাক্তন স্বাস্থ্য মন্ত্ৰী তথা চিপিআইএমৰ বিধায়ক বাদল চৌধুৰীৰ স্বাস্থ্যৰ খবৰ লোৱাৰ উদ্দেশ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে চিকিৎসালয়খনত উপস্থিত(Tripura CM visits hospital to check ailing former Health Minister) হয় ৷

tripura-cm-visits-hospital-to-check-ailing-former-health-minister
প্ৰাক্তন স্বাস্থ্যমন্ত্ৰীৰ অসুস্থতাৰ খবৰ ল’লে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰীয়ে

আগৰতলা, 21 মে’: শাৰিৰীক সমস্যাত ভোগা ত্ৰিপুৰাৰ প্ৰাক্তন স্বাস্থ্য মন্ত্ৰী তথা চিপিআইএমৰ বিধায়ক বাদল চৌধুৰী বিগত কিছুদিনৰে পৰা চিকিৎসাধীন অৱস্থাত আছে ৷ প্ৰাক্তন মন্ত্ৰীগৰাকীৰ স্বাস্থ্যৰ খবৰ লোৱাৰ উদ্দেশ্যে চিকিৎসালয়ত উপস্থিত হয় মুখ্যমন্ত্ৰী ড৹ মানিক সাহা(Tripura CM visits hospital to check ailing former Health Minister) ৷ সাহাই প্ৰাক্তন মন্ত্ৰীগৰাকীৰ স্বাস্থ্যৰ বুজ লোৱাৰ লগতে এই সন্দৰ্ভত চিকিৎসকসকলৰ সৈতে বাৰ্তালাপত মিলিত হয় ৷

অৱশ্যে পৰৱৰ্তী সময়ত সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা অনুসৰি, আইচিইউত থকা প্ৰাক্তন মন্ত্ৰীগৰাকীৰ বৰ্তমান স্বাস্থ্যৰ অৱস্থা সুস্থিৰ ৷ যাৰ বাবে চিন্তাৰ কোনো কাৰণ নাই ৷ মুখ্যমন্ত্ৰীগৰাকীয়ে বাদল চৌধুৰীৰ চিকিৎসাৰ বাবে প্ৰয়োজনীয় সকলো যাৱতীয় ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ প্ৰদান কৰে চিকিৎসকসকলক ৷ ড৹ মাণিক সাহাই প্ৰাক্তন মন্ত্ৰীগৰাকীৰ স্বাস্থ্যৰ দ্ৰুত আৰোগ্য কামনা কৰে ৷

পিছত মুখ্যমন্ত্ৰীগৰাকীয়ে ত্ৰিপুৰা চিকিৎসা মহাবিদ্যালয় হাস্পতাল(TMCH) ৰ অধীক্ষক আৰু ডাঃ বি আৰ আম্বেদকাৰ শিক্ষণ চিকিৎসালয়(Dr. B R Ambedkar Teaching Hospital) ৰ দন্ত অস্ত্ৰোপচাৰ শাখা আৰু কাৰ্যালয় পৰিদৰ্শন কৰে ৷ চিকিৎসালয়খনৰ অধীক্ষক ডাঃ জয়ন্ত কুমাৰ পোদ্দাৰৰ সৈতে চিকিৎসালয়খনৰ স্বাস্থ্য সেৱাৰ মানদণ্ড কেনেদৰে বৃদ্ধি কৰিব পাৰি, সেই সন্দৰ্ভতো মুখ্যমন্ত্ৰীয়ে আলোচনা কৰে ৷

লগতে চাওক: স্বাস্থ্য বিষয়াক কাঢ়া নিৰ্দেশ ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী ড০ মানিক সাহাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.