অসম

assam

NIA Case against Akhil Gogoi: নিয়াৰ আদালতত পুনৰ হাজিৰ বিধায়ক অখিল গগৈ

By

Published : May 6, 2023, 3:05 PM IST

পুনৰ নিয়াৰ আদালতত হাজিৰ শিৱসাগৰৰ বিধায়ক অখিল গগৈ । উল্লেখ্য় যে NIA আদালতে আজি গোচৰটো পুণৰ পৰীক্ষণৰ দিন ধাৰ্য্য কৰিছিল (Akhil Gogoi NIA Case)।

Akhil Gogoi NIA Case
নিয়াৰ আদালতত হাজিৰ অখিল গগৈ

নিয়াৰ আদালতত হাজিৰ অখিল গগৈ

গুৱাহাটী, ৬ মে': গুৱাহাটীৰ নিয়াৰ আদালতত শনিবাৰে পুনৰ হাজিৰ হয় শিৱসাগৰৰ বিধায়ক অখিল গগৈ (Akhil Gogoi in Nia court)। উল্লেখ্য যে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অনুযায়ী অখিল গগৈ বৰ্তমান জামিনত আছে । সেয়েহে আজি নিয়মমফিকভাৱে বিধায়ক অখিল গগৈয়ে নিয়া আদালতত হাজিৰ হয় । আজি গোচৰটো পুণৰ পৰীক্ষণৰ দিন ধাৰ্য্য কৰিছিল NIA আদালতে ।

উল্লেখ্য যে বিধায়ক অখিল গগৈৰ বিৰুদ্ধে থকা 'নিয়া'ৰ গোচৰৰ সন্দৰ্ভত পুনৰ গোচৰ চলোৱাৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ে দিছিল অনুমতি (Gauhati High Court on MLA Akhil Gogoi)। এই সন্দৰ্ভত ইতিমধ্যে উচ্চতম ন্যায়ালয়ৰ দাৰস্থ হৈছিল অখিল গগৈ (NIA case against Akhil Gogoi) । ইয়াৰ পিচতেই অখিল গগৈৰ সাময়িকভাৱে সকাহ দিছিল উচ্চতম ন্যায়ালয়ে ।

'কা' বিৰোধী আন্দোলনৰ গোচৰৰ বাবে দুবছৰ কাৰাবাস খাটি যোৱা বছৰ ২১ জুলাইত মুকলি আকাশৰ তললৈ আহিছিল অখিল গগৈয়ে । পিচত নিয়াই পুনৰ এই শুনানীৰ বিৰুদ্ধে গুৱাহাটী উচ্চ ন্যায়ালয়ত আপীল কৰে । পিচত এই গোচৰটোৰ পুনৰ শুনানী গ্ৰহণ কৰি অখিল গগৈক নিয়া আদালতত হাজিৰ হোৱাৰ নিৰ্দেশ দিছিল গুৱাহাটী উচ্চ ন্যায়ালয়ে ।

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পিচতে অখিল গগৈয়ে আগতীয়া জামিন বিচাৰি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ শেহতীয়া শুনানীক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল (Sivasagar MLA Akhil Gogoi)। ইপিনে, নিয়াৰ আদালতত হাজিৰ হোৱা পিচত অখিল গগৈয়ে সংবাদ মাধ্যমৰ আগত কয় ,"এইটো মোৰ বিৰুদ্ধে ভুৱা গোচৰ আছিল । মই নিশ্চিতভাবে ন্যায় লাভ কৰিম । বিজেপি নেতৃত্বাধীন চৰকাৰে মোৰ ওপৰত ভুৱা গোচৰ জাপি দি মোৰ প্ৰতিবাদী কণ্ঠ ৰুদ্ধ কৰিব বিচাৰিছে (MLA Akhil Gogoi react on Assam Govt)।" উল্লেখ্য় যে কেইদিনমান পূৰ্বে NIAৰ গোচৰত জামিন লাভ কৰিছিল শিৱসাগৰৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে । উচ্চতম ন্যায়ালয়ে জামিন মঞ্জুৰ কৰে অখিল গগৈৰ (SC grants bail Akhil Gogoi)।

লগতে পঢ়ক:Foundation stone of open stage laid: শ্ৰীশ্ৰী বদলা পদ্ম আতা কলাক্ষেত্ৰৰ মুকলি মঞ্চৰ আধাৰশিলা স্থাপন

ABOUT THE AUTHOR

...view details