অসম

assam

মূল্যবৃদ্ধিৰ বিৰুদ্ধে অজাপৰ প্ৰতিবাদ : ৰাজ্যপালক সাক্ষাৎ

By

Published : Oct 28, 2021, 5:10 PM IST

পে'ট্ৰল-ডিজেলৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ অভাৱনীয় মূল্যবৃদ্ধিয়ে সম্প্ৰতি ৰাজ্যৰ জনতাক কোঙা কৰিছে ৷ অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ দাবীত ৰাজ্যৰ বিভিন্ন দল সংগঠনে ইতিমধ্যে ৰাজ্যজুৰি প্ৰতিবাদ সাব্যস্ত কৰিছে ৷ এনে সময়তে বৃহস্পতিবাৰে অসম জাতীয় পৰিষদে এই সন্দৰ্ভত ৰাজ্যপালক সাক্ষাৎ কৰি এখন স্মাৰক পত্ৰ প্ৰদান কৰে ৷

AJP protests against price Hike
ৰাজ্যপালক সাক্ষাৎ অসম জাতীয় পৰিষদৰ

গুৱাহাটী, ২৮ অক্টোবৰ : আৰক্ষীৰ প্ৰৱল বাধা আৰু প্ৰত্যাহ্বানৰ মাজেৰে বৃহস্পতিবাৰে গুৱাহাটী মহানগৰীত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে অসম জাতীয় পৰিষদে । অসম জাতীয় পৰিষদৰ কামৰূপ জিলা আৰু কামৰূপ মহানগৰ সমিতিয়ে মূল্যবৃদ্ধিৰ বিৰুদ্ধে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে । অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধি আৰু পে’ট্ৰল-ডিজেলৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে এই প্ৰতিবাদী কাৰ্যসূচী হাতত লোৱা হয় ।

ৰাজ্যপালক সাক্ষাৎ অসম জাতীয় পৰিষদৰ

অসম জাতীয় পৰিষদে গুৱাহাটী ক্লাৱৰ টি চি স্কুল পইন্টৰ পৰা এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি ৰাজভৱনলৈ যোৱাৰ কথা আছিল যদিও আৰক্ষীৰ বেৰিকেডৰ বাবে প্ৰতিবাদকাৰীসকলৰ বাবে সেয়া সম্ভৱ হৈ নুঠিল । আৰক্ষীয়ে প্ৰতিবাদকাৰীসকলক বাধা দিয়াৰ ফলত সৃষ্টি হোৱা হতাহতিত ফলত কেইবাজনো প্ৰতিবাদকাৰী আহত হয় ।

প্ৰতিবাদৰ পিছত দলৰ সভাপতি লুৰীণজ্যোতি গগৈ, কাৰ্যকৰী সভাপতি পবীন্দ্ৰ ডেকা আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞা সমন্বিতে দলটোৰ এটা প্ৰতিনিধি দলে ৰাজভৱনত ৰাজ্যপাল জগদীশ মুখীক সাক্ষাৎ কৰি এখন স্মাৰকপত্ৰ প্ৰদান কৰে ।

লগতে পঢ়ক :গুৱাহাটীৰ এটা অঞ্চলক কৰা হ'ল কণ্টেইনমেণ্ট জ'ন

ABOUT THE AUTHOR

...view details