অসম

assam

Badruddin Ajmal ED Interrogation: আজমল ভ্ৰাতৃদ্বয়ক তিনিবাৰকৈ ই ডিৰ জেৰা !

By

Published : Jul 27, 2022, 5:31 PM IST

বদৰুদ্দিন আজমলক এনফ'ৰ্চমেন্ট ডাইৰেক্টৰেট চমুকৈ ই ডিয়ে জেৰা চলোৱাক কেন্দ্ৰ কৰি সৃষ্টি হৈছে বিভ্ৰান্তিকৰ পৰিস্থিতি(MP Badruddin Ajmal under ED)৷ এ আই ইউ ডি এফৰ দুগৰাকীকৈ বিধায়কে বদৰুদ্দিন আজমল আৰু তেওঁৰ ভ্ৰাতৃ চিৰাজুদ্দিন আজমলক(MP Sirajuddin Ajmal) ইতিমধ্যে ই ডিয়ে দুই-তিনিবাৰকৈ জেৰা চলোৱাৰ কথা প্ৰকাশ কৰিছে যদিও বদৰুদ্দিন আজমলে এই কথা অস্বীকাৰ কৰি আহিছে ৷

Badruddin Ajmal ED Interrogation
আজমল ভ্ৰাতৃদ্বয়ক তিনিবাৰকৈ ই ডিৰ জেৰা !

নিউজ ডেস্ক, ২৭ জুলাই: এ আই ইউ ডি এফৰ মুৰব্বী তথা ধুবুৰী সমষ্টিৰ সাংসদ বদৰুদ্দিন আজমলক এনফ'ৰ্চমেন্ট ডাইৰেক্টৰেট চমুকৈ ই ডিয়ে জেৰা চলোৱাক কেন্দ্ৰ কৰি সৃষ্টি হৈছে বিভ্ৰান্তিকৰ পৰিস্থিতি(MP Badruddin Ajmal under ED)৷ যি সময়ত তেওঁৰ দলৰ দুগৰাকীকৈ বিধায়কে বদৰুদ্দিন আজমল আৰু তেওঁৰ ভ্ৰাতৃ চিৰাজুদ্দিন আজমলক(MP Sirajuddin Ajmal) ইতিমধ্যে ই ডিয়ে দুই তিনিবাৰকৈ জেৰা চলোৱাৰ কথা প্ৰকাশ কৰিছে সেই সময়তো কিন্তু বদৰুদ্দিন আজমলে এই কথা অস্বীকাৰ কৰি আহিছে ৷

উল্লেখ্য যে, আজমল ফাউণ্ডেচন(Ajmal Foundation) বা মাৰ্কাজুল মাৰিফ(Markazul Maarif) আদিৰ দৰে কেইবাটাও স্বেচ্ছাসেৱী সংগঠনৰ জড়িয়তে বদৰুদ্দিন আজমল আৰু তেওঁৰ পৰিয়ালে অসমৰ লগতে আন ৰাজ্যতো হাস্পতাল কিম্বা শৈক্ষিক প্ৰতিষ্ঠান খুলি সেৱা আগবঢ়াই আহিছে ৷ বিগত সময়ত আজমল ফাউণ্ডেচনকে ধৰি এই স্বেচ্ছাসেৱী প্ৰতিষ্ঠানসমূহলৈ কেতবোৰ সন্দেহজনক বিদেশী উৎসৰ পৰা মোটা অংকৰ পুঁজি অহাৰো অভিযোগ উঠিছিল ৷

সেই অভিযোগৰ আঁত ধৰিয়েই ই ডিয়ে আৰম্ভ কৰিছে তদন্ত(ED interrogates Badruddin Ajmal)৷ এ আই ইউ ডি এফৰ বিধায়ক কৰিমুদ্দিন বৰভূঞাই এই কথা ৰাজহুৱা কৰিছে ৷ বিধায়কগৰাকীয়ে এই বুলিও প্ৰকাশ কৰিছে যে কেন্দ্ৰৰ বিজেপি নেতৃত্বাধীন চৰকাৰে পৰিকল্পিতভাবে ই ডিৰ দ্বাৰা এই অভিযান চলাইছে ৷

আনহাতে দলটোৰ আন এগৰাকী বিধায়ক আমিনুল ইছলামে (কনিষ্ঠ) বুধবাৰে ই টিভি ভাৰতক কয় যে, ই ডিয়ে বদৰুদ্দিন আজমললৈ জাননী প্ৰেৰণ কৰা কথাটো সত্য আৰু সেই অনুসৰি আজমল আৰু তেওঁৰ পৰিয়ালৰ ফালৰ পৰা আয়ৰ সকলো তথ্য পাতি ই ডিৰ ওচৰত ইতিমধ্যে দাখিল কৰা হৈছে (MLA Aminul Islam on Badruddin Ajmal ED interrogation) ৷

কিন্তু শেহতীয়াকৈ আজমলক কোনোধৰণৰ জেৰা ইডিয়ে কৰা নাই বুলি মন্তব্য কৰে বিধায়কগৰাকীয়ে ৷ ইপিনে আনগৰাকী বিধায়ক কৰিমুদ্দিন বৰভূঞাই(MLA Karim Uddin Barbhuiya) প্ৰকাশ কৰা অনুসৰি বৰ্তমানলৈকে ই ডিয়ে আজমল আৰু তেওঁৰ পৰিয়ালক তিনিবাৰকৈ জেৰা চলাইছে ৷ স্বাভাৱিকতে এনেধৰণৰ মন্তব্যই সৃষ্টি কৰিছে এক বিভ্ৰান্তি ৷ কোন সঁচা কোন মিছা ৷ প্ৰকৃততে আসৈ কোনে মাতিছে ! আজমলে নে তেওঁৰ দলৰ বিধায়কে ?

লগতে পঢ়ক:Nitin Gadkari Political View: গাডকাৰীৰ ৰাজনৈতিক দৃষ্টিকোণক সমৰ্থন দেবব্ৰত শইকীয়াৰ

ABOUT THE AUTHOR

...view details