অসম

assam

নোহোৱা হ’ব ৰাজ্যৰ আঢ়ৈ হাজাৰ চৰকাৰী খণ্ডৰ বিদ্যালয়

By

Published : Aug 25, 2022, 9:53 PM IST

মাধ্যম বিতৰ্ক অব্যাহত থকাৰ সময়তে চৰকাৰে চৰকাৰী বিদ্যালয়ৰ সংখ্যা হ্ৰাস কৰাৰ বাবে গ্ৰহণ কৰিছে পদক্ষেপ । ৰাজ্যৰ প্ৰায় আঢ়ৈ হাজাৰ শিক্ষানুষ্ঠানত চিৰদিনৰ বাবে বন্ধ কৰাৰ প্ৰস্তুতি চলাইছে শিক্ষা বিভাগে (Government schools will be closed in Assam)। একত্ৰীকৰণৰ জৰিয়তে বন্ধ হ’বলগীয়া শিক্ষানুষ্ঠানসমূহৰ প্ৰস্তাৱ সন্দৰ্ভত কৰি থকা হৈছে পৰ্যালোচনা । মেট্ৰিক পৰীক্ষাত শূন্য ফলাফল প্ৰদৰ্শন কৰা ১৫ খন জিলাৰ ৩৪ খন হাইস্কুল আৰু হাইমাদ্ৰাছা বন্ধ কৰাৰ বাবে আনুষ্ঠানিকতা সম্পূৰ্ণ কৰিছে শিক্ষা বিভাগে (Poor result school to close) । চৰকাৰী সিদ্ধান্তত জাঙুৰ খাই উঠিছে বিভিন্ন দল-সংগঠন ।

Tags: *  Enter here.. Government schools will be closed in Assam
নোহোৱা হ’ব ৰাজ্যৰ আঢ়ৈ হাজাৰ চৰকাৰী খণ্ডৰ বিদ্যালয়

গুৱাহাটী, ২৫ আগষ্ট : শিক্ষাৰ সংস্কাৰৰ নামত শেহতীয়াকৈ অসম চৰকাৰে গ্ৰহণ কৰা প্ৰতিটো পদক্ষেপক লৈ বিতৰ্কৰ সূত্ৰপাত হৈছে । মাধ্যম বিতৰ্ক অব্যাহত থকাৰ সময়তে চৰকাৰে চৰকাৰী বিদ্যালয়ৰ সংখ্যা হ্ৰাস (School amalgamation in Assam) কৰাৰ বাবে গ্ৰহণ কৰা পদক্ষেপক লৈ ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

চিৰদিনৰ বাবে বন্ধ কৰাৰ প্ৰস্তুতি চলাইছে শিক্ষা বিভাগে

এখন বা দুখন বিদ্যালয় নহয়, ৰাজ্যৰ প্ৰায় আঢ়ৈ হাজাৰ শিক্ষানুষ্ঠানত চিৰদিনৰ বাবে বন্ধ কৰাৰ বাবে প্ৰস্তুতি চলাইছে শিক্ষা বিভাগে (Govt schools to close in Assam)। ইফালে ইতিমধ্যে মেট্ৰিক পৰীক্ষাত শূন্য ফলাফল আৰু কম ছাত্ৰ-ছাত্ৰী থকা শিক্ষানুষ্ঠান বন্ধ কৰাৰ সিদ্ধান্ত চূড়ান্ত কৰিছে শিক্ষা বিভাগে (Poor result school to close)।

আনহাতে, একত্ৰীকৰণৰ নামত শিক্ষা বিভাগে ৰাজ্যৰ একাংশ ঐতিহ্যমণ্ডিত শিক্ষানুষ্ঠানত চিৰদিনৰ বাবে তলা ওলোমাই দিছে । স্বাভাৱিকতেই শিক্ষা বিভাগৰ এনে হঠকাৰী সিদ্ধান্তক সহজভাৱে লোৱা নাই শিক্ষক-অভিভাৱকৰ লগতে সচেতন মহলে । পূৰ্বৰ চৰকাৰৰ কাৰ্যকালত ৰাজ্যৰ প্ৰাথমিকৰ পৰা উচ্চতৰ মাধ্যমিক পর্যায়ৰ প্ৰায় ৭ হাজাৰ শিক্ষানুষ্ঠান বন্ধ কৰি সমীপৱৰ্তী বিদ্যালয়ৰ সৈতে সংলগ্ন কৰি দিয়া হৈছিল ।

চৰকাৰে চৰকাৰী বিদ্যালয়ৰ সংখ্যা হ্ৰাস কৰাৰ বাবে গ্ৰহণ কৰিছে পদক্ষেপ

এইবাৰ পুনৰ প্ৰায় আঢ়ৈ হাজাৰখন শিক্ষানুষ্ঠান বন্ধ কৰি একত্ৰীকৰণৰ পৰিকল্পনা কৰিছে শিক্ষা বিভাগে । ইতিমধ্যে কামৰূপ মহানগৰ জিলাৰ ১৬ খন নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয় বন্ধ কৰাৰ বাবে প্ৰাথমিক শিক্ষা বিভাগে নিৰ্দেশ জাৰি কৰিছে । ইফালে মাধ্যমিক শিক্ষা সঞ্চালকালয়েও ২০২২ বৰ্ষৰ মেট্ৰিক পৰীক্ষাত শূন্য ফলাফল প্ৰদৰ্শন কৰা ১৫ খন জিলাৰ ৩৪ খন হাইস্কুল আৰু হাইমাদ্ৰাছা বন্ধ কৰাৰ বাবে আনুষ্ঠানিকতা সম্পূৰ্ণ কৰিছে ।

নোহোৱা হ’ব ৰাজ্যৰ আঢ়ৈ হাজাৰ চৰকাৰী খণ্ডৰ বিদ্যালয়

ইফালে মাধ্যমিক শিক্ষা বিভাগে প্ৰকাশ কৰা মতে নিম্ন ফলাফল, শিক্ষাৰ্থীৰ অভাৱ আৰু কম দূৰত্ব - এই তিনিটা কাৰণৰ ভিত্তিত ৰাজ্যৰ ৩০০ খন হাইস্কুল আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয় বন্ধ কৰি ইয়াৰে ভিতৰত সাতখন জিলাৰ ২২৪ খন হাইস্কুলৰ তালিকা ইতিমধ্যে সম্পূৰ্ণ কৰিছে ।

লগতে পঢ়ক :অস্তিত্বহীন হোৱাৰ দিশে কলিয়াবৰৰ 26 খন চৰকাৰী বিদ্যালয়

নলবাৰী জিলাতে সৰ্বাধিক ৯১খন হাইস্কুল বন্ধ হ’ব বুলি মাধ্যমিক শিক্ষা বিভাগৰ এক সূত্ৰই জানিবলৈ দিছে । তদুপৰি বৰপেটাত ৬৭ খন, লখিমপুৰত ৪০ খন, ধুবুৰীত ৩৮ খন, কামৰূপত ২৪ খন, যোৰহাটত ১৪ খন, মৰিগাঁৱত ১০ খন আৰু নগাঁৱত ৭ খন হাইস্কুল বন্ধ কৰা হ’ব । ইফালে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে সদৰী কৰা মতে ৰাজ্যৰ প্ৰায় আঢ়ৈ হাজাৰ বিদ্যালয় বন্ধ হ’ব ।

চৰকাৰী বিদ্যালয়ৰ সংখ্যা হ্ৰাস

একত্ৰীকৰণৰ জৰিয়তে বন্ধ হ’বলগীয়া শিক্ষানুষ্ঠানসমূহৰ প্ৰস্তাৱ লাভ কৰাৰ লগতে বৰ্তমান শিক্ষা বিভাগে বিষয়টো পৰ্যলোচনা কৰি আছে । শিক্ষামন্ত্ৰীৰ মতে ছাত্ৰ-ছাত্ৰী নাথাকিলে বিদ্যালয়খন কেনেকৈ থাকিব । বিদ্যালয় এখনত শিক্ষা দিয়াৰ পাচতো যদি মেট্ৰিকৰ ফলাফল যদি শূন্য হয় তেন্তে সেই বিদ্যালয়খন থকাতকৈ নথকাই ভাল ।

শিক্ষামন্ত্ৰীৰ এনে ভাষ্যক সহজভাৱে লোৱা নাই ৰাজ্যৰ সচেতন মহলে । উল্লেখ্য যে, শিক্ষা বিভাগে লাভ কৰা আঢ়ৈ হাজাৰ বিদ্যালয় একত্ৰীকৰণৰ প্ৰস্তাৱ সন্দৰ্ভত পৰীক্ষা কৰি থকা হৈছে । স্বাভাৱিকতেই ৰাজ্যৰ আঢ়ৈ হাজাৰ শিক্ষানুষ্ঠান বন্ধ হ’লে চৰকাৰী শিক্ষা ব্যৱস্থাত যে প্ৰভাৱ পৰিব সেয়া স্পষ্ট ।

লগতে পঢ়ক :শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুক সৰ্বকালৰ ব্যৰ্থ শিক্ষামন্ত্ৰী আখ্যা আপৰ

উল্লেখ্য যে, শিক্ষা বিভাগে বন্ধ কৰিবলৈ লোৱা বিদ্যালয়সমূহ চৰকাৰী হ’লেও এই শিক্ষানুষ্ঠানসমূহ বহু আশা লৈ স্থানীয় লোকসকলেই নিৰ্মাণ কৰিছিল । এনে প্ৰতিখন বিদ্যালয়ৰ প্ৰতিষ্ঠাৰ আঁৰত অঞ্চলবাসীৰ আবেগ-অনুভূতি জড়িত হৈ আছে । তাৰ পাচতো চৰকাৰে আন্তঃগাঁথনি আৰু উন্নত শিক্ষা প্ৰদানত গুৰুত্ব দিয়াৰ পৰিৱৰ্তে শিক্ষানুষ্ঠানসমূহক চিৰদিনলৈ বন্ধ কৰা কাৰ্যত ৰাজ্যজুৰি প্ৰতিক্ৰিয়া হৈছে ।

বিভিন্ন দল-সংগঠন তথা ব্যক্তি বিশেষে চৰকাৰৰ সিদ্ধান্তক পুনৰ বিবেচনা কৰাৰ দাবী জনাইছে । ইতিমধ্যে ৩৪ খন হাইস্কুল বন্ধৰ চৰকাৰী সিদ্ধান্তৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে ৰাজ্যৰ জাতীয় দল-সংগঠন । সদৌ অসম ছাত্ৰ সন্থাই চৰকাৰৰ বিদ্যালয় বন্ধৰ সিদ্ধান্তক কঠোৰ ভাষাৰে সমালোচনা কৰিছে ।

আছুৰ সাধাৰণ সম্পাদকশংকৰজ্যোতি বৰুৱাই ক্ষোভ ব্যক্ত কৰি কয় যে, পুঁজিপতিৰ স্বাৰ্থত চৰকাৰে চৰকাৰী খণ্ডৰ বিদ্যালয় বন্ধৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । পুঁজিপতিক শিক্ষানুষ্ঠান গতাই দিয়াৰ এয়া চৰকাৰৰ পৰিকল্পিত প্ৰক্ৰিয়া । শৈক্ষিক মান উন্নীতকৰণ, আন্তঃগাঁথনি উন্নয়নত গুৰুত্ব নিদি চৰকাৰে বন্ধ কৰি দিয়াৰ সিদ্ধান্তই নানা প্ৰশ্নৰ উদ্ৰেক কৰিছে ।

লগতে পঢ়ক :মৰাণৰ এখন বিদ্যালয়ৰ ভৱিষ্যতে চিন্তাত পেলাইছে শিক্ষকৰ লগতে অভিভাৱকক

আনহাতে, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক পলাশ চাংমায়ে কয় যে, বিদ্যালয়সমূহ বন্ধ কৰি দিয়াৰ পৰিৱৰ্তে ছাত্ৰ-ছাত্ৰীৰ সংখ্যা কিয় কম, তাৰ পৰ্যালোচনা কৰিব লাগে । বিগত ২০ বছৰৰো অধিক সময় মন্ত্ৰিত্ব লাভ কৰা বৰ্তমানৰ মুখ্যমন্ত্ৰীয়ে চৰকাৰী বিদ্যালয়ৰ উন্নয়ন কৰিব নোৱাৰাটো তেওঁৰে ব্যৰ্থতা ।

তেওঁ সন্দেহ ব্যক্ত কৰি কয় যে, চৰকাৰে ৰাজহুৱা খণ্ডৰ শিক্ষানুষ্ঠানসমূহ পর্যায়ক্ৰমে বন্ধ কৰি ব্যক্তিগত খণ্ডৰ বিদ্যালয়লৈ পর্যবেসিত কৰিব বিচাৰিছে । ইফালে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি দেৱব্ৰত শ‍ইকীয়াই কয় যে, মুখ্যমন্ত্ৰী হৈয়েই হিমন্ত বিশ্ব শৰ্মাই ৬০ বিঘা মাটিত উত্তৰ-পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ বেচৰকাৰী আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ বিদ্যালয় খুলিছে ।

তাৰ পৰিবৰ্তে চৰকাৰী খণ্ডৰ ৩৪ খন বিদ্যালয় চিৰদিনলৈ বন্ধ কৰিবলৈ সিদ্ধান্ত লৈছে । মুখ্যমন্ত্ৰী এজনে চৰকাৰী খণ্ডৰ শিক্ষানুষ্ঠানক মানদণ্ডপূৰ্ণ কৰি গঢ়ি তোলাৰ বিপৰীতে ব্যক্তিগত খণ্ডৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ বিদ্যালয় প্ৰতিষ্ঠাতহে গুৰুত্ব প্ৰদান কৰা কাৰ্যই বহু প্ৰশ্নৰ অৱতাৰণা কৰিছে বুলি মন্তব্য কৰে ছাত্ৰ মুক্তিৰ নেতাজনে ।

চৰকাৰী বিদ্যালয় বন্ধ কৰাৰ বাবে চৰকাৰে গ্ৰহণ কৰ‍া সিদ্ধান্তই ৰাজ্যজুৰি এতিয়া ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । এনে বিৰূপ প্ৰতিক্ৰিয়াৰ পাচত চৰকাৰে কি পদক্ষেপ গ্ৰহণ কৰে সেয়া লক্ষণীয় হ’ব ।

লগতে পঢ়ক :বিদ্যালয় হ্ৰাস কৰাৰ বিপৰীতে সমগ্ৰ ব্যৱস্থাটোৰ পুনৰীক্ষণ কৰাৰ আহ্বান সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ

ABOUT THE AUTHOR

...view details