অসম

assam

বাৰ্থ ডে' পাৰ্টি কৰি ৰঙাঘৰৰ আলহী হ’ল যুৱক

By

Published : Aug 31, 2021, 2:03 PM IST

ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীয়ে তীব্ৰতৰ কৰি তুলিছে অভিযান ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ব্যক্তিগত তথা ৰাজহুৱা পাৰ্টিতো ড্ৰাগছৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিছে আৰক্ষীয়ে ৷

2-people-arrested-after-birthday-party
বাৰ্থ ডে' পাৰ্টি কৰি ৰঙাঘৰৰ আলহী হ’ল যুৱক

গুৱাহাটী, 31 আগষ্ট :ড্ৰাগছ মুক্ত অসম গঢ়িবলৈ যেন প্ৰতিশ্ৰুতিবদ্ধ অসম আৰক্ষী ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে এইবাৰ পাৰ্টিসমূহত ড্ৰাগছৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিছে আৰক্ষীয়ে ৷ মহানগৰী আৰক্ষীয়ে দেওবাৰে পুৱতি নিশা এটা বাৰ্থডে পাৰ্টীত ড্ৰাগছ সেৱন কৰাৰ অভিযোগত দুজন অভিযুক্তক গ্ৰেপ্তাৰ কৰে ৷

মহানগৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ড্ৰাগছ সৰবৰাহকাৰী দুটা কৰম দাস আৰু সৰৰ্গম দাস বুলি জানিব পৰা হৈছে ৷ মহানগৰ আৰক্ষীয়ে গুৱাহাটীৰ চান্দমাৰী পূৱ শৰণীয়াত কিছুদিন পূৰ্বে এটা বাৰ্থ ডে' পাৰ্টিত ড্ৰাগছ সেৱন কৰি থকা অৱস্থাত আৰক্ষীয়ে চাৰিটা ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে ৷

বাৰ্থ ডে' পাৰ্টি কৰি ৰঙাঘৰৰ আলহী হ’ল যুৱক

চান্দমাৰী আৰক্ষী আৰু মধ্য আৰক্ষী জিলাৰ আৰক্ষীৰ বিশেষ অভিযানকাৰী দলে এই ঘটনাৰ মূল অভিযুক্ত কুখ্যাত ড্ৰাগছ মাফিয়া জনী আলীৰ স্বীকাৰোক্তিৰ ভিত্তিত দুই অভিযুক্তক আটক কৰে ৷

বাৰ্থ ডে' পাৰ্টি কৰি ৰঙাঘৰৰ আলহী হ’ল যুৱক

আৰক্ষীৰ দলটোৱে ফটাশিলৰ জ্যোতিকুছিৰ পৰা কৰম দাস আৰু কামাখ্যা গেটৰ দুৰ্গা সৰোবৰৰ এটা ভাড়াঘৰৰ পৰা সৰৰ্গম দাস নামৰ সৰবৰাহকাৰী দুটাক গ্ৰেপ্তাৰ কৰে । কৰম দাসৰ পৰা আৰক্ষীয়ে ২৭৯ গ্ৰাম ওজনৰ ২৩ পেকেট হেৰ’ইন, সাত লাখ পাছ হাজাৰ আঠশ ষাঠি টকা নগদ ধন আৰু AS 01 EV 0141 নম্বৰৰ এখন স্কুটী জব্দ কৰে । আনহাতে সৰৰ্গম দাসৰ পৰা ১৪৬ গ্ৰাম ওজনৰ ১২ পেকেট হেৰ’ইন, নগদ বাৰ হাজাৰ টকা আৰু এখন AS 01 DW 6046 নম্বৰৰ বিলাসী বাহন জব্দ কৰে ।

আৰক্ষীয়ে জব্দ কৰা ড্ৰাগছখিনিৰ বজাৰ মূল্য প্ৰায় ১ কোটি টকা হ’ব বুলি জানিবলৈ দিয়ে । সম্প্ৰতি চান্দমাৰী আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহকাৰীকেইটাৰ পৰা অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে ।

লগতে পঢ়ক :নগাঁও চহৰত গছত বান্ধি এগৰাকী মহিলাক চৰম নিৰ্যাতন

ABOUT THE AUTHOR

...view details