অসম

assam

যোৰহাটত কালেকচন মেনেজাৰৰ দাদাগিৰি

By

Published : Aug 30, 2019, 3:33 AM IST

গুণ্ডাবাহিনী লৈ ZOMATO DELIVERY BOY ক প্ৰহাৰ বাজাজ ফাইনেঞ্চৰ মৃগাংগ বৰঠাকুৰ নামৰ কালেকচন মেনেজাৰৰ ।

যোৰহাটত কালেকচন মেনেজাৰৰ দাদাগিৰি

যোৰহাট,৩০ আগষ্টঃযোৰহাটত গুণ্ডাৰ ৰূপত বাজাজ ফাইনেঞ্চৰ কালেকচন মেনেজাৰ । ঋণ পৰিশোধ কৰিব নোৱাৰা গ্ৰাহকক গুন্ডা লগায় ৰাজপথতে প্ৰহাৰ কালেকচন মেনেজাৰৰ । ZOMATOত কৰ্মৰত অভিজিৎ নামৰ যুৱক জনে বিগত জুলাই মাহত বাজাজ ফাইনেঞ্চৰ যোগেদি অপ' কোম্পানীৰ এফ ১১ নামৰ এটা ২৩ হাজাৰ টকীয়া মোবাইল ক্ৰয় কৰিছিল । প্ৰতি মাহে ১৫০০ টকাকৈ মোবাইলটোৰ ই এম আই দিয়াৰ চুক্তি আছিল কোম্পানীৰ সৈতে । কিন্তু মাতৃৰ অসুস্থতাৰ বাবে আগষ্ট মাহৰ ই এম আই পৰিশোধ কৰিব নোৱাৰে যুৱকজনে ।

যোৰহাটত কালেকচন মেনেজাৰৰ দাদাগিৰি
ই এম আই পৰিশোধ কৰিব নোৱাৰাৰ বাবেই অভিজিৎক বেয়াকৈ গালি-গালাজ কৰে মৃগাংগ নামৰ কালেকচন মেনেজাৰ জনে । ইয়াৰোপৰি, যোৰহাট চিনামৰাৰ আব্দুল হানান নামৰ এটা গুণ্ডা লৈ যোৰহাট ষ্টেডিয়ামৰ সমীপত কৰ্মৰত অৱস্থাতে অভিজিৎক শাৰীৰিক ভাৱে অপদষ্ঠ কৰে । ইতিমধ্যে, ঘটনা সন্দৰ্ভত এজাহাৰ দাখিল কৰিছে ভুক্তভোগী অভিজিৎয়ে ।
যোৰহাটত বাজাজ ফাইনেঞ্চৰ কালেকচন মেনেজাৰৰ দাদাগিৰি।গুন্ডা লৈ প্ৰহাৰ কৰিলে জমাটো কৰ্মচাৰীক।

এইবাৰ যোৰহাটত গুন্ডাৰ ৰূপত বাজাজ ফানেনেঞ্চৰ কালেকচন মেনেজাৰ।ঋন পৰিশোধ কৰিব নোৱাৰা গ্ৰাহকক গুন্ডা লগায় ৰাজপথতে প্ৰহাৰ কৰা এক ঘটনা পোহৰলৈ আহিছে।উল্লেখযে যোৰহাটৰ জামাটো নামৰ প্ৰতিস্থানত কৰ্মৰত এজন যূৱকে বিগত জুলাই মাহত অপ' কোম্পানীৰ এফ ১১ নামৰ ২৩ হাজাৰ টকীয়া মবাইল ক্ৰয় কৰিছিল বাজাজ ফাইনেঞ্চৰ যোগেদি।মাহে ১৫০০ টকাকৈ মোবাইলটোৰ ই এম আই দিয়াৰ চুক্তি আছিল কোম্পানীৰ সৈতে।কিন্তু মাতৃৰ অসুস্থতাৰ বাবে আগষ্ট মাহৰ ই এম আই পৰিশোধ কৰিব নোৱাৰে যূৱকজনে।ইয়াতে গইনা লৈ বাজাজ ফাইনেঞ্চৰ মৃগাংগ নামৰ মেনেজাৰ জনে অভিজিৎক গালি গালাজ কৰাৰ লগতে আব্দুল হানান নামৰ যোৰহাট চিনামৰাৰ এটা গুন্ডা লৈ যোৰহাট ষ্টেডিয়ামৰ সমীপত কৰ্মৰত অৱস্থাতে শাৰীৰিক ভাৱে অপদষ্ঠ কৰে।ইতিমধ্যে ভুক্তভোগী যূৱক জনে যোৰহাট সদৰ আৰক্ষী চকীত ফাইনেঞ্চ কোম্পানীৰ কালেকচন মেনেজাৰ আৰু আব্দুল হানানৰ ওপৰত এজাহাৰ দাখিল কৰিছে।আৰক্ষীয়ে ইতিমধ্যে গোচৰ ৰুজু কৰি তদন্ত কৰিছে সমগ্র ঘটনাৰ ওপৰত।

ABOUT THE AUTHOR

...view details