অসম

assam

মুখ্যমন্ত্ৰী সাহাৰ্য পুঁজিলৈ বৰঙণি আগবঢ়াই ঢেকীয়াখোৱা বৰনামঘৰ কৰ্তৃপক্ষই

By

Published : Jun 4, 2021, 2:17 PM IST

মুখ্যমন্ত্ৰী সাহাৰ্য পুঁজিলৈ ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰ কৰ্তৃপক্ষই আগবঢ়ালে পঞ্চাশ হাজাৰ এটকা ৷ ইয়াৰ লগতে নামঘৰ কৰ্তৃপক্ষই মাধৱদেৱ বঁটাপ্ৰাপক প্ৰয়াত লক্ষীনন্দন বৰাৰ মৃত্যুত শোক প্ৰকাশ কৰে ৷

teok-dhakiakhua-namghar-donate-to-cm-fund
মুখ্যমন্ত্ৰী সাহাৰ্য পুঁজিলৈ বৰঙণি আগবঢ়াই ঢেকীয়াখোৱা বৰনামঘৰ কৰ্তৃপক্ষই

টীয়ক, 4 জুন : কালৰূপী ক'ৰণাৰ সংক্ৰমণ ৰুধিবলৈ ৰাজ্য চৰকাৰে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰিছে ৷ এনে পৰিস্থিতিৰ সৈতে যুঁজ দিবলৈ মুখ্যমন্ত্ৰী শৰ্মাই মুখ্যমন্ত্ৰীৰ সাহাৰ্য পুঁজিলৈ অনুদানৰ বাবে ৰাইজক আহ্বান জনাইছিল ৷ এই আহ্বানৰ প্ৰতি সহাৰি জনাই চৰকাৰলৈ সহায়ৰ হাত আগবঢ়ালে যোৰহাটৰ ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰ কৰ্তৃপক্ষই ।

মুখ্যমন্ত্ৰী সাহাৰ্য পুঁজিলৈ বৰঙণি আগবঢ়াই ঢেকীয়াখোৱা বৰনামঘৰ কৰ্তৃপক্ষই

এই জটিল ক্ষণত ক'ভিড আক্ৰান্ত সকলক সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত চৰকাৰৰ আংশিক সহায় হোৱাকৈ ঢেকীয়াখোৱা বৰনামঘৰ কৰ্তৃপক্ষই মুখ্যমন্ত্ৰীৰ সাহাৰ্য পুঁজিলৈ আগবঢ়ালে পঞ্চাশ হাজাৰ এটকা । ইয়াৰ লগতে জৰুৰীকালীন সেৱাত নিয়োজিত হৈ থকা প্ৰতিজন লোক আৰু ক'ভিড আক্ৰান্ত সকললৈ নামঘৰৰ অক্ষয় বন্তিৰ তৰফৰ পৰা আৰ্শীবাদ প্ৰদান কৰে ।

আনহাতে, বৰেণ্য সাহিত্যিক, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি লক্ষীনন্দন বৰাৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে ঢেকীয়াখোৱা বৰনামঘৰ কৰ্তৃপক্ষই । ২০১৪ চনত ঢেকীয়াখোৱা বৰনামঘৰে প্ৰৱৰ্তন কৰা শ্ৰীশ্ৰী মাধৱদেৱ বঁটা আগবঢ়াইছিল প্ৰয়াত সাহিত্যিক গৰাকীলৈ । তেখেতৰ বিয়োগত শুকুৰবাৰে নামঘৰৰ পৰিচালনা সমিতিয়ে নামঘৰ প্ৰাংগণত শোকসভা পাতি পৰিয়ালবৰ্গলৈ এটি শোক প্ৰস্তাৱ প্ৰেৰণ কৰে ।

লগতে পঢ়ক : উভতি নহাৰ বাটেৰে গ’লগৈ পাতাল ভৈৰৱীৰ স্ৰষ্টা ড৹ লক্ষ্মীনন্দন বৰা

ABOUT THE AUTHOR

...view details