অসম

assam

যোৰহাটৰ শিক্ষাবিদ ৰবীন দুৱৰাৰ দেহাৱসান

By

Published : Feb 17, 2021, 12:37 PM IST

কাকজান মহাবিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক তথা টীয়কৰ পৰা প্ৰকাশিত গণবন্ধু কাকতৰ সম্পাদক বলমা দুৱৰা গাঁৱৰ নিৱাসী ৰবীন দুৱৰাই মঙলবাৰে নিশা শেষ নিশ্বাস ত্যাগ কৰে ।

যোৰহাটৰ বিশিষ্ট শিক্ষাবিদ ৰবীন দুৱৰাৰ দেহাৱসান
যোৰহাটৰ বিশিষ্ট শিক্ষাবিদ ৰবীন দুৱৰাৰ দেহাৱসান

টীয়ক,১৭ ফেব্ৰুৱাৰী:যোৰহাট জিলাৰ অন্যতম অগ্ৰণী শিক্ষানুষ্ঠান কাকজান মহাবিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক তথা টীয়কৰ পৰা প্ৰকাশিত গণবন্ধু কাকতৰ সম্পাদক বলমা দুৱৰা গাঁৱৰ নিৱাসী ৰবীন দুৱৰাই মঙলবাৰে নিশা শেষ নিশ্বাস ত্যাগ কৰে । যোৰহাটৰ মিছন হাস্পতালত স্বাস্থ্যজনিত কাৰণত মৃত্যু হয় বিশিষ্ট শিক্ষাবিদগৰাকীৰ । তেওঁৰ মৃত্যুৰ পিছতে সমগ্ৰ টীয়ক অঞ্চলতে শোকাকুল পৰিৱেশে বিৰাজ কৰিছে ।

বুধবাৰে পুৱা শিক্ষাবিদগৰাকীৰ নশ্বৰদেহ যোৰহাটৰ পৰা পোনে পোনে কাকজান মহাবিদ্যালয়লৈ নিয়া হয় । তাৰ পিছত টীয়কৰ গুৱালগাঁৱস্থিত অনিৰ্বাণ সাংস্কৃতিক গোষ্ঠীৰ কাৰ্যালয়, বলমা চি কে বি উচ্চ মাধ্যমিক বিদ্যালয়লৈ লৈ যোৱা হয় য'ত মহাবিদ্যালয়ৰ শিক্ষক-কৰ্মচাৰীকে ধৰি ছাত্ৰ-ছাত্ৰী, টীয়কৰ বিভিন্ন দল-সংগঠন তথা গুণমুগ্ধই দুৱৰাক ৰাজহুৱাকৈ শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে কৰি বিদেহী আত্মাৰ সদগতিৰ বাবে প্ৰাৰ্থনা জনায় ।

উল্লেখ্য যে, ৰবীন দুৱৰা টীয়কৰ অনিৰ্বাণ সাংস্কৃতিক গোষ্ঠীৰ প্ৰাক্তন সভাপতি তথা টীয়কৰ বিভিন্ন সামাজিক অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগত জড়িত আছিল । শিক্ষাবিদ তথা সমাজ হিতৈষী ব্যক্তিগৰাকীৰ মৃত্যু টীয়কৰ বৌদ্ধিক মহলৰ বাবে অপূৰণীয় ক্ষতি বুলি সকলোৱে অনুভৱ কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে ।

লগতে পঢ়ক:সোণাৰী মিচিং গাঁৱত এইবেলি উদযাপন নহয় আলি আয়ে লৃগাং

ABOUT THE AUTHOR

...view details