অসম

assam

Minister Jayanta Malla Baruah : টীয়কত জল জীৱন মিছনৰ অধীনত নিৰ্মিত পানী যোগান আঁচনি পৰিদৰ্শন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ

By

Published : Aug 17, 2023, 7:45 PM IST

টীয়কত পানী যোগান আঁচনি পৰিদৰ্শন কৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ৷ 2024 চনৰ ভিতৰত অসমৰ প্ৰতিঘৰ ৰাইজে বিশুদ্ধ খোৱাপানী ঘৰে ঘৰে পাব বুলি আশা প্ৰকাশ কৰে মন্ত্ৰী গৰাকীয়ে ৷

Minister Jayanta Malla Baruah Visit Teok in Jorhat
টীয়ক বাগানৰ পানী যোগান আঁচনি পৰিদৰ্শন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ

টীয়কত পানী যোগান আঁচনি পৰিদৰ্শন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ

টীয়ক, 17 আগষ্ট : টীয়কত জল জীৱন মিছন আঁচনিৰ অধীনত নিৰ্মিত পানী যোগান আঁচনি পৰিদৰ্শন কৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ৷ প্ৰায় ১.৫ কোটি টকা ব্যয়ৰে টীয়ক বাগানৰ পানী যোগান আঁচনি পৰিদৰ্শন কৰি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই সন্তোষ প্ৰকাশ কৰি জনাই যে এই পানী যোগান আঁচনিৰ জৰিয়তে টীয়ক বাগানৰ প্ৰতিটো পৰিয়ালে পানী লাভ কৰিব ৷ লগতে অহা 2024 চনৰ ভিতৰত অসমৰ প্ৰতিঘৰ ৰাইজে বিশুদ্ধ খোৱাপানী ঘৰে ঘৰে পাব বুলি আশা প্ৰকাশ কৰে মন্ত্ৰীগৰাকীয়ে ৷

ইফালে টীয়ক পৌৰ এলেকাত আজিও ৰাইজে খোৱাপানীৰ অভাৱত ভূগি থকা সম্পৰ্কত মন্ত্ৰীগৰাকীয়ে কয় যে এই পানী যোগান আঁচনি বহু বছৰৰ পূৰ্বে নিৰ্মাণ কৰা হৈছিল আৰু বৰ্তমান এই আঁচনি যদিও পৌৰসভাৰ তত্বাবধানত ৰূপায়ণ হৈ আছে আঁচনিখনত ব্যৱহৃত সামগ্ৰীবোৰ পুৰণি হোৱাৰ বাবে হয়তো পৌৰ এলেকাৰ ৰাইজে খোৱা পানী পোৱাত অসুবিধাৰ সৃষ্টি হৈছে ৷ তৎসত্বেও এই বিষয়ত মন্ত্ৰী অশোক সিংহলৰ সৈতে আলোচনা কৰি এই বিষয়ত সমাধান সূত্ৰ উলিয়াব বুলি আশ্বাস প্ৰদান কৰে মন্ত্ৰীগৰাকীয়ে ৷

লগতে পঢ়ক :RTI commissioner Bhaskar jyoti Mahanta: RTIৰ নামত ব্লেকমেইলিঙৰ প্ৰশ্ৰয় লোৱাসকলক IPC অধীনত গ্ৰেপ্তাৰ কৰা হ’ব !

লগতে জলজীৱন আঁচনিৰ ক্ষেত্ৰত কিবা অভিযোগ থাকিলে চৰকাৰৰ দ্বাৰা নিৰ্ধাৰিত কিউআৰ ক'ডত অভিযোগ কৰিবলৈ ৰাইজক আহ্বান জনায় মন্ত্ৰী গৰাকীয়ে ৷ পৰিদৰ্শনকালত মন্ত্ৰী গৰাকীৰ লগত ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাচা, যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈ, বিধায়ক ৰূপজ্যোতি কুৰ্মী, টীয়ক বিধান পৰিষদৰ সভাপতি বিকাশ শইকীয়াকে প্ৰমুখ্য কৰি ভালেসংখ্যক গণ্য মান্য ব্যক্তি উপস্থিত থাকি সহযোগিতা আগবঢ়ায় ৷

লগতে পঢ়ক :Bhabesh Kalita in Dibrugarh : জনতা জনাৰ্দনে আকৌ বিজেপিৰ সপক্ষে ভোটদান কৰিব ; ভৱেশ কলিতা

ABOUT THE AUTHOR

...view details