অসম

assam

পূৰ্বৰ পৰম্পৰা ৰক্ষা কৰি টীয়কত লোকে লোকাৰণ্য ৰাজপথ

By

Published : Sep 25, 2022, 2:27 PM IST

আজি শুভ মহালয়া (Mahalaya celebrated in Assam) ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে যোৰহাট জিলাৰ টীয়কতো এনেদৰে কাহিলীপুৱাতে ওলাই আহিছে এইসকল লোক (Mahalaya celebration at teok) ৷

mahalaya-celebration-at-teok
শুভ মহালয়া : টীয়কত প্ৰাতঃভ্ৰমণৰ বাবে লোকে লোকাৰণ্য ৰাজপথ

টীয়ক, 25 ছেপ্টেম্বৰ:আজি মহালয়া (Mahalaya celebrated in Assam) ৷ এই পৱিত্ৰ দিনতেই দুৰ্গতি নাশিনীৰ আগমন ঘটে ধৰালৈ ৷ যাৰ বাবে মহালয়াৰ পুৱাই প্ৰাতঃভ্ৰমণলৈ ওলাই আহে বহু লোক (Durga puja Celebration) ৷

শাৰদীয় দুৰ্গোৎসৱ আৰম্ভ হোৱা এই মহালয়া পশ্চিমবংগ, অসম আৰু ত্ৰিপুৰাকে ধৰি দেশৰ বিভিন্ন স্থানত পালন কৰা হয় (Durga puja across Assam)। হিন্দু পৌৰাণিক কাহিনী অনুসৰি, বিশ্বাস কৰা হয় যে আজিৰ দিনটোতে ব্ৰহ্মা, বিষ্ণু আৰু মহেশ্বৰে মহিষাসুৰক দমণ কৰিবলৈ দেৱী দুৰ্গাক সৃষ্টি কৰিছিল ৷

সনাতন ধৰ্ম অনুসৰি আহিন মাহৰ কৃষ্ণপক্ষৰ অন্তিমটো আমাৱস্যাকে মহালয়া বুলি কোৱা হয়। সংস্কৃতত মহালয়া শব্দৰ অৰ্থ হৈছে উৎসৱৰ আৰম্ভণি ৷ দুৰ্গা পূজাত মহালয়াৰ এটা বিশেষ মহত্ত্ব আছে, কিয়নো আজিৰ এই দিনটোতে দেৱী দুর্গাৰ মূৰ্তিক চকু দান কৰা হয় অৰ্থাৎ মূৰ্তি নিৰ্মাণকাৰীয়ে দেৱী দুর্গাৰ মূৰ্তিত চকু অংকন কৰা হয় আৰু লগতে দেৱী দুর্গাৰ পূজা কৰা হয়।

টীয়কত প্ৰাতঃভ্ৰমণৰ বাবে লোকে লোকাৰণ্য ৰাজপথ

আজিৰ দিনটোতে মহালয়াৰ দিনা অতি পুৱাই চণ্ডীপাঠ কৰাৰো এক নিয়ম আছে ৷ মহালয়াৰ দিনাৰ পৰাই দুৰ্গা পূজাৰ আৰম্ভ হয়। চাৰিওফালে প্ৰকৃতিয়েও ন সাজেৰে দেৱী দুৰ্গাক আদৰণি জনায়। মহালয়াৰ পৰাই এক কথাত পূজাৰ আৰম্ভ হয়৷ সেয়ে আজিৰ এই বিশেষ পুৱা সকলো উলাই আহি মলয়াৰ সুবাস লয় ।

মহালয়াৰ এই বিশেষ দিনটোতেই পৃথিৱীলৈ শুভ শক্তিৰ আগমন হয় আৰু পুৱাৰ পবিত্ৰ বা জাকে শৰীৰ-মন-আত্মা সুস্থ কৰে । আজি টীয়কটো ব্যস্ততা বাঢ়িছে মা দুৰ্গাক আদৰাৰ বাবে ৷

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে যোৰহাট জিলাৰ টীয়কতো এনেদৰে কাহিলীপুৱাতে উলাই আহিছে এইসকল লোক (Mahalaya celebration at teok) ৷ টীয়কৰ পৰা আমাৰ এক বিশেষ প্ৰতিবেদন ৷

লগতে পঢ়ক:আজি মহালয়া; লোকে লোকাৰণ্য মৰাণৰ ৰাজপথ

ABOUT THE AUTHOR

...view details