অসম

assam

JB College Principal Joins ABVP: এয়া এক অপপ্ৰচাৰ- জে বি মহাবিদ্যালয় ছাত্ৰ একতা সভা

By

Published : Aug 8, 2023, 7:50 PM IST

"অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ যোৰহাট জিলা সমিতিৰ বিষয়ববীয়াই মহাবিদ্যালয়খনত প্ৰৱেশ কৰি অধ্যক্ষ আৰু অধ্যাপকক কিতাপ প্ৰদান কৰিছিল আৰু সেই স্মৃতি ধৰি ৰাখিবৰ বাবে তেওঁলোকে ফটো উঠিছিল ৷ পিচত সেই ফটোৰ আলম লৈয়েই অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে অধ্যক্ষ আৰু অধ্যাপকে সংগঠনটোৰ সদস্য পদ গ্ৰহণ কৰিছে বুলি প্ৰচাৰ চলাইছিল"- ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক

student union against ABVP
এয়া এক অপপ্ৰচাৰ

এয়া এক অপপ্ৰচাৰ

যোৰহাট, 8 আগষ্ট : যোৰহাটৰ জগন্নাথ বৰুৱা মহাবিদ্যালয় অধ্যক্ষই অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ সদস্যপদ গ্ৰহণ কৰাৰ বাতৰি প্ৰচাৰৰ পিচতেই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল ৷ যোৱা 7 আগষ্টত মহাবিদ্যালয়খনৰ অধ্যক্ষগৰাকীয়ে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ সদস্যপদ গ্ৰহণ কৰাৰ কথা স্পষ্টভাৱে প্ৰকাশ কৰিছিল সংগঠনটোৰ যোৰহাট জিলা সংযোজক বিশ্বজিত মহন্তই ।

ইয়াৰ পিচতে মঙলবাৰে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদক উভতি ধৰিলে যোৰহাট জগন্নাথ বৰুৱা মহাবিদ্যালয় ছাত্র একতা সভাৰ সাধাৰণ সম্পাদকে ৷ মহাবিদ্যালয়খনৰ অধ্যক্ষ আৰু অধ্যাপকে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ সদস্যপদ গ্ৰহণ কৰাটো এক প্ৰকাৰে নসাৎ কৰিছে মহাবিদ্যালয়খনৰ ছাত্র একতা সভাৰ সধাৰণ সম্পাদক অৰুনাভ দত্তই ৷ অধ্যক্ষ আৰু অধ্যাপকে সদস্য পদ লোৱাটো এক প্ৰকাৰৰ অপপ্ৰচাৰ বুলি মন্তব্য প্ৰদান কৰে দত্তই ৷

অৰুনাভ দত্তই লগতে কয় যে,অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ যোৰহাট জিলা সমিতিৰ বিষয়ববীয়াই মহাবিদ্যালয়খনত প্ৰৱেশ কৰি অধ্যক্ষ আৰু অধ্যাপকক কিতাপ প্ৰদান কৰিছিল আৰু সেই স্মৃতি ধৰি ৰাখিবৰ বাবে তেওঁলোকে ফটো উঠিছিল ৷ পিচত সেই ফটোৰ আলম লৈয়েই অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে অধ্যক্ষ আৰু অধ্যাপকে সংগঠনটোৰ সদস্য পদ গ্ৰহণ কৰিছে বুলি প্ৰচাৰ চলাইছিল, আৰু এই সন্দৰ্ভত অধ্যক্ষগৰাকীয়ে স্পষ্টীকৰণ প্ৰদান কৰিছে।

আনহাতে অখিল বিদ্যাৰ্থী পৰিষদ সৰ্ববৃহৎ ছাত্র সংগঠন নহয় ই এটা সামাজিক সংস্থাহে, এই কথা খোদ প্ৰকাশ কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে অস্ত্ৰচালনাৰ প্ৰশিক্ষণ প্ৰদান কৰা কোৱা মন্তব্য নিজেই নসাৎ কৰি ছাত্র একতা সভা সাধাৰণ সম্পাদকগৰাকীয়ে কয়, "মই অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে অস্ত্ৰ প্ৰশিক্ষণ দিয়ে বুলি কোৱা নাছিলো, মই মাথোঁ মঙলদৈ শিক্ষানুষ্ঠানে দিয়া অস্ত্ৰ প্ৰশিক্ষণৰ কথাহে কৈছিলো ।"

লগতে পঢ়ক:JB College Principal Joins ABVP: যোৰহাট জগন্নাথ বৰুৱা মহাবিদ্যালয় অধ্যক্ষই গ্ৰহণ কৰিছে ABVP ৰ সদস্যপদ: বিশ্বজিত মহন্ত

ABOUT THE AUTHOR

...view details