অসম

assam

Cross voting in president election: কংগ্ৰেছৰ বিধায়কসকলে লাই ডিটেক্টৰৰ সন্মুখীন হ’ব: দেবব্ৰত শইকীয়া

By

Published : Jul 24, 2022, 5:23 PM IST

দেওবাৰে অনুষ্ঠিত হয় যোৰহাটত চাহ জনগোষ্ঠী আদিবাসী কংগ্ৰেছ কোষৰ ৰাজ্যিক অভিৱৰ্তন ৷ এই অভিৱৰ্তনত কংগ্ৰেছৰ আদিবাসী নেতাসকলৰ লগতে কংগ্ৰেছৰ বহুকেইজন ৰথী মহাৰথী উপস্থিত থাকি ৰাষ্ট্ৰপতি নিৰ্বাচনৰ সময়ত হোৱা ক্ৰছ ভোটিঙৰ সন্দৰ্ভত মন্তব্য কৰে (congress leader reacts on cross voting in president election) ৷

congress leader reacts on cross voting in president election
কংগ্ৰেছৰ বিধায়কসকলে লাই ডিটেক্টৰৰ সন্মুখীন হ’ব

যোৰহাট, 24 জুলাই:দেওবাৰে যোৰহাটত অনুষ্ঠিত হয় চাহ জনগোষ্ঠী আদিবাসী কংগ্ৰেছ কোষৰ ৰাজ্যিক অভিৱৰ্তন ৷ যোৰহাটৰ শংকৰদেৱ কলা-কৃষ্টি কেন্দ্ৰত অনুষ্ঠিত এই অভিৱৰ্তনত কংগ্ৰেছৰ আদিবাসী নেতাসকলৰ লগতে কংগ্ৰেছৰ বহুকেইজন ৰথী-মহাৰথী উপস্থিত থাকে ৷

কংগ্ৰেছৰ বিধায়কসকলে লাই ডিটেক্টৰৰ সন্মুখীন হ’ব

সামাজিক জীৱন, ৰাজনৈতিক জীৱন আদি সকলোতে আদিবাসীসকলৰ এক বিশেষ গুৰুত্ব আছে । বিশেষকৈ ৰাজনৈতিক দিশত অধিক গুৰুত্ব আছে এইসকল লোকৰ । অসমীয়া জাতীয় জীৱনত এক সুকীয়া স্থান দখল কৰা আদিবাসী চাহ জনজাতিসকলৰ ত্যাগ আৰু কষ্ট স্বীকৃতি দিয়াৰ উদ্দেশ্যে এই অভিৱৰ্তনৰ আয়োজন কৰা হৈছে ৷

অভিৱৰ্তনত উপস্থিত থাকি বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই (Leader of Opposition Debabrata Saikia) ৰাষ্ট্ৰপতি নিৰ্বাচনৰ সময়ত হোৱা ক্ৰছ ভোটিঙৰ সন্দৰ্ভত (Cross voting in president election) মন্তব্য কৰি কংগ্ৰেছৰ বিধায়কসকলে লাই ডিটেক্টৰৰ সন্মুখীন হ’ব বুলি মন্তব্য কৰে । লগতে ইয়াৰ বাবে আদালতৰ কাষ চাপিব বুলিও উল্লেখ কৰে দেবব্ৰত শইকীয়াই ৷

ইফালে ক্ৰছ ভোটিঙৰ সন্দৰ্ভত কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই বিশ্বাসঘাটক সকলক বিচাৰি উপযুক্ত শাস্তি দিব বুলি উল্লেখ কৰে ৷ আনহাতে সাংসদ গৌৰৱ গগৈয়ে (MP Gaurav Gogoi) কয় যে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত এ আই ইউ ডি এফৰ বিধায়ক সকলে সমালোচনা কৰে ৷

লগতে পঢ়ক:বিজেপিৰ চক্ৰান্তৰ অন্যতম হাথিয়াৰ কৰিমুদ্দিন বৰভূঞা: দেবব্ৰত শইকীয়া

ABOUT THE AUTHOR

...view details