ETV Bharat / city

বিজেপিৰ চক্ৰান্তৰ অন্যতম হাথিয়াৰ কৰিমুদ্দিন বৰভূঞা: দেবব্ৰত শইকীয়া

author img

By

Published : Jul 24, 2022, 4:40 PM IST

এ আই ইউ ডি এফৰ বিধায়ক কৰিমুদ্দিন বৰভূঞাই ( AIUDF MLA Karimuddin Barbhuiya) ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ক্ৰছ ভোটিং সন্দৰ্ভত দেবব্ৰত শইকীয়াৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ আনিছিল । সেই সন্দৰ্ভত বিৰোধী দলপতি দেবব্ৰত শইকীয়াই দেওবাৰে প্ৰকাশ কৰে নিজৰ প্ৰতিক্ৰিয়া (Debabrata Saikia criticize Karimuddin Barbhuiya) ৷

debabrata-saikia-criticize-karimuddin-barbhuiy
বিজেপিৰ চক্ৰান্তৰ অন্যতম হাথিয়াৰ বিধায়ক কৰিমুদ্দিন বৰভূঞা

গুৱাহাটী, ২৪ জুলাই: ‘‘বিধায়ক কৰিমুদ্দিন বৰভূঞা এজন গোকাট মিচলীয়া ব্যক্তি আৰু ইয়াৰ প্ৰমাণ ইতিমধ্যে তেওঁ নিৰ্বাচনী আয়োগক দিয়া শপতনামাত পোৱা গৈছে ’’ ৷ এই অভিযোগ বিৰোধী দলপতি দেবব্ৰত শইকীয়াৰ (Debabrata Saikia criticize Karimuddin Barbhuiy) । উল্লেখ্য যে এ আই ইউ ডি এফৰ বিধায়ক কৰিমুদ্দিন বৰভূঞাই ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ক্ৰছ ভোটিং সন্দৰ্ভত দেবব্ৰত শইকীয়াৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ আনিছিল ।

বিজেপিৰ চক্ৰান্তৰ অন্যতম হাথিয়াৰ বিধায়ক কৰিমুদ্দিন বৰভূঞা

এই সম্পৰ্কত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি শইকীয়াই দেওবাৰে সংবাদ মাধ্যমৰ আগত কৰিমুদ্দিন বৰভূঞাৰ বিৰুদ্ধে সৰৱ হৈ পৰে । বৰভূঞাই ধাৰাবাহিকভাৱে মিছা কথা কৈ ৰাজনৈতিক ক্ষেত্ৰখনত বৰ্তি থকাৰ প্ৰমাণ অনাগত সময়ত ৰাইজৰ আগত উদঙাই দিব লাগিব বুলি মন্তব্য কৰি কৰিমুদ্দিন বৰভূঞা বিজেপিৰ চক্ৰান্তৰ অন্যতম হাথিয়াৰ বুলি উল্লেখ কৰে দেবব্ৰত শইকীয়াই ।

বিধায়ক কৰিমুদ্দিন বৰভূঞাৰ বিৰুদ্ধে ইতিমধ্যে এটা গোচৰ ৰুজু কৰি থোৱা আছে (Case against AIUDF MLA Karimuddin Barbhuiya) বুলি উল্লেখ কৰে বিৰোধী দলপতিগৰাকীয়ে ৷ তেওঁ লগতে কয় যে বৰভূঞাই এই সকলোবোৰ ভুৱা অভিযোগৰ প্ৰমাণ দাঙি ধৰিব লাগিব । সময়ত সঁচা-মিচাৰ প্ৰমাণ কৰিবলৈ দৰকাৰ হ'লে "Deception Detection Test" বা 'Polygraph Test' কৰিবলৈ তেওঁ প্ৰস্তুত আছে বুলি কয় ।

বিজেপিৰ শ্ৰুতলিপি মতে, বিধায়ক কৰিমুদ্দিন বৰভূঞাই তেওঁৰ বিৰুদ্ধে মিছা অভিযোগ আনিছে বুলি তেওঁ সদৰি কৰে শইকীয়াই ৷

লগতে পঢ়ক: Population Control Bill : বহু সাংসদৰ আছে ২ টাতকৈ অধিক সন্তান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.