অসম

assam

নাগৰিকত্ব সংশোধনী আইনক লৈ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে অব্যাহত প্ৰতিবাদ

By

Published : Dec 26, 2019, 3:38 AM IST

Updated : Dec 26, 2019, 8:23 AM IST

ৰাজ্যৰ সৰ্ব্বত্ৰে অব্যাহত আছে সংশোধিত নাগৰিকত্ব আইনক লৈ প্ৰতিবাদ ৷ ইয়াৰ মাজতে চামুগুৰিত সমুখ সমৰত আইন বিৰোধী প্ৰতিবাদকাৰী আৰু বিজেপি নেতা কৰ্মী ৷

CAA protest across Assam
নাগৰিকত্ব সংশোধিনী আইনক লৈ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে অব্যাহত প্ৰতিবাদ

চামগুৰি, 25 ডিচেম্বৰঃৰাজ্যৰ সৰ্ব্বত্ৰে অব্যাহত আছে সংশোধিত নাগৰিকত্ব আইনক লৈ প্ৰতিবাদ ৷ ইয়াৰ মাজতে চামগুৰিত সমুখ সমৰত আইন বিৰোধী প্ৰতিবাদকাৰী আৰু বিজেপি নেতা কৰ্মী ৷ তীব্ৰ প্ৰতিবাদৰ সন্মুখীন কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী ৷ উল্লেখ্য যে,বুধবাৰে প্ৰয়াত প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ জন্ম জয়ন্তী উপলক্ষে কলিয়াবৰ জিলা বিজেপিয়ে চামগুৰিৰ ভেলেউগুৰিত অনুষ্ঠিত কৰিছিল সু-শাসন দিৱস। উক্ত সময়তে বিজেপিৰ সভাস্থলীৰ সন্মুখতে একাংশ স্থানীয় ৰাইজ আৰু ছাত্ৰ সন্থাৰ সদস্যই নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ ৷ এফালে ছাত্ৰ সন্থাৰ সদস্য আৰু স্থানীয় ৰাইজে বিজেপি গ'বেক ধ্বনি দিয়াৰ পৰিবৰ্তে আনফালে বিজেপি কৰ্মী সৰ্মথকে বিজেপি জিন্দাবাদ ধ্বনি দি পৰিৱেশ উত্তাল কৰি তোলে।

চামুগুৰিত প্ৰতিবাদ

টিহুঃ নামনি অসমৰ টিহুতো অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আইনখনৰ বিৰুদ্ধে অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে ৷ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ টিহু আঞ্চলিক সমিতিৰ উদ্যোগত টিহু থানাৰ সন্মুখত সাব্যস্ত কৰা হয় প্ৰতিবাদ ৷ ৩ ঘন্টীয়া এই অৱস্থান ধৰ্মঘট কাৰ্যসূচীত অংশগ্ৰহণ কৰে প্ৰায় তিনি শতাধিক সংগঠনটোৰ নেতা-কৰ্মীৰ লগতে মহিলা সমিতিকে ধৰি বিভিন্ন দল সংগঠনৰ নেতা-কৰ্মীয়ে ৷

টিহুত প্ৰতিবাদ

গুৱাহাটীঃনাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতা কৰি নিজৰ প্ৰাণ আহুতি দিয়া পাঁচজন শ্বহীদৰ মৃত্যুৰ পিছতো কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই ৰাজ্য চৰকাৰে ৷ ইয়াকে লৈ সৰৱ হৈ পৰে কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজ ৷ কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলে শ্বহীদসকলৰ আত্মাৰ সদ্গতিৰ বাবে আয়োজন কৰে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ৷ বিশ্ববিদ্যালয়খনৰ দুই প্ৰাক্তন সাধাৰণ সম্পাদক জিন্টু ঠাকুৰীয়া আৰু প্ৰাঞ্জল কলিতাই শ্বহীদৰ পৰিয়াল তথা শ্বহীদক যথোচিত সন্মান আৰু প্ৰাপ্য প্ৰদান নকৰাৰ বাবে ৰাজ্য চাৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰে ৷

কটন বিশ্বিদ্যালয়ত পাঁচ শ্বহীদক শ্ৰদ্ধাঞ্জলী

জোনাইঃ নাগৰিকত্ব সংশোধনী আইন প্ৰত্যাহাৰৰ দাবীত চিমেন চাপৰিত প্ৰবল প্ৰতিবাদ সাব্যস্ত কৰা হয় ৷ আছু,জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ,আটছুকে ধৰি জনগোষ্ঠীয় সংগঠনৰ উদ্যোগত চিমেন চাপৰি হাইস্কুল খেলপথাৰত আয়োজন কৰা হয় উক্ত প্ৰতিবাদী কাৰ্যসূচী ৷ পাঁচ সহস্ৰাধিক প্ৰতিবাদী ৰাইজে অংশগ্ৰহণ কৰা উক্ত অনুষ্ঠানত ধেমাজি জিলা আছুৰ সভাপতি দীপক শৰ্মা, সাধাৰণ সম্পাদক কল্যাণ গগৈ,সহঃ সাধাৰণ সম্পাদক সঞ্জীৱ দাস,সাংস্কৃতিক সম্পাদক হীৰেণ শৰণীয়া,চিমেন চাপৰি আছুৰ সভাপতি তনু গগৈ,সাধাৰণ সম্পাদক নিপু গগৈ,ধেমাজি জিলা জাতীয়তাবাদীযুৱ ছাত্ৰ পৰিষদৰ সভাপতি জ্ঞান শৰ্মা, চিমেন চাপৰি আটাছুৰ সভাপতি কিৰণ দিহিঙ্গীয়া,সাধাৰণ সম্পাদক হেমন্ত বৰগোহাঁই প্ৰমুখ্যে বহু সংখ্যক জাতীয়-জনগোষ্ঠীয় সংগঠনৰ নেতা উপস্থিত থাকে ।

জোনাইত প্ৰতিবাদ

ডিব্ৰুগড়ঃমঙলবাৰৰ জনতাৰ গৰ্জন কাৰ্যসূচীত ৰাইজৰ অভূতপূৰ্ব সহাৰিৰ পিছত বুধবাৰে পুনৰ ডিব্ৰুগড়ৰ বৰপথাৰ আৰু ইয়াৰ দাঁতি কাষৰীয়া অঞ্চলৰ ৰাইজে 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰে উলিয়ায় প্ৰতিবাদী সমদল ৷ প্ৰতিবাদকাৰীসকলে নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতা কৰাৰ লগতে কৃষক নেতা অখিল গগৈ,শৃংখল চলিহা,জিতেন দত্ত,অমিতাভ শৰ্মাৰ মুক্তিৰো দাবী উত্থাপন কৰে ৷ "অসমীয়াৰ উত্তপ্ত কন্ঠ" শীৰ্ষক প্ৰতিবাদী কাৰ্যসূচীত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আছু গোটেও সহযোগিতা আগবঢ়ায় ৷

ডিব্ৰুগড়ত প্ৰতিবাদ

যোৰহাটঃ বুধবাৰে যোৰহাটৰ চেউনি গাঁৱটো অনুষ্ঠিত হয় নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে সজাগতা সভা ৷ উক্ত সভাত অংশগ্ৰহণকৰী সকলো লোকৰে স্পষ্ট কথা কোনো কাৰণতে মানি লোৱা নহয় নাগৰিকত্ব সংশোধনী বিধেয়ক 2019 ৷

দক্ষিণ কামৰূপঃ দক্ষিণ কামৰূপৰ বৰিহাটত বুধবাৰে অনুস্থিত কৰা হয় নাগৰিকত্ব সংশোধনী আইন বিৰোধী জন জাগৰণ সভা ৷ বৰিহাট আঞ্চলিক সচেতন নাগৰিক সমাজৰ উদ্যোগত আয়োজিত এই প্ৰতিবাদী সভাত শিল্পী সমাজৰ উদায়দিত্য ভৰালী,ৰবি শৰ্মা ,বাবু বৰুৱা,হিমাংশু প্ৰসাদ দাস,অজয় ফুকন,নেকিব,মইনা গোস্বামী,ৰত্ন দাস,চম্পক শৰ্মা আদিৰ দৰে বিশিষ্ট লোকসকল উপস্থিত থাকে। কণ্ঠশিল্পী নেকিবে গানেৰে চৰকাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে । লগতে অভিনেতা ৰবি শৰ্মায়ো চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰে ৷

বৰিহাটত প্ৰতিবাদ

লগতে পঢ়ক- আছুৰ লগত বিজেপিৰ নীতিগত বিৰোধ নাইঃ হিমন্ত বিশ্ব শৰ্মা

Last Updated : Dec 26, 2019, 8:23 AM IST

ABOUT THE AUTHOR

...view details