ETV Bharat / state

আছুৰ লগত বিজেপিৰ নীতিগত বিৰোধ নাইঃ হিমন্ত বিশ্ব শৰ্মা

author img

By

Published : Dec 25, 2019, 9:13 PM IST

কংগ্ৰেছৰ দোষৰ কাৰণেই আজি অসমৰ এনে অৱস্থাৰ সৃষ্টি হৈছে বুলি উল্লেখ কৰে মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ বুধবাৰে সৰভোগ সমষ্টিৰ অন্তৰ্গত বৰপেটাৰোডত আয়োজন কৰা শান্তি সমদলত অংশগ্ৰহণ কৰি কেতবোৰ মন্তব্য আগবঢ়ায় মন্ত্ৰীগৰাকীয়ে ৷

Rally for peace by BJP in Barpetaroad
বৰপেটাৰোডত বিজেপিৰ শান্তি মৌন সমদল

বৰপেটাৰোড, 25 ডিচেম্বৰঃ নলবাৰীৰ পিচত এইবাৰ বৰপেটাৰোডত বিজেপিৰ মৌন শান্তি সমদল ৷ বুধবাৰে সৰভোগ সমষ্টিৰ বৰপেটাৰোডত আয়োজন কৰা শান্তি সমদলত অংশগ্ৰহণ কৰে মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ বৰপেটাৰোড ষ্টেডিয়ামৰ পৰা চহৰৰ মাজেৰে বিশাল মৌন সমদল কৰি বিজেপিৰ বৰপেটাৰোড নগৰ মণ্ডলৰ কাৰ্যালয় উদ্বোধন কৰে মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ সমদলৰ পিচত আয়োজিত সভাত ড৹ শৰ্মাই প্ৰশংসা কৰে সদৌ অসম ছাত্ৰ সন্থাক ৷ তেওঁ কয় যে আছুৰ লগত বিজেপিৰ নীতিগত বিৰোধ নাই ৷ আছুই অসমক ভাল পাই আন্দোলন কৰিছে ৷ সদৌ অসম ছাত্ৰ সন্থাইও অসমক ভাল পাই আৰু আমিও অসমক ভাল পাওঁ বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে ৷ লগতে কয় যে আছু আৰু আমাৰ ৰাস্তা বেলেগ যদিও লক্ষ্য আৰু উদ্দেশ্য এটাই ৷ এই আইনৰ সুযোগ লৈ যিসকলে নিকৃষ্ট ৰাজনীতি কৰিছে তাক গৰিহণা দিয়ে ড৹ শৰ্মাই ৷

বৰপেটাৰোডত বিজেপিৰ শান্তি মৌন সমদল

সভাত মন্ত্ৰীগৰাকীয়ে কংগ্ৰেছ দলক আক্ৰমণৰ লক্ষ্য কৰি লৈ ক্ষুৰধাৰ সমালোচনা কৰে ৷ তেওঁ কয় যে অসম বিধানসভাৰ অধ্যক্ষৰ আসন শুৱনি কৰা পৃথিৱী মাঝিৰ দৰে ব্যক্তিয়ে ডিব্ৰুগড়ত কৈছে চাহ বাগিচাত আহি বিদেশী সোমাই যাব ৷ যিসকলে আইনখন পঢ়িছে তেওঁলোকে গম পাইছে 2014 চনৰ আগত অহা হিন্দু, শিখ, বৌদ্ধ, পাৰ্চী আৰু জৈনক নাগৰিকত্ব দিয়া হ’ব ৷ লগতে কয় নৰেন্দ্ৰ মোডী দেশৰ প্ৰধানমন্ত্ৰী হোৱাৰ পিচত বাংলাদেশত এজনো হিন্দুৰ ওপৰত আক্ৰমণ হোৱা নাই আৰু আগলৈকেও নহ’ব ৷ তেওঁ উল্লেখ কৰে যে কংগ্ৰেছৰ দোষৰ কাৰণেই আজি অসমৰ এনে অৱস্থাৰ সৃষ্টি হৈছে ৷

আনহাতে ড৹ হিমন্ত বিশ্ব শৰ্মাই, তৰুণ গগৈ ডাঙৰীয়াই কৈছে 2014 চনলৈকে ভোটাৰ তালিকাত থকা লোকক অসমৰ এন.আৰ.চিত স্থান দিব লাগে ৷ তাৰমানে পাঁচ লাখ হিন্দু মানুহৰ লগতে সাত লাখ বিশ হাজাৰ বাংলাদেশী মুছলমানৰ নাম এন আৰ চিত অন্তৰ্ভুক্ত কৰি মুঠ বাৰ লাখ বিদেশীক এন আৰ চিত নাম অন্তৰ্ভুক্ত কৰিব লাগে বুলি কটাক্ষ কৰে ৷ লগতে মন্ত্ৰীগৰাকীয়ে আৰু কয় যে অসম চুক্তিৰ উলংঘা 1987 চনত হৈছিল ৷ যেতিয়া ৰাজীৱ গান্ধী আৰু প্ৰফুল্ল কুমাৰ মহন্তই নাগৰিকত্ব আইনৰ সংশোধন কৰিছিল ৷ বিজেপিৰ এই মৌন সমদলত ৰাজ্যিক বিজেপিৰ সভাপতি ৰণজিৎ কুমাৰ দাস, মঙলদৈ সমষ্টিৰ সাংসদ দিলীপ শইকীয়া, বিজেপিৰ সাংগঠনিক সম্পাদক ফনীন্দ্ৰদেৱ শৰ্মাকে ধৰি কেবাজনো বিজেপি নেতা উপস্থিত থাকে ৷

আৰু পঢ়কঃ অখিল গগৈৰ মুক্তিৰ দাবীত উত্তাল টীয়ক

Intro:বৰপেটাৰোড 25 ডিচেম্বৰ : বিজেপিয়ে শান্তি আৰু বিৰামহীন প্ৰগতিৰ হকে বুধবাৰে সৰভোগ সমষ্টিৰ বৰপেটাৰোডত বিজেপিৰ মৌন সমদলত ভাগ লয় ড0 হিমন্ত বিশ্ব শৰ্মাই ৷ বৰপেটাৰোডৰ ষ্টেডিয়ামৰ পৰা চহৰৰ মাজেৰে বিশাল মৌন সমদল কৰি বিজেপিৰ বৰপেটাৰোড নগৰ মণ্ডলৰ কাৰ্যালয় উদ্বোধন কৰি মন্ত্ৰী ড0 হিমন্ত বিশ্ব শৰ্মাই তেওৰ ভাষণত কয় সদৌ অসম ছাত্ৰ সন্হাৰ নেতৃত্বই অসমক ভাল পাই আন্দোলন কৰিছে ৷Body:ছাত্ৰ সন্হাৰ প্ৰতি বিজেপিৰ নীতিগত বিৰোধ নাই ৷ ছাত্ৰ সন্হাইয়ো অসমক ভাল পায় আমিও অসমক ভাল পাও ৷ ৰাস্তা বেলেগ হলেও আছুৰ লগত লক্ষ্য আৰু উদ্দেশ্য এটাই ৷ কিন্তু এই আইনৰ সুযোগ লৈ কংগ্ৰেছ দলে যি নিকৃষ্ট ৰাজনীতি কৰিছে তাক গৰিহনা দিয়ে ৷
অসম বিধান সভাৰ অধ্যক্ষৰ আসন শুৱনি কৰা পৃথিৱী মাঝিৰ দৰে ব্যক্তিয়ে ডিব্ৰুগড়ত কৈছে চা বাগিচাত আহি বিদেশী সুমাই যাব ৷ যি সকলে আইনখন পঢ়িছে তেওলোকে গম পাইছে 2014 চনৰ আগত অহা হিন্দু শিখ বৈদ্য জৈনক নাগৰিকত্ব দিয়া হব ৷ নৰেন্দ্ৰ মোদী দেশৰ প্ৰধানমন্ত্ৰী হোৱাৰ পাছত বাংলাদেশত এজনো হিন্দুৰ ওপৰত আক্ৰমণ হোৱা নাই আৰু আগলৈকেও নহব ৷
2014 চনৰ আগত অসমত কংগ্ৰেছৰ চৰকাৰ আছিল ৷ 1972 চনৰ পৰা 2014 চনলৈ অহা হিন্দু বাংলাদেশী সকলক যদি মূৰপাতি লব লগীয়া হৈছে তাৰ একমাত্ৰ কাৰণ কংগ্ৰেছে বাংলাদেশত হিন্দু লোক সকলৰ নিৰাপত্তা সুনিশ্চিত কৰিব পৰা নাছিল ৷ কংগ্ৰেছৰ দোষৰ কাৰণেই আজি অসম খনে এনে অৱস্হাৰ সৃষ্টি হৈছে ৷
তৰুন গগৈ ডাঙৰীয়াই কৈছে 2014 চনলৈকে ভোটাৰ তালিকাত থকা লোকক অসমৰ এন আৰ চিত স্হান দিব লাগে ৷ তাৰমানে পাচ লাখ হিন্দু মানুহৰ লগতে সাত লাখ বিশ হাজাৰ বাংলাদেশী মুছলমানৰ নাম এন আৰ চিত অন্তৰ্ভুক্ত কৰি মুঠ বাৰ লাখ বিদেশীক এন আৰ চিত নাম অন্তৰ্ভুক্ত কৰিব লাগে ৷
বিজেপিয়ে কৈছে পাচ লাখ হিন্দুক নাগৰিকত্ব দিব ৷কিন্তু দুৰ্ভাগ্য বাৰ লাখ নাগৰিকক এন আৰ চিত নাম অন্তৰ্ভুক্ত কৰিব লাগে বুলি কৈ তৰুণ গগৈ হিৰো হৈ আছে ৷ বিজেপিয়ে পাচ লাখ হিন্দু বাংলাদেশীক নাগৰিকত্ব দিয়াৰ কথা কোৱাত কলংকিত হৈ আছে ৷ এনে অপ প্ৰচাৰ আগতে কেতিয়াও হোৱা নাছিল ৷ কংগ্ৰেছ দলক মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় আপোনালোকে বিজেপিক পিছদোৱাৰেদি নোৱাৰিব ৷ বিজেপিৰ কৰ্মী সকলে সৰ্বস্ব ত্যাগ কৰি কংগ্ৰেছৰ লগত যুজিব আৰু 2021চনত বিজেপিয়ে অসমত বিজেপিয়ে এক অভূতপূৰ্ব ফলাফল লাভ কৰি চৰকাৰ গঠন কৰিব অসমত ৷
মন্ত্ৰী গৰাকীয়ে আৰু কয় অসম চুক্তিৰ উলংঘা 1987 চনত হৈছিল ৷ যেতিয়া ৰাজীব গান্ধী আৰু প্ৰফুল্ল কুমাৰ মহন্তই নাগৰিকত্ব আইনৰ সংশোধন কৰিছিল ৷
বিজেপিৰ এই মৌন সমদলত ৰাজ্যিক বিজেপিৰ সভাপতি ৰণজিৎ কুমাৰ দাস মঙলদৈ সমষ্টিৰ সাংসদ দিলীপ শইকীয়া সোণোৱাল বিজেপিৰ সাংগঠনিক সম্পাদক ফনীন্দ্ৰদেৱ শৰ্মাকে ধৰি কেবাজনো বিজেপি নেতা উপস্থিত থাকে ৷
বাইট : ড0 হিমন্ত বিশ্ব শৰ্মা ৷ Conclusion:Abdul Khaleque Ahmed
Etv Bharat
Barpeta road
9957907059
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.