অসম

assam

লিচুবাৰীৰ সেনা ছাউনীৰ গ্ৰেনেড বিস্ফোৰণত যোগসূত্ৰ থকা দুই যুৱকক গ্ৰেপ্তাৰ

By ETV Bharat Assamese Team

Published : Jan 8, 2024, 8:02 AM IST

Jorhat Grenade Blast: যোৰহাটৰ লিচুবাৰীস্থিত সেনা বাহিনীৰ 41 চাব এৰিয়াৰ ব্ৰহ্মপুত্ৰ গেটৰ সমীপত 14 ডিচেম্বৰৰ নিশা সংঘটিত হোৱা বিস্ফোৰণৰ তদন্ত অব্যাহত ৰাখিছে যোৰহাট আৰক্ষীয়ে ৷ এই বিস্ফোৰণৰ লগত জড়িত থকাৰ সন্দেহত যোৰহাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আন দুই অভিযুক্তক ৷

ULFA Grenade Blast
লিচুবাৰীৰ সেনা ছাউনীৰ গ্ৰেনেড বিস্ফোৰণত যোগসূত্ৰ থকা দুই যুৱকক গ্ৰেপ্তাৰ

যোৰহাট, ৮ জানুৱাৰী:যোৰহাট লিচুবাৰীৰ সেনা ছাউনীৰ ৪১ নং উপ অঞ্চলৰ সেনা শিবিৰত সংঘটিত হোৱা গ্ৰেনেড বিস্ফোৰণত জড়িত থকাৰ সন্দেহত যোৰহাট আৰক্ষীয়ে দেওবাৰে দুই অভিযুক্তক গ্ৰেপ্তাৰ কৰে ৷ ডিমৌ আৰক্ষীৰ সহযোগত যোৰহাট আৰক্ষীয়ে শিৱসাগৰ ডিমৌৰ পৰা ৰাজপাল গগৈ আৰু বিপ্লৱ বৰুৱা নামৰ যুৱকদ্বয়ক গ্ৰেপ্তাৰ কৰে । যুৱকদ্বয়ে টীয়ক আৰু ৰাজমাইত গ্ৰেনেড যোগান ধৰিছিল ।

অভিযোগ অনুসৰি, সেনা ছাউনীৰ গ্ৰেনেড বিস্ফোৰণত জড়িত বিৰাজ কছাৰীৰ একাউন্টত ৰাজপাল গগৈ আৰু বিপ্লৱ বৰুৱাই ৫০০০হাজাৰ টকা ভৰাই দিছিল । সেনা ছাউনীৰ গ্ৰেনেড বিস্ফোৰণত জড়িত অচ্যুত গগৈ আৰু বিৰাজ কছাৰীক আৰক্ষীয়ে পূৰ্বে গ্ৰেপ্তাৰ কৰে আৰু দুয়ো বৰ্তমান যোৰহাট কেন্দ্ৰীয় কাৰাগাৰত কাৰাবাস খাটিবলগীয়া হৈছে ।

উল্লেখ্য যে, ২০২৩ বৰ্ষৰ ১৪ ডিচেম্বৰ নিশা প্ৰায় ৭.২১ বজাত কনক গগৈ ওৰফে আইছেং অসমৰ নিৰ্দেশত বিৰাজ কছাৰী আৰু অচ্যুত গগৈয়ে যোৰহাট লিচুবাৰী সেনা ছাউনীত গ্ৰেনেড বিস্ফোৰণ সংঘটিত কৰি ঘটনাস্থলী পৰা নিৰ্বিঘ্নে আঁতৰি গৈছিল ৷ এই বিস্ফোৰণৰ ঘটনাই দেশৰ গৃহ বিভাগকো জোকাৰি যায় ।

সেনা ছাউনিৰ গ্ৰেনেড বিস্ফোৰণ ঘটনাৰ পিচত আৰক্ষীৰ নিৰাপত্তা ব্যৱস্থা সন্দৰ্ভত সৰ্বত্ৰে ব্যাপক চৰ্চা লাভ কৰে । যাৰবাবে বিস্ফোৰণৰ তদন্ত কৰিবলৈ সেনা ছাউনিত উপস্থিত হয় ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থা চমুকৈ NIA । ৰাজপাল গগৈ আৰু বিপ্লৱ বৰুৱাক জেৰা কৰাৰ পাচত আলফা (স্বাঃ) ৰ উজনি অসমত কি পৰিকল্পনা আছে অথবা ২৬ জানুৱাৰী অৰ্থাৎ গণতন্ত্ৰ দিৱসৰ প্ৰাকক্ষণত কোনো কূটাঘাটমূলক ঘটনা সংঘটিত কৰাৰ পৰিকল্পনা আছে নেকি, সেয়া তথ্য স্পষ্ট হ'ব বুলি আৰক্ষীৰ এক বিশেষ সূত্ৰই জানিবলৈ দিয়ে ।

লগতে পঢ়ক:যোৰহাট সেনা ছাউনিত গ্ৰেনেড বিস্ফোৰণত জড়িতৰ সন্দেহত আটক ২

ABOUT THE AUTHOR

...view details