অসম

assam

বৰহোলাত আদিবাসী ছাত্ৰ সন্থাৰ প্ৰতিবাদ

By

Published : Mar 25, 2021, 7:04 AM IST

চাহ শ্ৰমিকৰ দৈনিক মজুৰি 350 টকালৈ বৃদ্ধি কৰাৰ লগতে চাহ জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যদা প্ৰদান কৰা, ভূমি পট্টা প্ৰদান কৰা আদিৰ প্ৰতিবাদত বিজেপি চৰকাৰৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে আছাই ৷

বৰহোলাত আদিবাসী ছাত্ৰ সন্থাৰ প্ৰতিবাদ
বৰহোলাত আদিবাসী ছাত্ৰ সন্থাৰ প্ৰতিবাদ

তিতাবৰ, 25 মাৰ্চ: বুধবাৰে প্ৰতিবাদমুখৰ হৈ পৰিল বৰহোলা চাহ বাগিচা ৷ বৰহোলা চাহ বাগিচাত আদিবাসী ছাত্ৰ সন্থা চমুকৈ আছাই বৰহোলা আঞ্চলিক সমিতিৰ উদ্যোগত 2 ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে ৷

চাহ শ্ৰমিকৰ দৈনিক মজুৰি 350 টকালৈ বৃদ্ধি কৰাৰ লগতে চাহ জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যদা প্ৰদান কৰা ভূমি পট্টা প্ৰদান কৰা আদিৰ প্ৰতিবাদত বিজেপি চৰকাৰৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে আছাই ৷ নিৰ্বাচনৰ প্ৰাক-মূহুৰ্তত আছাৰ এই প্ৰতিবাদে নিৰ্বাচনত এক প্ৰভাৱ পেলাৱ পাৰে ৷ কিয়নো এইবাৰ নিৰ্বাচনত বিজেপিৰ কথাত ভুল নাযাবলৈ ৰাইজক অনুৰোধ জনাইছে আছাৰ সদস্যসকলে ৷

লগতে পঢ়ক:অখিল গগৈৰ সমৰ্থনত ওলাই আহিল সহস্ৰাধিক জনতা

ABOUT THE AUTHOR

...view details