অসম

assam

হোজাইত জব্দ হ'ল লক্ষাধিক টকাৰ চোৰাং কাঠ

By

Published : May 4, 2021, 2:18 PM IST

মঙলবাৰে পুৱাৰ ভাগত গোপন সূত্ৰৰ পম খেদি লংকা বন বিভাগে অভিযান চলাই জব্দ কৰে কেইবালাখ টকাৰ চোৰাং কাঠসহ দুখন বলেৰ' পিকআপ বাহন ৷ সম্প্ৰতি জব্দকৃত কাঠখিনি লংকা আঞ্চলিক বন বিভাগৰ কাৰ্যালয়লৈ অনাৰ লগতে তদন্ত অব্যাহত ৰাখিছে ।

হোজাইত জব্দ হ'ল কেইবালাখ টকাৰ চোৰাং কাঠ
হোজাইত জব্দ হ'ল কেইবালাখ টকাৰ চোৰাং কাঠ

হোজাই, 4মে': হোজাই জিলাত অব্যাহত আছে চোৰাং কাঠৰ ৰমৰমীয়া বেহা ৷ মঙলবাৰে পুৱাৰ ভাগত গোপন সূত্ৰৰ পম খেদি লংকা বন বিভাগে অভিযান চলাই জব্দ কৰে কেইবালাখ টকাৰ চোৰাং কাঠসহ দুখন বলেৰ' পিকআপ বাহন ৷ অৱশ্যে কোনো লোকক আটক কৰিবলৈ সক্ষম নহ'ল বন বিভাগৰ দলটোৱে ৷

হোজাইত জব্দ হ'ল কেইবালাখ টকাৰ চোৰাং কাঠ

উল্লেখ্য যে, লংকাৰ নখুটি অঞ্চলৰ পৰা নগাঁও অভিমুখে কাঠখিনি কঢ়িয়াই অনা অৱস্থাতে 54নং ৰাষ্ট্ৰীয় ঘাইপথস্থিত ডবকা টোল প্লাজা পৰা জব্দ কৰিবলৈ সক্ষম হয় ৷ বন বিভাগৰ লোকে চোৰাং কাঠখিনি কাৰ্বি-আংলং বনাঞ্চল পৰা সৰবৰাহ কৰাৰ সন্দেহ প্ৰকাশ কৰিছে ৷ সম্প্ৰতি জব্দকৃত কাঠখিনি লংকা আঞ্চলিক বন বিভাগৰ কাৰ্যালয়লৈ অনাৰ লগতে তদন্ত অব্যাহত ৰাখিছে ।

লগতে পঢ়ক:অনিৰ্দিষ্ট কাললৈ স্থগিত ৰখা হ'ল হাইস্কুল শিক্ষান্ত পৰীক্ষা

ABOUT THE AUTHOR

...view details