অসম

assam

ৰে’লৰ ডবাত ৭৫ লাখ টকাৰো অধিক ব্ৰাউন ছুগাৰ জব্দ

By

Published : Aug 25, 2022, 11:10 AM IST

Updated : Aug 25, 2022, 12:30 PM IST

লামডিঙত ৰে'লৰ দবাত আৰ পি এফৰ অভিযানত বৃহৎ পৰিমানৰ ব্ৰাউন ছুগাৰ জব্দ (Brown sugar seized)। ৫৬২৫ উজনিমুৱা দেওগড়-আগৰতলা এক্সপ্ৰেছৰ এটা এ চি দবাৰ শৌচাগাৰত থকা এটা পৰিত্যক্ত বেগৰ পৰা ৰে'লৱে সুৰক্ষা বাহিনীৰ টহলদাৰী দলে ৭৫ লাখ টকাৰো অধিক পৰিমানৰ ব্ৰাউন ছুগাৰ জব্দ কৰে(Lamding RPF seized Brown sugar)৷

Lamding RPF seized Brown sugar worth over Rs 75 lakh
ৰে’লৰ ডবাত ৭৫ লাখ টকাৰো অধিক ব্ৰাউন ছুগাৰ জব্দ

লামডিং, 25 আগষ্ট: ৰাজ্য চৰকাৰ আৰু আৰক্ষীৰ কঠোৰ স্থিতিক ভেঙুচালি কৰি অসাধু চক্ৰই ৰাজ্যত ড্ৰাগছৰ চোৰাং বেহা অব্যাহত ৰাখিছে (Brown sugar seized )৷ লামডিঙত ৰে'লৰ দবাত আৰ পি এফৰ অভিযান বৃহৎ পৰিমাণৰ ব্ৰাউন ছুগাৰ জব্দ কৰা হয় (Lumding RPF seized Brown sugar )৷

গুৱাহাটী-লামডিং ৰে'লৱে সুৰক্ষা বাহিনী (আৰ পি এফ)ৰ এটা টহলদাৰী দলে ১৫৬২৫ উজনিমুৱা দেওগড়-আগৰতলা এক্সপ্ৰেছৰ এটা এ চি দবাৰ শৌচাগাৰত থকা এটা পৰিত্যক্ত বেগৰ পৰা ৫৭ টা চাবোনৰ বাকচত প্ৰায় ৭৫৫ গ্ৰাম ব্ৰাউন ছুগাৰ উদ্ধাৰ কৰে (RPF Seized brown sugar)৷

ৰে’লৰ ডবাত ৭৫ লাখ টকাৰো অধিক ব্ৰাউন ছুগাৰ জব্দ

উদ্ধাৰ কৰা ব্ৰাউন ছুগাৰখিনিৰ বজাৰ মূল্য ৭৫ লাখ টকাৰো অধিক হ'ব বুলি ৰে'লৱে সুৰক্ষা বাহিনীয়ে জানিবলৈ দিয়ে (Brown sugar worth over Rs 75 lakh ) ৷ আৰ পি এফৰ অভিযানকাৰীয়ে এই সংক্ৰান্তত অৱশ্যে এতিয়ালৈকে কোনো লোকক আটক কৰিব পৰা নাই ৷

উল্লেখযোগ্য যে বিগত সময়ত ৰাজ্য চৰকাৰে ড্ৰাগছৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰাৰ ফলত আৰক্ষীয়ে বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰাৰ লগতে দাহনো কৰিছে ৷ তথাপিও এনেদৰে ৰে'লত বৃহৎ‍ পৰিমাণৰ ব্ৰাউন ছুগাৰ উদ্ধাৰ হোৱা ঘটনাই ৰে’ল বিভাগৰ উচ্চ পদস্থ বিষয়া তথা ৰে'ল আৰক্ষীৰ শিথিলতাক লৈ প্ৰশ্ন উত্থাপন কৰিছে সচেতন ৰাইজে ৷

লগতে পঢ়ক:বোকাজানত বিদ্ৰোহী সংগঠন আনলাৰ বুজন পৰিমাণৰ অস্ত্ৰ সম্বৰণ

Last Updated :Aug 25, 2022, 12:30 PM IST

ABOUT THE AUTHOR

...view details