অসম

assam

গো-ধন হত্যাৰ অভিযোগত এজনক আটক

By

Published : May 14, 2020, 9:30 PM IST

হোজাইৰ উদালী আৰক্ষীৰ বিশেষ সফলতা ৷ গো-ধনৰ ডিঙি শিৰচ্ছেদ কৰা ঘটনাত জড়িতৰ অভিযোগত তদন্ত কৰি এজনক আটক কৰে আৰক্ষীয়ে ৷

hojai cow death police arrested accused assam etv bharat news
এজনক আটক

হোজাই,14 মে’: হোজাই জিলাৰ হাবাইপুৰ গোঁসাইগাঁৱত এজন যুৱকক গো-ধনৰ ডিঙি শিৰচ্ছেদ কৰাৰ ঘটনাত জৰিতৰ অভিযোগত আটক কৰে আৰক্ষীয়ে ৷ ঘটনাৰ বিৱৰণী অনুসৰি, বিগত 9 মে’ত গোঁসাইগাঁও নিবাসী যুগেশ্বৰ নাথৰ পথাৰত চৰি থকা অৱস্থাত গো-ধনৰ ডিঙি কাটি লৈ গৈছিল দুৰ্বৃত্তই ৷ উক্ত ঘটনা সংক্ৰান্তত নাথে দিয়া এজাহাৰৰ ভিত্তিত উদালী আৰক্ষীয়ে তদন্ত চলাই আটক কৰে অভিযুক্ত কমৰুল আফছৰক ৷ আটকাধীন আফছৰৰ ঘৰ লংকাৰ উদালীত বুলি জানিব পৰা গৈছে ৷ বৰ্তমান লামডিং আৰক্ষী থানাত আছে ধৃত যুৱকজন ৷

এজনক আটক

ABOUT THE AUTHOR

...view details