অসম

assam

চিৰাজুদ্দিন আজমলৰ আদৰণীয় পদক্ষেপ

By

Published : Jun 22, 2021, 6:01 PM IST

বিধায়ক চিৰাজুদ্দিন আজমলৰ নেতৃত্বত যমুনামুখ সমষ্টিৰ পাঁচটা স্থান ডবকা, নীলবাগান,যমুনামুখ, মোৰাঝাৰ আৰু চৌধুৰী বজাৰত স্নাতক আৰু উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীৰ বাবে ব্যৱহাৰিক ইংৰাজী ভাষা জ্ঞান আৰু লিখা মেলাৰ তিনিমহীয়া প্ৰশিক্ষণ কেন্দ্ৰ স্থাপন । মঙলবাৰে বিধায়ক চিৰাজুদ্দিন আজমলে ডবকাত প্ৰথমটো আজমল ইনষ্টিটিউট অব কমিউনিকেচন স্কীল্চ আনুষ্ঠানিকভাৱে মুকলি কৰে ৷

AICS
চিৰাজুদ্দিন আজমলৰ আদৰণীয় পদক্ষেপ

হোজাই,২২ জুন:হোজাই জিলাৰ যমুনামুখ সমষ্টিৰ শিক্ষিত যুৱক-যুৱতীসকলৰ দক্ষতা বিকাশ আৰু সংস্থাপনৰ সহায় হোৱাকৈ সমষ্টিটোৰ নৱ নিৰ্বাচিত বিধায়ক চিৰাজুদ্দিন আজমলে এটি প্ৰশংসনীয় পদক্ষেপ হাতত লৈছে ৷
বিধায়কজনে যমুনামুখ সমষ্টিৰ পাঁচটা স্থান ডবকা, নীলবাগান,যমুনামুখ, মোৰাঝাৰ আৰু চৌধুৰী বজাৰত স্নাতক আৰু উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীৰ বাবে ব্যৱহাৰিক ইংৰাজী ভাষা জ্ঞান আৰু লিখা মেলাৰ তিনিমহীয়া প্ৰশিক্ষণ কেন্দ্ৰ স্থাপনৰ সিদ্ধান্ত লৈছে ৷ সেই সিদ্ধান্তৰ বাস্তবায়নৰ দিশত প্ৰথমটো খোজ হিচাপে মঙলবাৰে বিধায়ক চিৰাজুদ্দিন আজমলে ডবকাত প্ৰথমটো আজমল ইনষ্টিটিউট অব কমিউনিকেচন স্কীল্চ (Ajmal Institute of Communication Skills) আনুষ্ঠানিকভাৱে মুকলি কৰে ৷

চিৰাজুদ্দিন আজমলৰ আদৰণীয় পদক্ষেপ

এই অনুষ্ঠানত মৰ্কজুল মা আৰিফৰ (Markazul Ma'arif) কাৰ্যবাহী সভাপতি ড° চামছুল হক চৌধুৰী, জ্যেষ্ঠ উপ-সভাপতি অধ্যাপক (অৱসৰপ্ৰাপ্ত) ৰছিদ আহমদ, সাধাৰণ সম্পাদক খলিলুৰ ৰহমান লস্কৰ, আজমল ফাউণ্ডেচনৰ(Ajmal Foundation) ডাইৰেক্টৰ ড° খচৰুল ইছলাম, উক্ত প্ৰকল্পৰ চিলেবাচৰ প্ৰণেতা তথা শিক্ষকসকলৰ প্ৰশিক্ষক অধ্যাপক (অৱসৰপ্ৰাপ্ত) ড° আৰ কে ৰথ আৰু বিধায়কৰ সচিব নুৰুল হক বৰভূঞা উপস্থিত থাকে ৷ আজমল চিএছআৰৰ(CSR) অগ্ৰণী স্বেচ্ছাসেৱী সংস্থা মৰ্কজুল মা' আৰিফে ৰূপায়ণ কৰিবলগা এই পাচোঁটা কেন্দ্ৰ সম্পৰ্কে বিধায়কজনে কয় যে স্নাতক আৰু উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ শিক্ষাৰ্থীৰ কেৰিয়াৰৰ সম্ভাৱনা বৃদ্ধি কৰাৰ লগতে নাৰী সৱলীকৰণ আৰু উলামাসকলৰ কৰ্মসংস্থাপনৰ উন্নয়ন এই প্ৰকল্পৰ মূল উদ্দেশ্য ৷ পঢ়াশুনাৰ অন্তত যিসকল চাকৰিৰ সন্ধানৰত আৰু বিভিন্ন সন্মানজনক কৰ্মসংস্থাপনত যিসকলে নিজকে জড়িত কৰিবলৈ আগ্ৰহী, যমুনামুখ সমষ্টিৰ সেই উচ্চাকাংক্ষী যুৱক-যুৱতী এই প্ৰকল্পৰ দ্বাৰা অত্যন্ত ফলপ্ৰসূ হ'ব ৷

চিৰাজুদ্দিন আজমলৰ আদৰণীয় পদক্ষেপ
ইংৰাজী ভাষাত কথোপকথন আৰু লিখা মেলাত দক্ষতা বৃদ্ধিৰ লগতে প্ৰশিক্ষাৰ্থীসকলক চৰকাৰী, বেচৰকাৰী খণ্ডৰ বিভিন্ন চাকৰি যেনে বেংকখণ্ড, ৰেলৱে আদি বিভাগত নিয়োগৰ বাবে 'ষ্টাফ চিলেকচন কমিচন'য়ে(SSC) আয়োজন কৰা পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ ক্ষেত্ৰত এই কেন্দ্ৰসমূহৰ কৰ্ণধাৰসকলে গাইড দিব ৷ শিক্ষাৰ্থীসকলৰ বাবে অনলাইন আৰু অফলাইনযোগে দেশৰ যশস্যী অনুপ্ৰেৰণামুলক বক্তা (motivational speaker)ৰ জৰিয়তে কেৰিয়াৰৰ বাটত উজ্জীৱিত হিচাপে আগবঢ়াই দিয়া হ'ব ৷

তিনি মাহৰ বাবে দিনে তিনি ঘন্টাকৈ সপ্তাহত পাঁচ দিন প্ৰশিক্ষণ প্ৰদান কৰা হ'ব ৷ প্ৰশিক্ষণ সফলতাৰে সম্পূৰ্ণ কৰা যুৱক-যুৱতীসকলক মৰ্কজুল মা' আৰিফে ডিপ্লোমা(Diploma) চাৰ্টিফিকেট প্ৰদান কৰিব ৷ প্ৰথমাৱস্থাত এশ গৰাকীকৈ যুৱক-যুৱতীক সুযোগ দিয়া হ'ব আৰু ক্ৰমাৎ মৰ্কজুল মা' আৰিফৰ সহযোগত সমগ্ৰ অসমত এই প্ৰকল্প আৰম্ভ কৰাৰ লক্ষ্য স্থিৰ কৰিছে ৷

লগতে পঢ়ক:বাক্সাৰ মুছলপুৰত উদ্বোধন জিলা পুথিভঁৰাল

ABOUT THE AUTHOR

...view details