অসম

assam

চাকৰিৰ স্থায়ীকৰণৰ দাবীত প্ৰতিবাদ

By

Published : Feb 8, 2021, 4:32 PM IST

সোমবাৰে হাইলাকান্দিত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অস্থায়ী কৰ্মচাৰীসকলে বকেয়া দৰমহা মুকলি কৰাৰ লগতে চাকৰিৰ স্থায়ীকৰণৰ দাবীত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷ কৰ্মচাৰীসকলে অসম চৰকাৰ হায় হায়, মন্ত্ৰী ৰিহণ দৈমাৰী মুৰ্দাবাদ আদি শ্ল’গানেৰে উত্তাল কৰি তোলে প্ৰতিবাদস্থলী ৷

public-health-technical-departments-temporary-staff-protest
চাকৰি স্থায়ীকৰণৰ দাবীত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অস্থায়ী কৰ্মচাৰীৰ প্ৰতিবাদ

হাইলাকান্দি,8 ফেব্ৰুৱাৰীঃসমগ্ৰ অসমৰ লগতে সোমবাৰে হাইলাকান্দি জিলাতো জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অস্থায়ী কৰ্মচাৰীসকলে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷ পুৱা ১০ বজাৰ পৰা জিলাখনৰ কাটলিছেৰা সমষ্টিৰ মণিপুৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যালয়ৰ সম্মুখৰ গেটত তলা ওলোমাই এই প্ৰতিবাদ সাব্যস্ত কৰে কৰ্মচাৰীসকলে ৷ প্ৰতিবাদকাৰীসকলে অসম চৰকাৰ হায় হায়, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী ৰিহণ দৈমাৰী মুৰ্দাবাদ আদি শ্ল'গানেৰে উত্তাল কৰি তোলে পৰিৱেশ ৷

চাকৰি স্থায়ীকৰণৰ দাবীত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অস্থায়ী কৰ্মচাৰীৰ প্ৰতিবাদ

ইপিনে,শীঘ্ৰে চৰকাৰে দৰমহাৰ বকেয়া ধন মুকলি কৰি নিদিলে আৰু চাকৰিৰ স্থায়ীকৰণ নকৰিলে অনাগত দিনতো এই প্ৰতিবাদ অব্যাহত থাকিব বুলি হুংকাৰ প্ৰদান কৰে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কৰ্মীসকলে ৷ প্ৰতিবাদকাৰীসকলৰ লগত মণিপুৰ ৰাইজেও হাতত কলহ লৈ বিভাগটোৰ কাৰ্যালয়ৰ সন্মুখত বিগত ৮ দিনে লাভ নকৰা খোৱা পানীৰ সন্দৰ্ভত প্ৰতিবাদ সাব্যস্ত কৰে ৷ উল্লেখ্য যে, বিগত 1 ফেব্ৰুৱাৰীৰ পৰা পানী যোগান আঁচনিৰ অস্থায়ী কৰ্মীসকলে কৰ্মবিৰতি আন্দোলন ৰূপায়ণ কৰিছে ।

লগতে পঢ়কঃভাৰতীয় বায়ু সেনাত অন্তৰ্ভুক্ত হোৱাৰ দিশে ৰাফেল যুঁজাৰু বিমান

ABOUT THE AUTHOR

...view details