হাইলাকান্দি, 2 ফেব্ৰুৱাৰী :মঙলবাৰে কেইবাটাও গুৰুত্বপূৰ্ণ দাবীৰ সম্বলিত এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে হাইলাকান্দি জিলা স্বচ্ছসেৱী কো-অৰ্ডিনেশন কমিতিয়ে ৷ অৰ্থাৎ জনস্বাস্থ্য কাৰিকৰী বিভাগ অধীনত থকা স্বেচ্ছাসেৱী হিচাপে কৰ্মৰত কৰ্মচাৰীসকলে মঙলবাৰে জিলাখনৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যালয়ৰ সন্মূখত ৰূপায়ন কৰে এই প্ৰতিবাদী কাৰ্যসূচী ৷
প্ৰতিবাদৰ কালত বিভিন্ন চৰকাৰ বিৰোধী শ্ল'গানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে প্ৰতিবাদকাৰীসকলে ৷ স্বেচ্ছাসেৱী লোক সকলৰ অভিযোগ অনুসৰি জনস্বাস্থ্য কৰিকৰী বিভাগৰে ১৯৫ জন স্বেচ্ছাসেৱী লোকৰ কোনো প্ৰশিক্ষণৰ ব্যৱস্থা কৰা নাই ৷ যাৰ বাবে তেওঁলোক প্ৰাপ্য মজুৰি পৰাও বঞ্চিত হৈ আহিছে বুলি অভিযোগ উত্থাপন কৰিছে জনস্বাস্থ্য কাৰিকৰী বিভাগ অধিনৰ স্বেচ্ছাসেৱী লোক সকলে ৷