অসম

assam

লক ডাউনৰ বাবে গোলাঘাটত নষ্ট বহু হাজাৰ বিঘা কৃষিভূমি

By

Published : Apr 17, 2020, 1:09 PM IST

লাখ লাখ টকা লোকচানৰ সন্মুখীন হৈছে গোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ অন্তৰ্গত চুঙাজান আদৰ্শ ৰায়পথাৰৰ কৃষকসকল ৷

Vegitables damaged at Golaghat due to Lockdown
লক ডাউনৰ বাবে গোলাঘাটত নষ্ট বহু হাজাৰ বিঘা কৃষিভূমি

সৰুপথাৰ,17 এপ্ৰিল:কৰণা ভাইৰাছৰ আতংকৰ বাবে দেশজুৰি অব্যাহত থকা লক ডাউনৰ ফলত ক্ষতিগ্ৰস্ত হৈছে দেশৰ লাখ লাখ খেতিয়ক ৷ লক ডাউনৰ বাবে উৎপাদিত সামগ্ৰী সমুহ বজাৰলৈ উলিয়াই দিব নোৱাৰাৰ বাবে খেতি পথাৰে গেলি পচি গৈছে শস্য ৷ এই পৰিস্থিতিত এতিয়া উপায়ন্তৰ হৈ পৰিছে দেশৰ অৰ্থনীতিত সদায়েই এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা খেতিয়ক সকল ৷ দেশৰ আন আন ৰাজ্যৰ লগতে অসমতো পানীত হাঁহ নচৰা অৱস্থা হৈছে কৃষকৰ ৷

লক ডাউনৰ বাবে গোলাঘাটত নষ্ট বহু হাজাৰ বিঘা কৃষিভূমি

হাজাৰ হাজাৰ কৃষি ভূমিত নষ্ট হৈছে উৎপাদিত পাচলি ৷ সমান্তৰালকৈ লাখ লাখ টকা লোকচানৰ সন্মুখীন হৈছে গোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ অন্তৰ্গত চুঙাজান আদৰ্শ ৰায়পথাৰৰ কৃষকসকল ৷ কিন্তু অতি পৰিতাপৰ বিষয় যে কৃষিমন্ত্ৰী অতুল বৰাটো বাদেই,মন্ত্ৰীৰ গৃহ জিলাৰ এই খেতিয়কসকলৰ দুখৰ সময়ত সৰুপথাৰত কৃষি বিভাগৰ কাৰ্যালয়ৰ কোনো এজনো বিষয়া উপস্থিত নোহোৱাৰ অভিযোগ কৃষক সকলৰ ৷

লক ডাউনৰ বাবে গোলাঘাটত নষ্ট বহু হাজাৰ বিঘা কৃষিভূমি

উল্লেখ্য যে দীৰ্ঘদিনৰ পৰা প্ৰায় 1000 বিঘা মাটিত 150 টা পৰিয়ালে ৰবি শস্যৰ খেতি কৰি জীৱন নিৰ্বাহ কৰি আহিছে ৷ কিন্তু লক ডাউনৰ বাবে বজাৰ বন্ধ হৈ থকাত বাৰীতেই গেলিছে বিলাহী,ফুলকবি,বেঙেনা,বন্ধাকবি,লেছেৰা আদি ভিন্ন প্ৰকাৰৰ শাক পাচলি ৷ যাৰ বাবে এতিয়া হাহাকাৰ কৰিবলগীয়া হৈছে বাম খেতিৰ ওপৰতে একমাত্ৰ ভৰষা কৰি জীৱন নিৰ্বাহ কৰা খেতিয়ক সকলে ৷

লগতে পঢ়কঃ কৰ’ণা আক্ৰান্ত অঞ্চলৰ গ্ৰীণ জ’ন ঘোষণা নগাঁৱক

ABOUT THE AUTHOR

...view details