অসম

assam

চুঙাজানত দিন দুপৰতে নগা দুৰ্বৃত্তৰ ব্যৱসায়ীক ধন দাবী !

By

Published : Jun 12, 2019, 9:36 AM IST

ঘটনাস্থলীত চুঙাজান আৰক্ষী পলমকৈ উপস্থিত হৈ যদিও, দুৰ্বৃত্তই সেই সময়লৈকে পলাই নিৰাপদ স্থান পায়গৈ ৷

চুঙাজানত দিন দুপৰতে নগা দুৰ্বৃত্তৰ ব্যৱসায়ীক ধন দাবী !

সৰুপথাৰ , 12 জুন : ধনশিৰি মহকুমাৰ সীমান্তৰ চুঙাজানত দিন দুপৰতে নগা দুৰ্বৃত্তই ব্যৱসায়ী সকলৰ পৰা ধন দাবী কৰি তাণ্ডৱৰ সৃষ্টি কৰাৰ তথ্য পোহৰলৈ আহিছে ৷ প্ৰাপ্ত তথ্যা অনুসৰি , মঙলবাৰে কেইটামান নগা দুৰ্বৃত্তই চুঙাজান এমভি চাৰিআলিৰ ব্যৱসায়ী সকলৰ পৰা দাবী কৰা ধন নিবলৈ আহিছিল ৷ তেনে সময়তে স্থানীয় ৰাইজে নগা দুৰ্বৃত্ত কেইটাক কৰায়ত্ব কৰিবলৈ চেষ্টা কৰাত নগা দুৰ্বৃত্ত কেইটাই ৰাইজক পিষ্টল দেখুৱাই ভাবুকি দি আঁতৰি যায় ৷

চুঙাজানত দিন দুপৰতে নগা দুৰ্বৃত্তৰ ব্যৱসায়ীক ধন দাবী !

উল্লেখ্য যে, সোমবাৰেও নগা দুৰ্বৃত্তই উক্ত অঞ্চললৈ আহি এজন যুৱ ব্যৱসায়ীক ধন নিদিয়াৰ বাবে প্ৰহাৰ কৰিছিল ৷ ইপিনে অঞ্চলটোৰ ব্যৱসায়ী সকলক নগা দুৰ্বৃত্তই ধন দাবী কৰি আহিছে যদিও, চিআৰপিএফ আৰু ধনশিৰি মহকুমা প্ৰশাসনে , ৰাইজক নিৰাপত্তা দিয়াত সম্পূৰ্ণ ৰূপে ব্যৰ্থ হৈছে বুলি স্থানীয় ৰাইজে জানিবলৈ দিয়ে ৷ ঘটনা সংঘটিত হোৱা কিছু নিলগতে চিআৰপিএফৰ শিৱিৰ আছে যদিও, তেওঁলোকক খবৰ দিয়াৰ পাচতো কোনো এজন চিআৰপিএফৰ লোক শিৱিৰৰ পৰা ওলাই নাহিল বুলি বিভিন্ন জনে অভিযোগ উত্থাপন কৰিছে | তদুপৰি ঘটনাস্থলীত চুঙাজান আৰক্ষী পলমকৈ উপস্থিত হৈ যদিও, দুৰ্বৃত্তই সেই সময়লৈ পলাই যাবলৈ সক্ষম হয় ৷ এতিয়া এক প্ৰকাৰৰ নিৰাপত্তাহীনতাত ভুগা সীমান্তবাসীক নিৰাপত্তা কোনে দিব , ইয়াকলৈ এতিয়া সচেতন মহলৰ মাজত প্ৰশ্ন উত্থাপিত হৈছে ৷

Intro:ধনশিৰি মহকুমাৰ সীমান্তৰ চুঙাজানত দিন দুপৰতে নগা দুৰ্বৃত্তই ব্যৱসায়ীক ধন দাবী কৰি তাণ্ডৱৰ সৃষ্টি কৰে | প্ৰাপ্ত বাতৰি মতে,মঙ্গলবাৰে দিনৰ ভাগত দুটামান নগা দুৰ্বৃত্তই চুঙাজান এম ভি চাৰি আলিৰ ব্যৱসায়ী সকলৰ পৰা দাবী কৰা ধন নিবলৈ আহোতে স্হানীয় ৰাইজে নগা দুৰ্বৃত্তৰ কৰায়ত্ব কৰিবলৈ চেষ্টা কৰোটে পলায়ন কৰে আৰু কিছু দূৰ যোৱাৰ পাচত তেওঁ লগত নিয়া এটা মোনাৰ পৰা সকলোয়ে দেখাকৈ পিষ্টল উলিয়াই ৰাইজক ভাবুকি দি আঁতৰি যায় |
Body:উল্লেখ্য যে, নগা দুৰ্বৃত্তই সেই অঞ্চললৈ সোমবাৰেও আহি এজন যুৱ ব্যৱসায়ীক ধন নিদিয়াৰ বাবে প্ৰহাৰ কৰিছিল | তদুপৰি উক্ত অঞ্চলৰ ব্যৱসায়ী সকলক নগা দুৰ্বৃত্তই ধন দাবী কৰি আহিছে যদিও নিৰাপত্তা দিয়াত সম্পূৰ্ণৰূপে ব্যৰ্থ চিআৰপিএফ আৰু ধনশিৰি মহকুমা প্ৰশাসন ব্যৰ্থ হৈছে বুলি স্থানীয় ৰাইজে জানিবলৈ দিয়ে | অসম আৰু নগালেণ্ডৰ সীমা মূৰীয়া হোৱাৰ হেতু তাত দুই ৰাজ্যৰ নিৰপেক্ষ বাহিনী হিচাপে চিআৰপিএফক দায়িত্ব দিয়া আছে যদিও ঘটনা সংঘটিত হোৱা কিছু নিলগতে চিআৰপিএফৰ শিৱিৰ আছে যদিও তেওঁলোকক খবৰ দিয়াৰ পাচতো শিৱিৰৰ পৰা ওলাই নাহিল বুলি বিভিন্ন জনে অভিযোগ উত্থাপন কৰিছে | তদুপৰি,দেৰিকৈ চুঙাজান আৰক্ষী তাত উপস্হিত হয়গৈ যদিও দুৰ্বৃত্ত পলাই নিৰাপদ স্হান পায়গৈ | এক প্ৰকাৰ নিৰাপত্তা হীনতাত ভোগা সীমান্তবাসীক নিৰাপত্তা কোনে দিব ,সেয়া এতিয়া লাখ টকীয়া প্ৰশ্ন হৈছে |Conclusion:Byte :- স্থানীয় যুৱক
Byte :- নগা যুৱক

সৰুপথাৰৰ পৰা দেৱাশীষ শৰ্মাৰ ৰিপৰ্ট ETV BHARAT অসম

ABOUT THE AUTHOR

...view details