অসম

assam

১ অক্টোবৰৰ পৰা পৰ্যটকৰ বাবে মুকলি হ'ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান

By

Published : Sep 22, 2021, 7:28 PM IST

himanta biswa sarma
হিমন্ত বিশ্ব শৰ্মা ()

১ অক্টোবৰৰ পৰা স্বাভাৱিক হৈ পৰিব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ৷ 1 অক্টোবৰৰ পৰাই কাজিৰঙাক পৰ্যটকৰ বাবে মুকলি কৰি দিয়াৰ পৰিকল্পনা ৰাজ্য চৰকাৰৰ ৷ ইয়াৰ সমান্তৰালকৈ ৰাজ্যৰ অন্যান্য পৰ্যটন থলীসমূহকো পৰ্যটকৰ বাবে মুকলি কৰি দিয়াৰ কথা ভাৱিছে অসম চৰকাৰে ৷

গোলাঘাট , 22 ছেপ্টেম্বৰ :1 অক্টোবৰৰ পৰা কাজিৰঙাৰ পৰিস্থিতি সম্পূৰ্ণৰূপে স্বাভাৱিক হৈ পৰিব লগতে পৰ্যটকৰ বাবেও ৰাষ্ট্ৰীয় উদ্যানখন মুকলি কৰি দিয়া হ'ব ৷ ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই বুধবাৰে সংবাদ মাধ্যমক এই কথা জানিবলৈ দিয়ে ৷ বিশ্ব গঁড় দিৱসৰ দিনটোত বোকাখাতত উপস্থিত হৈ গঁড়ৰ খৰ্গ দাহ অনুষ্ঠানত অংশ লোৱাৰ পাচত মুখ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে যে, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সমান্তৰালকৈ ৰাজ্যৰ অন্যান্য পৰ্যটনথলীসমূহ মুকলি কৰাৰ বাবে ৰাজ্য চৰকাৰে পৰিকল্পনা কৰিছে ৷

মূলতঃ ক'ভিডসৃষ্ট পৰিৱেশৰ ফলত পৰ্যটনক্ষেত্ৰৰ সৈতে জড়িত লোকসকল যথেষ্ট ক্ষতিৰ সন্মুখীন হৈছে বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে ৰাজ্যৰ অন্য প্ৰান্তসমূহো সম্পূৰ্ণৰূপে খুলি দিয়া হ'ব ৷ অৱশ্যে কোনো কোনো ঠাইত কিছু পৰিমাণে বাধা থাকিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে ৷ বিশেষকৈ সভা-সমিতি তথা তেনে ধৰণৰ অনুষ্ঠানসমূহত নিৰ্দিষ্টসংখ্যক লোকৰ উপস্থিতিৰ অনুমতি আদিৰ দৰে নিৰ্দেশনাসমূহে ৰাইজে মানি চলিব লাগিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে ৷

সকলোকে প্ৰথমটো প্ৰতিষেধক গ্ৰহণ কৰাৰ আহ্বান জনাই ড৹ শৰ্মাই কয় যে, সকলোৱে যদি ভেকচিন গ্ৰহণ কৰে বা সকলো লোকে প্ৰথমপালি প্ৰতিষেধক গ্ৰহণ কৰিলে সকলোখিনি সোনকালে খুলি দিয়াৰ বিবেচনা কৰিব পাৰি ৷

উল্লেখ্য যে, বুধবাৰে বোকাখাতত সম্পূৰ্ণ বৈদিক পৰম্পৰাৰে গঁড়ৰ খৰ্গ দাহ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ অসমৰ ৭ টা জ’নৰ কোষাগাৰত সংৰক্ষণ কৰি ৰখা মুঠ 2,623 টা গঁড়ৰ খৰ্গৰ ভিতৰত 2,479 টা গঁড়ৰ খৰ্গ দাহ কৰা হয় ৷ নগাঁও, মৰিগাঁও, গোলাঘাট, বোকাখাত, কাজিৰঙা, বিশ্বনাথ আদিৰ পৰা অনা গঁড়ৰ খৰ্গসমূহ আনি মজুত কৰি বোকাখাত ৰাজহুৱা খেলপথাৰত দাহ কৰা হয় ৷

লগতে পঢ়ক :বিজেপিয়ে হিন্দুত্ববাদক প্ৰাধান্য দিবলৈ গৈ হিন্দু ধৰ্মৰ অনিষ্ট কৰিছে : দেৱব্ৰত শইকীয়া

ABOUT THE AUTHOR

...view details