অসম

assam

পুনৰ অসমৰ ভূমিত পুনৰ নগাৰ আগ্ৰাসন

By

Published : Nov 28, 2019, 3:07 PM IST

অসমৰ ভৌগোলিক চাৰিসীমাৰ ভিতৰত থকা নগা গাওঁ সমূহলৈ যোৱা পথৰ সন্মূখত নগা সকলে স্থাপন কৰিছে নগা গাঁৱৰ ফলকসমূহ ৷  তোৰণ সমূহত স্পষ্টকৈ লিখা আছে 'নিখেখে গাঁও, নাগালেণ্ড' বুলি ৷

Assam-Nagaland boarder area eviction by Naga pepole
পুনৰ অসমৰ ভূমিত চুবুৰীয়া নগাৰ আগ্ৰাসন

গোলাঘাট,28 নৱেম্বৰ:গোলাঘাট জিলাৰ সৰুপথাৰৰ অসম নাগালেণ্ড সীমান্তত অব্যাহত আছে অসমৰ ভূমিত নগাৰ আগ্ৰাসন ৷ চি আৰ পি এফ বাহিনীৰ চকুৰ সন্মুখতে অসমৰ মাটি বেদখল কৰি নগাই স্থাপন কৰিছে নগা গাঁৱৰ ফলক ৷ সৰুপথাৰৰ বি চেক্টৰৰ চুঙাজান নখুটিৰ ১৫৫ নং চি আৰ পি এফ বেটেলিয়ান কেম্পৰ সমীপতে নগাসকলে অসমৰ মাটিত পুনৰ কূটনীতিৰে নগাসকলৰ গাওঁ স্থাপন কৰিবলৈ ন ন কৌশল অৱলম্বন কৰি আহিছে ৷ প্ৰায় ৩০ বছৰ আগৰে পৰা থকা অসমীয়া গাঁৱত কিছু দিন পূৰ্বে নগা গাঁৱৰ ফলক লগোৱাকলৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে স্থানীয় লোক তথা দল সংগঠনে ৷ অৱশ্যে নগাৰ এই অবৈধ কাৰ্যত বাধা প্ৰদান কৰিছে বিবাদমান সীমান্তৱৰ্তী এলেকাৰ নিৰাপত্তাৰ দায়িত্বত নিৰপেক্ষ বাহিনী হিচাপে নিয়োজিত চি আৰ পি এফ তথা চুঙাজান আৰক্ষীয়ে ৷ কিন্ত সীমান্তৱৰ্তী এলেকাটোৰ বিভিন্ন স্থানত এতিয়াও নগা লোকে নিৰ্মাণ কৰি থৈছে তোৰণ ৷

পুনৰ অসমৰ ভূমিত চুবুৰীয়া নগাৰ আগ্ৰাসন

উল্লখ্য যে, অসমৰ ভৌগোলিক চাৰিসীমাৰ ভিতৰত থকা নগা গাওঁ সমূহলৈ যোৱা পথৰ সন্মূখত নগা সকলে স্থাপন কৰিছে নগা গাঁৱৰ ফলকসমূহ ৷ তোৰণ সমূহত স্পষ্টকৈ লিখা আছে 'নিখেখে গাঁও, নাগালেণ্ড' বুলি ৷ গতিকে অসমৰ মাটিত নগাৰ এনে আগ্ৰাসী কাৰ্য-কলাপে সংকিত কৰিছে সীমান্তবাসীক ৷ ভাবুকি আহিছে ৰাজ্যখনৰ ভৌগলিক অখণ্ডতাৰ প্ৰতি ৷ নগাৰ এনে কাৰ্যত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ লগতে ১৯৭৯ চনৰ কথা মনত পেলাই দি নগা সকলক সকীয়নী প্ৰদান কৰিলে সীমান্তবাসীয়ে ৷

লগতে পঢ়ক:গোলাঘাটত পুনৰ গ্ৰেপ্তাৰ হ'ল দুজন ড্ৰাগছ সৰবৰাহকাৰী

Intro:গোলাঘাট জিলাৰ সৰুপথাৰৰ অসম নগালেণ্ড সীমান্ত অব্যাহত আছে অসমৰ ভুমিত নগাৰ আগ্ৰাসন ৷ চি আৰ পি এফ বাহিনীৰ চকুৰ সন্মূখতে অসমৰ মাটি বেদখল কৰি নগাই স্থাপন কৰিছে নগা গাওঁৰ ফলক ৷ Body:সৰুপথাৰৰ বি চেক্টৰৰ চুঙাজান নখুটিৰ ১৫৫ নং চি আৰ পি এফ বেটেলিয়ান কেম্পৰ সমীপতে নগাসকলে অসমৰ মাটিত পুনৰ কূটনীতিৰে নগাসকলৰ গাওঁ স্থাপন কৰিবলৈ ন ন কৌশল অবলম্বন কৰি আহিছে৷ প্ৰায় ৩০ বছৰ আগৰে পৰা থকা অসমীয়া গাওঁত কিছু দিন পুৰ্বেও নগাৰ গাওঁৰ ফলক লগোৱাত তীব্র প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে স্থানীয় লোক তথা দল সংগঠনে ৷ কিন্তু নগাৰ এই অবৈধ কাৰ্য্যত বাধা প্ৰদান কৰিছে নিৰপেক্ষ বাহিনী হিচাপে বিবদমান সীমান্তৱৰ্তী এলেকাৰ নিৰাপত্তাৰ দায়িত্বত নিয়োজিত চি আৰ পি এফ তথা চুঙাজান আৰক্ষীয়ে ৷



ইপিনে সীমান্তৱৰ্তী এলেকাটোৰ বিভিন্ন স্থানত এতিয়াও নগাই নিৰ্মান কৰি থৈছে তোৰণ ৷ অসমৰ ভৌগোলিক চাৰি সীমাৰ ভিতৰত থকা নগা গাওঁ সমূহলৈ যোৱা পথৰ সন্মূখত স্হাপন কৰা হৈছে এই সমূহ ফলক ৷ তোৰণ সমূহত স্পষ্টকৈ লিখা আছে নিখেখে গাওঁ Nagaland বুলি ৷ অসমৰ মাটিত নগাৰ এনে আগ্ৰাসী কাৰ্য্য কলাপে সংকিত কৰিছে সীমান্তবাসীক ৷ ভাবুকী আহিছে ৰাজ্যখনৰ ভৌগলিক অখণ্ডতাৰ প্ৰতি ৷ নগাৰ এনে কাৰ্য্যত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ লগতে ১৯৭৯ চনৰ কথা মনত পেলাই দি নগা সকলক সকীয়নী প্ৰদান কৰিলে সীমান্তবাসীয়ে ৷
Conclusion:Byte:-1 AASU
Byte-1 স্থানীয় বাসিন্দা

সৰুপথাৰৰ পৰা দেৱাশীষ শৰ্মাৰ ৰিপৰ্ট ETV BHARAT অসম

ABOUT THE AUTHOR

...view details