সৰুপথাৰ, ৩০ নৱেম্বৰ: প্ৰেমত ঘূৰিছে ভূ-মণ্ডল, প্ৰেমত ফুলিছে শতদল । প্ৰেমাস্পদক জীৱন সংগী কৰি লোৱাৰ উদ্দেশ্যেৰে সাত সাগৰ তেৰ নদী পাৰ হৈ গোলাঘাটৰ বৰপথাৰ পালেহি ফ্ৰান্সৰ এজন যুৱক । কৰ্মসূত্ৰে দুয়োজন লণ্ডনত থকাৰ সময়তে বন্ধুত্বৰ সম্পৰ্ক গঢ়ি উঠিছিল ফ্ৰান্সৰ ৰবীন আৰু অসমৰ শ্ৰুতিৰ মাজত । লাহে লাহে বন্ধুত্বৰ সম্পৰ্কই প্ৰেমৰ ৰূপ পালে ।
এই মিঠা প্ৰেম কাহিনীক বিবাহৰ স্বীকৃতি দিয়াৰ বাবে ৰবীন আহিছে বৰপথাৰলৈ । বৰপথাৰৰ ডাঃ বিশ্বজিৎ দেৱৰ কন্যা শ্ৰুতিৰ লগত বিয়াত বহিল ৰবীন(French guy married a girl from Assam) । সোমবাৰে নিশা ডাঃ বিশ্বজিৎ দেৱৰ বৰপথাৰ নগৰস্থিত বাসগৃহত হিন্দু ধৰ্মীয় পৰম্পৰাৰে উলহ-মালহেৰে বিবাহ সম্পন্ন হয় (Hindu rituals marriage) শ্ৰুতি আৰু ৰবীনৰ । কৰ্মসূত্ৰে দৰা আৰু কইনা দুয়ো থাকে লণ্ডনত ।
কইনা শ্ৰুতি পেচাত এগৰাকী অধিবক্তা আৰু দৰা ৰবীন এজন চফ্টৱেৰ ইঞ্জিনিয়াৰ । লণ্ডনতে চিনাকী হৈ তিনিবছৰীয়া প্ৰেমৰ অন্তত সোমবাৰে বিবাহপাশত আৱদ্ধ হৈ দাম্পত্য জীৱনৰ পাতনি মেলে শ্ৰুতি আৰু ৰবীনে ।