অসম

assam

কিয় একালৰ আছুৰ একেখন কেন্দ্ৰীয় সমিতিৰ সতীৰ্থই লুৰীণক বুলিলে Flop master ?

By

Published : Dec 27, 2021, 9:09 PM IST

ex-aasu-leader-calls-lurin-flop-master
কিয় একালৰ আছুৰ একেখন কেন্দ্ৰীয় সমিতিৰ সতীৰ্থই লুৰীণক বুলিলে Flop master ?

''লুৰীণজ্যোতি গগৈ হ'ল এজন ফ্লপ মাষ্টাৰ ৷ দীপাংক কুমাৰ নাথ অসমৰ ছাত্ৰ সমাজৰ অভিভাৱক নহয় ৷'' জানো আহক, কিয় এইদৰে মন্তব্য কৰিলে একালৰ আছুৰ এগৰাকী কেন্দ্ৰীয় নেতাই (EX AASU leader calls Lurin Flop master ) ৷

গোলাঘাট, 27 ডিচেম্বৰ :একালৰ আছু নেতা তথা তেতিয়াৰ আছুৰ সাধাৰণ সম্পাদক লুৰীণ জ্যোতি গগৈৰ সৈতে একেখন কেন্দ্ৰীয় সমিতিত সতীৰ্থ হিচাপে কাম কৰা মনোৱাৰ হুছেইন সৰৱ হৈছে সদৌ অসম ছাত্ৰ সন্থাৰ বিৰুদ্ধে ৷ আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক লুৰীণ জ্যোতি গগৈক ফ্লপ মাষ্টাৰ আখ্যা হুছেইনৰ (EX AASU leader calls Lurin Flop master ) ৷ একেদৰে আছুৰ সভাপতি দীপাংক কুমাৰ নাথ অসমৰ ছাত্ৰ সমাজৰ অভিভাৱক নহয় বুলিও মন্তব্য প্ৰাক্তন আছু নেতা তথা বৰ্তমান অগপ নেতা গৰাকীৰ ।

ডিব্ৰু মহাবিদ্যালয়ৰ নিৰ্বাচনক কেন্দ্ৰ কৰি ডিব্ৰুগড়ত সৃষ্টি হোৱা অবাঞ্চিত কাণ্ডৰ(AASU ACP clash in Dibrugarh) বাবে অসম গণ পৰিষদৰ সভাপতি অতুল বৰা আৰু ছাত্ৰ পৰিষদৰ বিষয়ববীয়াক লৈ ছাত্ৰ সন্থাই কৰা মন্তব্যক লৈ সৰৱ হৈছে অসম গণ পৰিষদৰ কাৰ্যনিৰ্বাহক সদস্য মনোৱাৰ হুছেইন । ছাত্ৰ সন্থাৰ সদস্যৰ বয়স আৰু শিক্ষাগত অৰ্হতাকলৈয়ো প্ৰশ্ন মনোৱাৰ হুছেইনৰ (EX AASU leader criticizes the organization) ।

কিয় একালৰ আছুৰ একেখন কেন্দ্ৰীয় সমিতিৰ সতীৰ্থই লুৰীণক বুলিলে Flop master ?

উল্লেখযোগ্য যে, লুৰীণজ্যোতি গগৈ আছুৰ সাধাৰণ সম্পাদক হৈ থাকোতেই তেওঁৰ বিৰুদ্ধাচৰণ কৰি আছু ত্যাগ কৰিছিল হুছেইনে ৷ একালত আছুৰ উদ্যোগতে জন্ম হোৱা প্ৰথমটো আঞ্চলিক ৰাজনৈতিক দল অগপত পৰৱৰ্তী সময়ত যোগদান কৰিছিল মনোৱাৰ হুছেইনে ৷

ইফালে, প্ৰাক্তন আছু নেতা গৰাকীয়ে ছাত্ৰ সন্থাৰ মান-মৰ্যাদা সমাজত বিচলিত নকৰাৰ স্বাৰ্থতেই দীপাংক কুমাৰ নাথ, লুৰীণজ্যোতি গগৈ তথা শংকৰজ্যোতি বৰুৱাৰ বিৰুদ্ধে থকা নানান গোপন অভিযোগ ৰাজহুৱাকৈ ফাদিল কৰা নাই বুলিও বিস্ফোৰক মন্তব্য কৰে । কিন্তু এতিয়াৰ দৰে ছাত্ৰ সন্থাৰ কৰ্ম অক্ষুন্ন থাকিলে পৰৱৰ্তী সময়ত সেইয়া ৰাজহুৱাকৈ ফাদিল কৰাৰো হুংকাৰ প্ৰদান কৰিছে প্ৰাক্তন আছু নেতা তথা অগপৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক গৰাকীয়ে ৷

লগতে পঢ়ক :আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ মিডিয়াম ৱেভ বন্ধ কৰিবলৈ নিদিয়ে আছুৱে

ABOUT THE AUTHOR

...view details