অসম

assam

Elephant Safari in Kaziranga: কাহিলি পুৱাতে কাজিৰঙাত মুকলি হাতী ছাফাৰী

By

Published : Nov 2, 2022, 12:57 PM IST

পুৱা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত মুকলি হ'ল হাতী ছাফাৰী (Elephant Safari opened in Kaziranga National Park)। বন সংমণ্ডল বিষয়া ৰমেশ কুমাৰ গগৈয়ে আনুষ্ঠানিকভাৱে পৰ্যটকৰ বাবে মুকলি কৰে হাতী ছাফাৰী । কহঁৰা বনাঞ্চলত ১০ টা বিভাগীয় হাতীৰে আৰু বাগৰি বনাঞ্চলত ২৫ টা ব্যক্তিগত হাতীৰে প্ৰাথমিক পৰ্যায়ত মুকলি কৰা হৈছে হাতী ছাফাৰী ।

Elephant Safari in Kaziranga
কাহিলি পুৱাতে কাজিৰঙাত মুকলি হাতী ছাফাৰী

কাজিৰঙা,২ নৱেম্বৰ :কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত অৱশেষত মুকলি হ'ল হাতী ছাফাৰী (Elephant Safari opened in Kaziranga National Park)। কাহিলি পুৱাতে কহঁৰাৰ মিহিমুখ এলিফেন্ট টাৱাৰত মুকলি কৰা হ'ল হাতী ছাফাৰীৰ । বন সংমণ্ডল বিষয়া ৰমেশ কুমাৰ গগৈয়ে আনুষ্ঠানিকভাৱে পৰ্যটকৰ বাবে মুকলি কৰে এই হাতী ছাফাৰী । কাহিলি পুৱাতে পৰম্পৰাগত হস্তী পূজাৰ পাছতে হাতী ছাফাৰী মুকলি কৰে বন সংমণ্ডল বিষয়া গগৈয়ে ৷

জানিব পৰা মতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কহঁৰা বনাঞ্চলত ১০ টা বিভাগীয় হাতীৰে আৰু বাগৰি বনাঞ্চলত ২৫ টা ব্যক্তিগত হাতীৰে প্ৰাথমিক পৰ্যায়ত মুকলি কৰা হৈছে হাতী ছাফাৰী (Elephant Safari in Kaziranga) ৷ পৰৱৰ্তী সময়ত পৰ্যটকৰ চাহিদা অনুসৰি হাতী ছাফাৰীৰ বাবে হাতীৰ সংখ্যা বৃদ্ধি কৰা হ'ব বুলিও জনাইছে বন সংমণ্ডল বিষয়াগৰাকীয়ে ।

কাহিলি পুৱাতে কাজিৰঙাত মুকলি হাতী ছাফাৰী
হাতী ছাফাৰী মুকলিৰ প্ৰথমটো দিনতে ছুইজাৰলেণ্ড আৰু আমেৰিকাৰ ৫ গৰাকী বিদেশী পৰ্যটকসহ মুঠ অৰ্ধ শতাধিক পৰ্যটকে হাতী ছাফাৰীৰ আনন্দ লয় ।

লক্ষণীয়ভাৱে প্ৰতিবছৰে ১ নৱেম্বৰৰ পৰা কাজিৰঙাত হাতী ছাফাৰী মুকলি কৰা হয় । কিন্তু এইবছৰ কিছু কাৰিকৰী অসুবিধাৰ বাবে এদিন পিছত অৰ্থাৎ ২ নৱেম্বৰৰ পৰা হাতী ছাফাৰী মুকলি কৰা হৈছে ।

উল্লেখ্য যে যোৱা ২ অক্টোবৰত পৰ্যটকৰ বাবে মুকলি কৰা হৈছিল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান (Kaziranga National Park opened for tourist) ৷ মুকলিৰ পাছতে উদ্যানৰ কহঁৰা আৰু বাগৰি বনাঞ্চলত কেৱল জীপ ছাফাৰীহে পৰ্যটকৰ বাবে মুকলি কৰা হৈছিল । কিন্তু হাতী ছাফাৰী মুকলিৰ লগে লগে কাজিৰঙালৈ আৰু অধিক পৰ্যটকৰ আগমন হ'ব বুলি আশাবাদী ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ ।

উল্লেখ্য যে প্ৰতি বছৰে জীপ ছাফাৰীৰ সমান্তৰালকৈ হাতী ছাফাৰীও কৰে হাজাৰ হাজাৰ পৰ্যটকে । হাতী ছাফাৰীৰ জৰিয়তে যথেষ্ট পৰিমাণে অৰ্থ সংগ্ৰহ কৰে ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই । কিয়নো বহু পৰ্যটকৰ প্ৰথম পচন্দ হয় হাতী ছাফাৰী । দেশৰ লগতে বিদেশী পৰ্যটকেও হাতী ছাফাৰীৰ জৰিয়তে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ভ্ৰমণ কৰে ।

লগতে পঢ়ক :Elephant safari in Kaziranga: দুই নৱেম্বৰত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পৰ্যটকৰ বাবে মুকলি হ’ব হাতী ছাফাৰী

ABOUT THE AUTHOR

...view details