অসম

assam

Flood in Assam : গোৱালপাৰাত ভদীয়া বানৰ তাণ্ডৱ; মূৰে-কপালে হাত দিছে চহা খেতিয়কে; নিৰ্বিকাৰ ভূমিকাত জিলা প্ৰশাসন

By ETV Bharat Assamese Team

Published : Sep 2, 2023, 1:19 PM IST

Updated : Sep 2, 2023, 2:28 PM IST

গোৱালপাৰাত ভদীয়া বানৰ তাণ্ডৱ । ভদীয়া বানৰ কৱলত জলেশ্বৰ সমষ্টিৰ বিভিন্ন অঞ্চল । পানীৰ তলত শিক্ষানুষ্ঠান, ঘৰবাৰীকে ধৰি কৃষকসকলৰ খেতিপথাৰ । ভ্ৰূক্ষেপ নাই জিলা প্ৰশাসনৰ । ক্ষতিপূৰণৰ দাবী কৃষকৰ ।

floods in Goalpara deteriorating day by day
গোৱালপাৰাত ভদিয়া বানৰ তাণ্ডৱ

গোৱালপাৰাত ভদিয়া বানৰ তাণ্ডৱ

গোৱালপাৰা, 2 ছেপ্টেম্বৰ: ৰাজ্যৰ বিভিন্ন প্ৰান্তত বৰ্তমান অব্যাহত আছে বানৰ তাণ্ডৱ । বানত সৰ্বাতোকৈ ক্ষতিগ্ৰস্থ হৈছে ৰাজ্যৰ চহা খেতিয়কসকল ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ গোৱালপাৰা জিলাৰ জলেশ্বৰতো এতিয়া অপৰিৱৰ্তিত হৈ পৰিছে বান পৰিস্থিতি । গোৱালপাৰাত ভদীয়া বানে পৰিগ্ৰহ কৰিছে সংহাৰী ৰূপ । ভদীয়া বানৰ কৱলত পৰিছে জিলাখনৰ জলেশ্বৰ সমষ্টিৰ বিভিন্ন অঞ্চল । পানীৰ তলত শিক্ষানুষ্ঠান, ঘৰবাৰীকে ধৰি কৃষকৰ খেতিপথাৰ ৷

সম্প্ৰতি বানৰ কবলত পৰিছে জলেশ্বৰৰ হলধিবাৰি অঞ্চলৰ প্ৰায় দুই হাজাৰ বিঘা শালি ধানৰ খেতি । ভদীয়া বানে খেতিপথাৰৰ ফচল নষ্ট কৰি পেলোৱাত কৃষকৰ মাজত এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে । ভদীয়া বানে এফালৰ পৰা বুৰাই পেলাইছে জলেশ্বৰৰ বিভিন্ন অঞ্চলৰ হাজাৰ হাজাৰ লোকৰ বাসগৃহ, শিক্ষা প্ৰতিষ্ঠানৰ লগতে হেক্টৰে হেক্টৰে কৃষি ভূমি ।

বছৰটোৰ তৃতীয়টো বানৰ কৱলত পৰিছে জলেশ্বৰ সমষ্টিৰ ধুমেৰঘাট, হলধীবাৰি, গোলকেৰপাম, কৰতিমাৰি, মৰিছবাৰি ৰিজাৰ্ভকে ধৰি বিস্তীৰ্ণ অঞ্চল ।খেতিপথাৰসমূহ ব্ৰহ্মপুত্ৰৰ বলীয়া বানে ধুই নিয়াৰ ফলত কৃষকৰ সপোনৰ ফচলসমূহ সম্পূৰ্ণ ৰূপে নষ্ট হৈ পৰিছে । ইপিনে, কৃষকৰ কষ্টৰ ফলত শস্য-শ্যামলা পথাৰসমূহ বানত ডুব যোৱাত চহা কৃষকে মূৰে কপালে হাত দিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে । বৰ্তমানেও অঞ্চলটোত পানী বাঢ়িয়েই আছে বুলি জনায় কৃষকৰসকলে ৷

উল্লেখ কৰাটো প্ৰয়োজন যে, জিলাখনৰ বৃহত্তৰ জলেশ্বৰ সমষ্টিৰ ৰাইজ মূলতে কৃষিৰ ওপৰত নিৰ্ভৰশীল । কৃষকসকলৰ খেতি-বাতিৰ বিস্তৰ ক্ষতি হোৱাত ভুক্তভোগী কৃষকসকলে উপায়ন্তৰ হৈ চৰকাৰৰ ওচৰত ক্ষতিপূৰণৰ বাবে দাবী জনায় ।

লগতে পঢ়ক: Money laundering : কোটি টকা সৰকোৱাৰ অভিযোগত তিনিচুকীয়াত আটক এজন

Last Updated :Sep 2, 2023, 2:28 PM IST

ABOUT THE AUTHOR

...view details