অসম

assam

চৰকাৰী কাৰ্যালয়ত পচিছে কোটি টকাৰ চৰকাৰী সামগ্ৰী

By

Published : Sep 23, 2021, 4:50 PM IST

corruption at Sub Divisional Welfare Office in goalpara

গোৱালপাৰা মহকুমা কল্যাণ বিষয়াৰ কাৰ্যালয়ত পচিবলৈ ধৰিছে কোটি কোটি টকাৰ সামগ্ৰী । হিতাধিকাৰীৰ মাজত চৰকাৰী সামগ্ৰী বিতৰণ নকৰাত এনেদৰেই পচিবলৈ ধৰিছে কোটি টকাৰ চৰকাৰী সামগ্ৰী । চাওক সবিশেষ...

গোৱালপাৰা, 23 ছেপ্তেম্বৰ : গোৱালপাৰা মহকুমা কল্যাণ বিষয়াৰ কাৰ্যালয়তে পচিবলৈ ধৰিছে কোটি কোটি টকাৰ সামগ্ৰী । হিতাধিকাৰীৰ মাজত চৰকাৰী সামগ্ৰী বিতৰণ নকৰাত পচিবলৈ ধৰিছে কোটি টকাৰ চৰকাৰী সামগ্ৰী । চৰকাৰী বিষয়া আৰু মহকুমা প্ৰশাসনৰ অমনোযোগিতাৰ বাবেই বিগত এটা বছৰে গুদামত পচিবলৈ ধৰিছে সাৰ, বীজ, স্প্ৰে-মেচিন, ছাত্ৰ-ছাত্ৰীৰ ইউনিফৰ্ম, স্কুল বেগ আৰু টিনপাত আদি সামগ্ৰী ।

চৰকাৰী কাৰ্যালয়ত পচিছে কোটি টকাৰ চৰকাৰী সামগ্ৰী

ৰাজ্যৰ অনুসূচীত জাতি-জনজাতিৰ লোকসকলৰ বাবে বহু কোটি টকাৰ এই সামগ্ৰী সমূহ প্ৰদানৰ বাবে চৰকাৰে দিছিল অনুমোদন । কিন্তু সামগ্ৰী সমূহ নাপালেগৈ হিতাধিকাৰীৰ কাষ ৷ সামগ্ৰী সমূহ বিতৰণ নকৰাৰ ফলত কাৰ্যালয়তে এতিয়া পচিবলৈ ধৰিছে । একাংশৰ অভিযোগ, অনুসূচীত জাতি ব’ৰ্ডৰ অধ্যক্ষ ৰজত কমল দাসৰ লগতে কাৰ্যালয়টোৰ বিষয়া কৰ্মচাৰীৰ লগত হিতাধিকাৰীসকলৰ লেনেদেনৰ অংক নিমিলাৰ বাবেই হিতাধিকাৰী সকল বঞ্চিত হ’ব লগা হৈছে চৰকাৰী সাহায্য সামগ্ৰীৰ পৰা ।

লগতে পঢ়ক:বিগত 6 বছৰত ৰাজ্যবাসীৰ ওপৰত বৃদ্ধি পোৱা ঋণৰ বোজাৰ বিৱৰণ...

ইপিনে দায়িত্বত থকা অনুসূচীত জাতি ব’ৰ্ডৰ অধ্যক্ষ ৰজত কমল দাসে সামগ্ৰী সমূহ সোনকালে হিতাধিকাৰীৰ মাজত বিতৰণ কৰা হ’ব বুলি সাংবাদিকৰ আগত উল্লেখ কৰে । লগতে পূৰ্বৰ অধ্যক্ষজনৰ ভুলৰ বাবেই হিতাধিকাৰীয়ে এই সমূহ সামগ্ৰীৰ পৰা বঞ্চিত হৈ থাকিব লগা হ’ল বুলি উল্লেখ কৰে ব’ৰ্ডৰ অধ্যক্ষ গৰাকীয়ে । কিন্তু অধ্যক্ষ গৰাকীৰ এই ভাষ্যৰ বিপৰীতে ৰাইজৰ অভিযোগ, অনুসূচীত জাতি-জনজাতিৰ বাবে অহা সামগ্ৰী সমূহ হিতাধিকাৰীয়ে পাবলৈ হ’লে দিব লাগে উৎকোচ ।

হিতাধিকাৰীয়ে বিষয়সকলক উৎকোচ নিদিলে বঞ্চিত হ’ব লগা হয় এই চৰকাৰী সামগ্ৰীৰ পৰা । অনুসূচীত জাতি ব’ৰ্ডৰ অধ্যক্ষগৰাকী আৰু মহকুমা প্ৰশাসনৰ দায়িত্বহীনতাৰ বাবে মহকুমা কল্যাণ বিষয়া কাৰ্যালয়ৰ কাষতে থকা ড৹ বি আৰ আম্বেদকাৰ ভৱনটোও এতিয়া পৰিণত হৈছে গুদাম ঘৰলৈ । এই লৈ ৰাইজৰ প্ৰশ্ন, কিহৰ স্বাৰ্থত হিতাধিকাৰীৰ বাবে অহা কোটি কোটি টকাৰ চৰকাৰী এই সমূহ সামগ্ৰীৰ পৰা বঞ্চিত হ’ব লগা হৈছে হিতাধিকাৰী ।

চৰকাৰী সাহাৰ্য সামগ্ৰী যোগানৰ নামত হোৱা এই কেলেংকাৰী উন্মোচন কৰি দোষীক উপযুক্ত শাস্তি প্ৰদানৰ লগতে হিতাধিকাৰীসকলৰ প্ৰাপ্য চৰকাৰী সাহাৰ্য সামগ্ৰী যোগানৰ দাবী তুলিছে সকলোৱে ৷

লগতে পঢ়ক:লখিমপুৰত মুণ্ডন কৰি বৃহৎ নদীবান্ধৰ বিৰুদ্ধে প্ৰতিবাদ অসমীয়া যুৱ মঞ্চৰ

ABOUT THE AUTHOR

...view details